অসমৰ ইতিহাস -সংস্কৃতি আৰু জাতিগঠন প্ৰক্ৰিয়াৰ এক চমু অৱলোকন

0 2,125

পঙ্কজ বৰুৱা

উত্তৰ-পূব ভাৰতৰ চাৰিওফালে পৰ্বত পাহাৰে আগুৰি থকা ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক লৈ গঠিত ভূখণ্ডই হ’ল অসম । অসমত অতি প্ৰাচীন কালৰে পৰা মানুহৰ বসতি আছিল । এসময়ত এই ভূমিতে গঢ়লৈ উঠিছিল প্ৰাগজ্যোতিষপুৰ বা কামৰূপ ৰাজ্য । বৰ্তমান অসম বুলিলে আমি ধুবুৰীৰ পৰা শদিয়ালৈ আৰু দক্ষিণ পশ্চিমে কাছাৰলৈকে বুজো । প্ৰাচীন প্ৰাগজ্যোতিষপুৰ,কামৰূপ, কমতা আদি নামেৰে পৰিচিত আৰু আজিৰ অসমৰ যথেষ্ট পাৰ্থক্য আছে । প্ৰাচীন সভ্যতাৰ ওপৰত নিৰ্ভৰ কৰিয়েহে অসমত সভ্যতাৰ ক্ৰমবিকাশ ঘটি আজিৰ ৰূপ পাইছেহি । প্ৰাচীন চীনৰ ছাওথিয়াছ নামৰ প্ৰবজনকাৰী জাতিৰ এটা অংশই এই ঠাইলৈ আহি বসবাস কৰাৰ পাছত প্ৰাগঝুথিচ নামেৰে জনাজাত হয় আৰু তেওঁলোকৰ নামানুসাৰে এই ভূখণ্ডৰ নাম প্ৰাগজ্যোতিষ হয়গৈ । ড° বাণীকান্ত কাকতীৰ মতে অষ্ট্ৰীক ভাষাৰ শব্দ প্ৰাগজ্যোতিষৰ অৰ্থ পাহাৰীয়া অঞ্চল যাৰ পৰা প্ৰাগজ্যোতিষপুৰ হ’ল বুলি ক’ব খোজে । কোনো কোনো পণ্ডিতে এই ভূখণ্ডক প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ বুলিও ক’ব খোজে । এই ভূভাগৰ নাম কামৰূপ বুলিও কোৱা হয় পৌৰাণিক আখ্যান মতে কামদেৱ অভিশাপৰ ফলত ভষ্মীভূত হয় আৰু তেওঁৰ পত্নী ৰতীৰ প্ৰাৰ্থনাৰ বলত এই ঠাইতে পুনৰ মানৱীয় ৰূপ পায় যাৰ বাবে এই ঠাইৰ নাম কামৰূপ হয় বুলি কোৱা হয় । ড° বাণীকান্ত কাকতীৰ মতে চাওতালী ভাষাৰ নিম্নখাপৰ দেৱতা বুজোৱা কামৰু বা কামৰুট শব্দৰ পৰা কামৰূপ শব্দ উৎপত্তি হ’ব পাৰে ।
ব্ৰহ্মপুত্ৰ উপত্যকাত ছশ বছৰৰ অধিক কাল আহোম সকলে এই ভূমিত ৰাজত্ব কৰে আৰু তেওঁলোকৰ নামানুসাৰে প্ৰায় ১৫/১৬ শতিকা মানৰ পৰা তেওঁলোকৰ ৰাজত্ব কৰা অঞ্চলটোক অসম নামেৰে পৰিচিত হয় । এই অসমেই হ’ল বৰ্তমান উত্তৰ-পূব ভাৰতৰ প্ৰধান ৰাজ্য ।

অসমৰ ইতিহাস বুলিলে খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মানৰ পৰাহে বিভিন্ন সমল পোৱা যায় ইয়াৰ আগৰ বুৰঞ্জীৰ বিষয়ে বিশেষ একো জনা নাযায় । আদিতে অসমত জনগোষ্ঠীয় ৰজা সমুহে শাসন কৰিছিল । কিংবদন্তী অনুসৰি কমৰূপৰ প্ৰথম ৰজা আছিল মহীৰংগ দানৱ । এওঁৰ পাছত ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ,ৰম্ভাসুৰ,মটকাসুৰ,নৰকাসুৰ, ভগদত্ত, পুষ্পদত্ত, বজ্ৰদত্ত, আদি ৰজা হয় মুঠতে ১৯ পুৰুষলৈকে প্ৰাজজ্যোতিষপুৰত ৰাজত্ব কৰে । প্ৰাচীন কালত প্ৰাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত ডবকা, কদলি, মণিপুৰ, হিড়িম্বা, আৰু ত্ৰিপুৰা নামৰ কেইখনমান ৰাজ্য থকাৰ প্ৰমাণ পোৱা যায় । আন এজন পৌৰাণিক ৰজা হ’ল কৌণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মক । সেইদৰে নৰকাসুৰৰ সমসাময়িক ভাবে আন এজন ৰজা আছিল শোণিতপুৰৰ বাণৰজা । প্ৰথম শতিকাৰ পৰা দেৱেশ্বৰ, ধৰ্মপাল, ৰামচন্দ্ৰ, আৰিমত্ত, জোঙালবলহু , শংকৰ , পদ্মনাৰায়ণ , চন্দ্ৰনাৰায়ণ আদি কেইবা জনো ৰজাই এই ভূখণ্ডত শাসন কৰিছিল ।

প্ৰাচীন কামৰূপ ৰাজ্যৰ যি সকল ৰজাৰ বিষয়ে নিৰ্ভৰযোগ্য সমল পোৱা গৈছে সেইসকলৰ ভিতৰত পুষ্যবৰ্মনেই প্ৰথম সেয়ে তেওঁক অসমৰ প্ৰথম ঐতিহাসিক ৰজা বোলা হয় । তেওঁৰ পাছত ক্ৰমে সমুদ্ৰ বৰ্মন, বলবৰ্মন, কল্যাণ বৰ্মন, গণপতি বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন, ভূতি বৰ্মন, চন্দ্ৰমূখ বৰ্মন, স্থিত বৰ্মন, সুস্থিত বৰ্মন আৰু সুপ্ৰতিষ্ঠিত বৰ্মনে কামৰূপ শাসন কৰাৰ পাছত সুপ্ৰতিষ্ঠিত বৰ্মনৰ দ্বীতিয় পুত্ৰ ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা হয় । ভাস্কৰ বৰ্মনে বৰ্মন বংশৰ শ্ৰেষ্ঠ্য ৰজা বুলি কোৱা হয় । ভাস্কৰ বৰ্মনৰ দিনতে ৬৪০খ্ৰীষ্টাব্দত চীনা পৰিব্ৰাজক হিউ এন চাং কামৰূপলৈ আহে আৰু তেওঁৰ গ্ৰন্থ চি-ইউ- কি ত কামৰূপৰ বিষয়ে এক বহুমূলীয়া টোকা লিপিৱদ্ধ কৰে । ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চন প্ৰবৰ্তন কৰিছিল । ভাস্কৰ বৰ্মন অবিবাহিত হোৱাৰ বাবে তেওঁৰ মৃত্যুৰ লগে লগে অনুমানিক ৬৫০ খ্ৰীষ্টাব্দত বৰ্মন বংশৰ ইতি পৰে ।
ভাস্কৰ বৰ্মনৰ উত্তৰধিকাৰী নথকাত কামৰূপৰ সিংহাসনক লৈ যুঁজ বাগৰ আৰম্ভ হয় আৰু শেষত শালস্তম্ভ নামৰ এজন বিষয়াই সিংহাসন অধিকাৰ কৰে আৰু নিজৰ নাম অনুসৰি শালস্তম্ভ নামেৰে এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে । শাস্তম্ভৰ পাছত এই বংশৰ কুৰিজন ৰজাই কামৰূপত ৰাজত্ব কৰে । ত্যাগসিংহ এই বংশৰ শেষ ৰজা আছিল ।
ত্যাগসিংহ অপুত্ৰক হোৱাৰ বাবে শালস্তম্ভ বংশৰে ব্ৰহ্মপাল কামৰূপৰ ৰজা হয় আৰু পালবংশৰ পাতনি মেলে ইয়াৰ পাছত ক্ৰমে ৰত্নপাল, ইন্দ্ৰপাল, গোপাল, হৰ্ষপাল, আৰু ধৰ্মপাল কামৰূপৰ ৰজা হয় । ধৰ্মপালে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে বৰ্তমানৰ উত্তৰ গুৱাহাটীয়ে সম্ভৱত কামৰূপ নগৰ আছিল । ধৰ্মপালৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ জয়পাল কামৰূপৰ ৰজা হয় । জয় পালৰ মৃত্যুতে প্ৰায় ১১৩৮ চনত পাল বংশৰ যৱনিকা পৰে ।
ইয়াৰ পাছত ভিংগদেৱ, বৈদ্যদেৱ,ৰায়ৰদেৱ,উদয়কৰ্ণ, বল্লভদেৱ, পৃথু, আৰু সন্ধ্যা নামৰ কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰে । সন্ধ্যাই কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা নি পশ্চিমৰ কমতাপুৰলৈ তুলি নিয়ে । তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা আৰু ইয়াৰ অধিপতি সকলক কমতেশ্বৰ বা কামেশ্বৰ বুলিবলৈ লয় । সন্ধ্যাৰ পিছত সিন্ধুৰায়, ৰূপনাৰায়ণ, সিংহধ্বজ, প্ৰতাপধ্বজ, ধৰ্মনাৰায়ণ, দুৰ্লভনাৰায়ণ, আৰু ইন্দ্ৰনাৰায়ণ কমতাৰ ৰজা হয় । সম্ভৱত ইন্দ্ৰনাৰায়ণে এই বংশৰ শেষ ৰজা আছিল ।

চতুৰ্দশ শতিকাৰ শেষৰফালে আৰিমত্ত নামৰ এজন ৰজাই গৌড়ত শাসন কৰিছিল । আৰিমত্তৰ পাছত ৰত্নসিংহ, শ্ৰতৰংগ,মৃগাংক নামৰ তিনিজন ৰজাই গৌড়ত শাসন কৰিছিল ।মৃগাংকৰ পাছত ভূঞাসকলৰ নীলধ্বজ নামৰ এজন ভূঞাই গৌড়ৰ সিংহাসন দখল কৰি কমতাত এক নতুন ৰাজবংশৰ পাতনি মেলে ইয়েই খেন বা খান বা শেন বংশ । পঞ্চদশ শতিকাৰ শেষৰ ফালে মোগলৰ আক্ৰমণত কমতা ৰাজ্য ধ্বংস হয় আৰু লগে লগে শেন বংশৰ ৰাজত্বৰ ওৰ পৰে ।

ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত আহোম সকলে শিবসাগৰৰ দক্ষিণ পূবত ৰাজ্য পতাৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি আৰু দিচাংৰ পূবৰ ভূ ভাগত চুতীয়া সকলে ৰাজত্ব কৰিছিল । বীৰ পাল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল প্ৰায় ১১৮৯ খ্ৰীষ্টাব্দত তেওঁ এই ৰাজ্য পাতিছিল । তেওঁৰ পাছত প্ৰায় ১০ জন ৰজাই শদিয়াত ৰাজত্ব কৰে । এই বংশৰ অষ্টম ৰজা আছিল বৰনাৰায়ণ বা ধৰ্মৰজাৰ পুত্ৰৰ নাম আছিল সাধক নাৰায়ণ আৰু কণ্যাৰ নাম আছিল সাধনী । বৃদ্ধ বয়সত বীৰনাৰায়ণে তেওঁৰ জোঁৱায়েক নিতাইক নাবালক সাধক নাৰায়ণক চোৱা চিতা কৰাৰ ভাৰ দিয়ে । ৰজা হৈয়ে নিতায়ে নীতিপাল নাম লয় । তেওঁ অনীতি পৰায়ণ হোৱাত ৰাজ্যত বিশৃংখলতাই দেখা দিয়ে এই সুযোগতে আহোম ৰজা চুহুংমুং বা দিহিঙিয়া ৰজাই চুতীয়া ৰাজ্য অধিকাৰ কৰে । এই যুদ্ধতে নীতিপালে পত্নী সাধনী সহিতে আত্ম হত্যা কৰে ।
মোগলৰ হাতত ধ্বংস হোৱা কমতা ৰাজ্যতে ষষ্ঠদশ শতিকাৰ আগভাগত বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে প্ৰায় ১৫১৫ চনত । বিশ্ব সিংহৰ পাছত মল্লদেৱে নৰনাৰায়ণ নাম লৈ সিংহাসনত উঠে আৰু তেওঁৰ ভায়েক শুক্লধ্বজক সেনাপতি পাতে । এই শুক্লধ্বজে অসম বুৰঞ্জীত চিলাৰায় নামে বিখ্যাত । নৰনাৰায়ণৰ মৃত্যুৰ পাছত লক্ষীনাৰায়ণ কোচবিহাৰৰ ৰজা হয় যদিও গৃহকন্দলৰ ফলত ১৬১৫ চনত কোচৰাজ্য মোগলৰ অধীন হয় ।
ত্ৰয়োদশ শতিকাৰ আগভাগতে দিখৌৰ পৰা কলঙলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এখন কছাৰী ৰাজ্য আছিল । পঞ্চদশ শতিকাৰ শেষৰ ফালে আহোমৰ ৰাজ্য বিস্তাৰৰ ফলত কছাৰী সকলে ৰাজ্য হিড়িম্বাপুৰ বৰ্তমানৰ ডিমাপুৰ সহ ৰাজ্যৰ বহু অংশ আহোমসকলক এৰি দিব লগীয়া হয় । কছাৰী সকলে ৰাজ্য উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও ই সফল ন’হ’ল আৰু ১৮৩০ চনত কছাৰী ৰাজ্যৰ বেলি মাৰ যায় ।
জয়ন্তীয়া পাহাৰ আৰু তাৰ দক্ষিণৰ সমতল ভাগত জয়ন্তীয়া সকলে শাসন কৰিছিল । আহোমৰ লগত সু সম্পৰ্ক ৰাখি আনকি মোগল সকলৰ লগত আহোমৰ যুদ্ধত আহোম সকলক সৈন্য সামান্ত দি সহায় কৰিছিল । পঞ্চদশ শতিকাত প্ৰতিষ্ঠা হোৱা জয়ন্তীয়া ৰাজ্য চিলাৰায়ে আক্ৰমণ কৰি কোচ ৰাজ্যৰ তলতীয়া কৰে । ইয়াৰ পাছত ধনমাণিক নামৰ এজন ৰজাই আহোমৰ সহযোগত সপ্তদশ শতিকাৰ আৰম্ভণিতে পুনৰ এই ৰাজ্য উদ্ধাৰ কৰে । ধনমাণিকৰ পাছত ক্ৰমে যশমণিক, বশমণিক, সুন্দৰৰায়,চোটপৰ্বতৰায়, যশোমত্ত ৰায়, মানসিংহ, প্ৰতাপসিংহ বিজয় নাৰায়ণ, আদি কেইবাজনো ৰজাই জয়ন্তীয়া ৰাজ্যত ৰাজত্ব কৰে । বিজয় নাৰায়ণৰ পাচতে আহোম ৰাজ্যৰ লগতে জয়ন্তীয়া ৰাজ্যও ইংৰাজৰ হাতলৈ যায় ।

আহোম ৰাজত্ব অসম বুৰঞ্জীৰ এক অতি গুৰুত্বপূৰ্ণ আৰু উল্লেখ যোগ্য অধ্যায় । বিভিন্ন জাতি জনজাতিৰ কন্দলৰ ফলত ভাগ ভাগ হৈ প্ৰাচীন কামৰূপৰ কেন্দ্ৰীয় শক্তি দুৰ্বল হৈ পৰা সময়তে ত্ৰয়োদশ শতিকাৰ আগভাগত উজনি ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাৰ নেতৃত্বত এটি দল পাটকাইত উপস্থিত হয়হি। প্ৰায় ১৩ বছৰ কাল পাটকাইৰ আশে-পাশে অনাই-বনাই ফুৰাৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সোমায় । চুকাফাই লগত কেইবাজনো পৰিষদ, প্ৰায় ৯০০০ মুনিহ তিৰুতা, ল’ৰা ছোৱালী আৰু ভালেমান অস্ত্ৰ শস্ত্ৰ আনিছিল । লাহে লাহে আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰূপ পায়হি। তাৰপিছত তেওঁ বিভিন্ন ঠাই ঘূৰি শিৱসাগৰ জিলাৰ চৰাইদেউত ১২৫৩ চনত স্থায়ীকৈ ৰাজধানী পাতে । ইয়াৰ লগে লগে অসমত ছশ বছৰীয়া আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে । ১২৬৮ চনত চুকাফাৰ মৃত্যু হয় । চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুচেওফা (১২৬৮-১২৮১) ৰজা হয় আৰু ৰাজত্বকালত তেওঁ আহোম ৰাজ্য দিখৌ নৈৰ পৰা নামদাং নৈলৈকে সম্প্ৰসাৰিত কৰে ।

চুচেওফাৰ পাছত ক্ৰমে চুবিনফা (১২৮১-১২৯৩), চুখাংফা (১২৯৩-১৩৩২), চুখ্ৰাংফা (১৩৩২-১৩৬৮) আৰু চুতুফা (১৩৬৪-১৩৭৬) আহোম ৰাজপাটত বহে। চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈকে ৰজা হ’বৰ বাবে কোনো উপযুক্ত ৰাজকোঁৱৰ আহোম ৰাজ পৰিয়ালত নথকাৰ বাবে আহোম ৰাজ্যত মন্ত্ৰী-শাসন চলিছিল । কিন্তু ক্ৰমে ক্ৰমে ৰাজ্যত বিশৃংখলতা বাঢ়ি অহাত মন্ত্ৰীসকলে চুখ্ৰাংফাৰ সৰু ভায়েক তাওখামটিক (১৩৮০-১৩৮৯) ৰজা পাতে । ১৩৮৯ চনত তাওখামটিৰ মৃত্যু হয় । ১৩৮৯ চনৰ পৰা ১৩৯৭ চনলৈ পুনৰ মন্ত্ৰী-শাসন চলে । ইয়াৰ পিছত তাওখামটিৰ পুত্ৰ চুদাংফা (১৩৯৭-১৪০৭) আহোম ৰাজপাটত বহে । এওক অসম বুৰঞ্জীত বামুণী কোঁৱৰ নমেৰে জনা যায় । ইয়াৰ পিছত ক্ৰমে চুজাংফা (১৪০৭-১৪২২), চুফাফ্‌ফা (১৪২২-১৪৩৯), চুচেনফা (১৪৩৯-১৪৮৮), চুহানফা (১৪৮৮-১৪৯৩), চুপিম্‌ফা (১৪৯৩-১৪৯৭) আহোম ৰাজপাটত বহে ।

চুপিম্‌ফাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ চুহুংমুখ (১৪৯৭-১৫৩৯) সিংহাসনত বহে। এওঁৰ দিনত আহোম সাম্ৰাজ্যৰ বহুটো পৰিৱৰ্তন হয় । ইয়াৰ পিছত তেওঁৰ বৰপুত্ৰ চুক্লেংমুং (১৫৩৯-১৫৫২) ৰজা হয় । ৰজা হৈ এওঁ বকতাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি আনে । এইজন ৰজাই গড়গাঁও পুখুৰী খন্দায় আৰু নগা আলি বন্ধোৱায় । ইয়াৰ পিছত তেওঁৰ পুত্ৰ চুখামফা (১৫৫২-১৬০৩) ৰজা হয় । তাৰ পিছত ক্ৰমে তেওঁৰ পুত্ৰ চুচেনফা (১৬০৩-১৬৪১) ৰজা হয় । ৰজা হৈয়ে তেওঁ হিন্দু নাম প্ৰতাপ সিংহ গ্ৰহণ কৰে । তেওঁৰ দিনত আহোম আৰু মোগলৰ মাজত কেইবাবাৰো ৰণ হয় । প্ৰতাপ সিংহৰ দিনতে অসম বুৰঞ্জীৰ এক বিচক্ষণ চৰিত্ৰ মোমাই তামুলী বৰবৰুৱা প্ৰথম বৰবৰুৱা হয় । লগতে পাইক প্ৰথাৰ সৃষ্টি, হাজৰিকা, শইকীয়া, বৰা আদি পদৰ সৃষ্টি কৰে । ৰাজনৈতিক বিচক্ষণতা আৰু সাংগঠনিক পাৰদৰ্শিতাৰ বাবে প্ৰতাপ সিংহই বুদ্ধি স্বৰ্গনাৰায়ণ নাম পাইছিল ।

প্ৰতাপ সিংহৰ মৃত্যুৰ পাছত চুৰামফা (১৬৪১-১৬৪৩), চুটিনফা (১৬৪৪-১৬৪৮) ৰজা হয় । চুটিনফাৰ পিছত তেওঁৰ পুত্ৰ চুতামলাই জয়ধ্বজ সিংহ নাম লৈ ১৬৪৮ চনত সিংহাসনত বহে। জয়ধ্বজ সিংহই পূৰ্বৰ সীমা অতিক্ৰম কৰি আহোম সাম্ৰাজ্যৰ বিস্তাৰ কৰাৰ লগতে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাকে আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে । ইয়াৰ পিছত চুপুংমুং ওৰফে চক্ৰধ্বজ সিংহ (১৬৬৩-১৬৬৯) ৰজা হয় । স্বাধীনতাপ্ৰিয় চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ সহায়ত মোগলৰ লগত যুঁজ দিয়ে আৰু মোগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ কৰে । ঐতিহাসিক শৰাইঘাটৰ যুঁজত চক্ৰধ্বজ সিংহৰ হাতত মোগলৰ পৰাজয় হয় ।

শৰাইঘাটৰ যুদ্ধৰ পাছতে আহোম সাম্ৰাজ্যৰ মাজত অন্তৰ্বিপ্লৱৰ আৰম্ভ হয় । চক্ৰধ্বজ সিংহৰ পিছত ক্ষমতা লাভৰ বাবে ৰাজকোঁৱৰক অংগক্ষত কৰাৰ দৰে ঘটনা ঘটিছিল । কাৰণ আহোম নিয়ম অনুসৰি কোনো অংগক্ষত থকা ৰাজকোঁৱৰ সিংহাসনত বহিব নোৱাৰিছিল । চক্ৰধ্বজ সিংহৰ পাছত ৰজা হোৱা চুটিনফা বা উদয়াদিত্যক ষড়যন্ত্ৰ কৰি হত্যা কৰি তেওঁৰ ভাতৃ চুক্লংফা বা ৰামধ্বজ সিংহ (১৬৭৩-১৬৭৫) ৰাজপাটত বহে । ইয়াৰ পিছত আহোম সাম্ৰাজ্যত অনেক বাৰ ৰজা ভঙা-পতা কৰা হয় । অৱশ্যে সেই সময়ত শাসনভাৰ পৰিচালনা কৰিছিল আতন বুঢ়াগোহাঁইয়ে । কিন্তু লালুকসোলা বৰফুকনে আতন বুঢ়াগোহাঁইক হত্যা কৰি নিচেই কম বয়সীয়া ৰাজকোঁৱৰ ৰত্নধ্বজ সিংহক (১৬৭৯-১৬৮১) ৰজা পাতে । নিচেই কম বয়সীয়া হোৱা বাবে তেওঁক ‘ল’ৰা ৰজা’ বুলিছিল ।

লালোকসোলা বৰফুকন এই সময়তে উঠি-ৰজা বহি-ৰজা হয় আৰু ৰজা হ’ব পৰা সকলো ফৈদৰ ৰাজকোঁৱৰক অংগক্ষত কৰে । কিন্তু তুংখুঙীয়া ফৈদৰ গদাপাণি পলাই সাৰিবলৈ সক্ষম হয় । লালোকসোলাৰ অত্যাচাৰত অতিষ্ঠ হৈ তেওঁৰে গা-ৰখীয়া ভোটাই ডেকাই ১৬৮০ চনত তেওঁক হত্যা কৰে । ইয়াৰ পিছৰ গদাপাণি আহোম ৰাজপাটত উঠে। সিংহাসনত উঠি আহোম মতে চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ (১৬৮১-১৬৯৬) নাম লয় । তেওঁ ১৬৯৪ চনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় সাজিছিল। নানান প্ৰজাহিতকৰ কাম কৰাৰ উপৰি ধোদৰ আলি বন্ধোৱাইছিল আৰু মাটিৰ জৰীপ কৰিছিল ।

তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰ পুত্ৰ লাই ৰজা হয় । আহোম নাম চুখ্ৰামফা আৰু হিন্দু নাম ৰুদ্ৰ সিংহ (১৬৯৬-১৭১৪) গ্ৰহণ কৰে । তেওঁ আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ নৃপতি বুলিব পাৰি । তেওঁ ৰংপুৰত নতুন ৰাজধানী পাতে । তদুপৰি জয়মতীৰ পবিত্ৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী, ৰংপুৰত ৰংঘৰ, কাৰেংঘৰ, নামদাঙৰ শিলৰ সাঁকো, খৰিকটীয়া আলি, মেটেকাৰ আলি আদি নিৰ্মাণ কৰে । এই জনা আহোম ৰজাই বৰ্তমান অসমৰ জাতীয় উৎসৱ বিহুক তথা বিহু সংস্কৃতিক ৰাজকীয় মৰ্যাদা দিয়ে । ৰুদ্ৰ সিংহৰ দিনতে আহোম ৰাজ্যৰ পশ্চিম সীমা মানাহৰ পৰা কৰতোৱা নদীলৈকে সম্প্ৰসাৰিত হৈছিল । ইয়াৰ লগতে তেওঁ বিভিন্ন পদবীৰো সৃষ্টি কৰে । মৃত্যৰ সময়ত ৰুদ্ৰ সিংহই তেওঁৰ পাঁচজন পুত্ৰক এজন এজনকৈ ৰজা হ’বলৈ আজ্ঞা দি গৈছিল । সেইমতে শিৱ সিংহ (১৭১৪-১৭৪৪), প্ৰমত্ত সিংহ (১৭৪৪-১৭৫১), ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯), লক্ষ্মী সিংহ (১৭৬৯-১৭৮০) আহোম ৰাজপাটত বহে । ইয়াৰ পিছত লক্ষ্মী সিংহৰ পুত্ৰ গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫) ৰজা হয় । গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণচন্দ্ৰ বুঢ়াগোহাঁয়ে গদাধৰ সিংহৰ বংশধৰ কিনাৰাম নামৰ এজনক কমলেশ্বৰ সিংহ (১৭৯৫-১৮১০) নাম দি ৰজা পাতে । এই সময়তে কামৰূপক স্বাধীন কৰাৰ কাৰণে বীৰদত্ত, হৰদত্ত নামে দুজন ভাই-ককায়ে বিদ্ৰোহ আৰম্ভ কৰে । ইয়াক দন্দুৱা দ্ৰোহ বোলা হয়।

কমলেশ্বৰ সিংহৰ পাছত চন্দ্ৰকান্ত সিংহ (১৮১১-১৮১৮) ৰাজপাটত বহে। তেওঁৰ দিনতে বাল্যবন্ধু সতৰামে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিবলৈ কৰা ষড়যন্ত্ৰ ধৰা পৰে । এই কামত বদনচন্দ্ৰ বৰফুকনৰ সহযোগ থকাৰ অনুমান কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেওঁক ধৰি আনিবলৈ পঠিয়াই আৰু বদনচন্দ্ৰ বৰফুকনে পলাই গৈ ১৮১৬ চনৰ শেষৰ ফালে মানৰ সহযোগত অসম আক্ৰমণ কৰে । এই যুঁজত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয় । মানে অসম আক্ৰমণ কৰি প্ৰথমবাৰ আঁতৰি যোৱাৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইয়ে যোৰহাট দখল কৰি চন্দ্ৰকান্ত সিংহক অংগক্ষত কৰি পুৰন্দৰ সিংহক ৰজা পাতে । ইয়াৰ পিছত মানে আৰু দুবাৰ অসম আক্ৰমণ কৰে আৰু ১৮২১ চনত তৃতীয়বাৰ অসম আক্ৰমণ কৰি যোগেশ্বৰ সিংহক আহোমৰ ৰজা পাতে । ক্ৰমে মানে ইংৰাজৰ এলেকাত আক্ৰমণ চলোৱাত ১৮২৪ চনত মানৰ লগত ইংৰাজৰ যুদ্ধ হয় । ইংৰাজে এই যুঁজত জয়লাভ কৰে । অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানৰ সন্ধি হয় আৰু অসম ইংৰাজৰ হাতলৈ যায় । ইয়াৰ লগে লগে চুকাফাই অসীম সাহস আৰু বীৰত্বৰে প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্যৰো অন্ত পৰে।

অসম অতীত কালৰে পৰা বিভিন্ন জনগোষ্ঠীৰ এক সংগমস্থল আছিল । ইয়াৰ ভিতৰত অসমত মূখ্য জনগোষ্ঠী সমুহ হ’ল
অষ্ট্ৰ’ -এছিয়াটিকঃ এই সকল লোকৰ আদি বাসস্থান আছিল দক্ষিণ এছিয়া আৰু ভাৰতীয় উপদ্বীপ অঞ্চল । খাচী সকল এই জনগোষ্ঠীৰ, কিছুসংখ্যক নগা আৰু কাৰ্বি জনজাতিও এই জনগোষ্ঠীৰ । তেওঁলোকে মনথ্‌মাৰ ভাষা কয় । পাহাৰৰ এঢলীয়া মাটিত খেতি কৰা, গৰু মেথুন আদি পোহা শিলালিপি খোদিত কৰা আদি এওঁলোকৰ বিশেষ অৱদান ।

নেগ্ৰিটসকলঃ এই জনগোষ্ঠীৰ লোক অসমলৈ আহিছিল যদিও বৰ্তমান এই জনগোষ্ঠীৰ কিছু বৈশিষ্ট্য নাগা সকলৰ দুই এক ঠালৰ মাজত দেখা যায় । এওঁলোকৰ আদি বাসস্থান আন্দামান বা আফ্ৰিকাৰ বুলি কোৱা হয়।

দ্ৰাবিড়সকলঃ দ্ৰাবিড় সকল পশ্চিম দিশেদি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহে, বৰ্তমান অসমৰ বনিয়া আৰু কৈৱৰ্ত সকল এই জনগোষ্ঠীৰ । পৰবৰ্তী কালত এই দ্ৰাবিড় সকল মংগোলীয় সকলৰ লগত মিলি গৈ এক নতুন সংস্কৃতিৰ জন্ম দিয়ে । বৰ্তমান সময়ত অসমীয়া সমাজত প্ৰচলিত বিয়া বাৰু আদিত হালধিৰ ব্যৱহাৰ এই দ্ৰাবিড় সংস্কৃতিৰে অৱদান ।

মংগোলীয় সকলঃ অসমৰ অধিকাংশ লোকেই এই জনগোষ্ঠীৰ এওঁলোকৰ সৰহভাগেই ইন্দোচীন তিব্বত-বৰ্মী শাখাৰ লোক । এওঁলোকৰ আদি বাসস্থান আছিল চীনৰ হোৱাংহো আৰু ইয়াংচিকিয়াং নদীৰ উজনি ভাগ । এই জনগোষ্ঠীৰ লোকৰ প্ৰবজন অসমলৈ অতি প্ৰাচীন কালতে হৈছিল আৰু এই প্ৰবজনৰ ধাৰা বহু যুগ যুগ ধৰি অব্যাহত আছিল । বড়ো, কোচ, কছাৰী, মৰাণ, মটক, চুতীয়া, বৰাহী, ৰাখা, মেচ, টিয়া, হাজং, মিছিং, খামতি, ফকিয়াল, আইতনীয়া, খমিয়াং, শ্যাম, টুৰুং, আহোম আদি এই মংগোলীয় জনগোষ্ঠীৰ বংশধৰ । এই জনগোষ্ঠীৰ বহুতো প্ৰজাতিয়ে অসমত ভিন্ন সময়ত বেলেগে বেলেগে ৰাজ্য স্থাপন কৰি আধিপত্য বিস্তাৰ কৰিছিল ।

আৰ্য সকলঃ আৰ্য সকলেই অসমলৈ আটাইতকৈ শেষত অহা জনগোষ্ঠী । আৰ্যসকল অহাৰ আগত এই অঞ্চলক বিৰাত ভূমি বা ম্লেচ্ছ দেশ বুলিছিল । হিন্দু আৰ্য সকল অসমলৈ অহাৰ পাছত কিৰাত মংগোলীয় ৰজা সকলে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰে লাহে লাহে আৰ্যসংস্কৃতিৰ প্ৰচলন হয় । ৰাজকীয় উদাৰতাৰ বাবেই আৰ্যসংস্কৃতিয়ে সহজে এই ঠাইত প্ৰতিষ্ঠা লাভ কৰে । আৰ্য সকলৰ সমসাময়িক ভাৱে অসমলৈ আৰ্য সকলৰ লগত সাদৃশ্য থকা আলপাইন জনগোষ্ঠীৰ লোকো ইয়ালৈ আহিছিল । অসমৰ কলিতা সকল এই জনজোষ্ঠীৰ বুলি বহু পণ্ডিতে ধাৰণা কৰে যদিও ইয়াক লৈ দ্বিমত থকা দেখা যায় । বাণীকান্ত কাকতিয়ে কলিতা জাতিৰ ইতিবৃত্ত গ্ৰন্থত দ্বিতীয়ৰ পৰা পঞ্চম শতিকাত কলিতা সকল অসম ভূখণ্ডলৈ আহিছিল বুলি এটা ধাৰণা দিব খোজে। তেখেতে কলিতাৰ উৎপত্তি সম্পৰ্কে দিয়া ধাৰণাও স্পষ্ট নহয়।

অধ্যাপক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই কলিতা জাতিৰ ইতিহাস নামৰ গ্ৰন্থখনত কলিতা সকলক এটা জাতিৰূপে স্বীকৃতি দি গ্ৰন্থখনত কলিতা সকলৰ উৎপত্তি, প্ৰাচীন কুলুত ৰাজ্য, প্ৰাচীন অসমত শৈৱ সাধনা কৰিবলৈ অহা ৰজা জল্প, নৰক-ভগদত্তৰ পৰা ভাস্কৰবৰ্মা-দুৰ্ল্লভনাৰায়ণলৈকে বিশ্লেষণ কৰিছে । কলিতা জাতিৰ পূৰ্বজ সকলৰ প্ৰথমটো দল ভূখণ্ডটোলৈ আহিছিল সগৰ ৰজাৰ দিনতে খ্ৰীষ্টপূৰ্ব ৪১২২ মানত।’ এই দাবী লেখক-গৱেষক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ। আল্পচ পৰ্বতৰ দাঁতিৰ দানিয়ুৱ নদী-উপত্যকা অঞ্চলৰপৰা প্ৰব্ৰজিত হৈ অহা কলিতা সকলৰ পূৰ্বজে সিন্ধু উপত্যকাত সভ্যতা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলিও ড° বৰুৱাই দাবী কৰে।

আন এক আখ্যান মতে প্ৰাচীন কালত এসময়ত ব্ৰাহ্মণ পৰশুৰামে পৃথিৱীৰ পৰা ক্ষত্ৰিয় বংশ পৃথিৱীৰ পৰা নিৰ্মূল কৰিবৰ বাবে এফালৰ পৰা ক্ষত্ৰিয় সকলক ধ্বংস কৰিছিল । কিছুমান ক্ষত্ৰিয়ই ভয়ত নিজেই ক্ষত্ৰিয় নহয় বুলি পৰিচয় দিলে । ফলত ক্ষত্ৰিয় সকলে জাতি হেৰুৱাই কলিতা (কূল লুপ্ত=কলিতা) ৰূপে জনাজাত হ’ল । (সমাজতত্ত্ব পৰিচয়-উত্তৰ পূব ভাৰতৰ সমাজ আৰু সংস্কৃতি পৃষ্ঠা নং ২১৬) ।
আলপাইন সকল আৰ্যসকলৰ প্ৰভাৱত পৰি আৰ্য হৈ পৰে । অসমৰ থলুৱা সংস্কৃতিত বিভিন্ন জনগোষ্ঠীৰ অৱদান থাকিলেও মংগোলীয় সকলৰ অৱদানেই সকলোতকৈ বেছি । বিভিন্ন জনগোষ্ঠী বোৰৰ নিজা নিজা ভাষা আছিল আৰু সৰহ ভাগেই আছিল অনাৰ্য মূলৰ ভাষা । ৰজা আৰু পুৰুহিত শ্ৰেণীৰ সংযোগকাৰী ভাষা হিচাপে মধ্যযুগৰ প্ৰথম ভাগৰ পৰাই অসমীয়া ভাষাৰ প্ৰচলন হয় এই ভাষা মূলত ইন্দো ইউৰোপীয় ভাষা আৰু চাৰিওফালে থকা অনাৰ্য ভাষাৰ এক মিশ্ৰিত ৰূপ ।

আদিতে জনজাতীয় বিশ্বাস তাৰ পাছত হিন্দু ধৰ্ম পৰবৰ্তী কালত বৌদ্ধ ধৰ্মই অসমত গা কৰি উথিছিল । হিন্দু বৌদ্ধ আৰু জনজাতীয় ধৰ্মৰ সংমিশ্ৰণত উদ্ভৱ হোৱা বিভিন্ন পন্থা নানান দেৱ দেৱতা, শক্তি পূজা, চৰাই সাপ, মাছ, শিল গছ গছনি আদি পূজা বেজ বেজালী যাদু তন্ত্ৰ মন্ত্ৰ আদিৰ বিশ্বাসে অসমীয়া সংস্কৃতিক বিচিত্ৰ কৰি তোলে । শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ আদিৰ প্ৰচেষ্টাত এক শৰণ বৈষ্ণৱ ধৰ্মই গা কৰি উঠে নাট ভাওনা বৰগীত আদিৰ পয়োভৰে অসমীয়া সংস্কৃতিক নতুনত্ব দি অভূতপূৰ্ব পৰিবৰ্তন আনিলে । ত্ৰয়োদশ শতিকাৰ আৰম্ভণীৰ পৰা ইছলাম ধৰ্মৰ লোকৰো বসতি আৰম্ভ হ’ল জিকিৰ জাৰি আদিৰ সৃষ্টি হ’ল যি বোৰো সময়ৰ সোঁতত অসমীয়া সংস্কৃতিৰ অংশ হৈ পৰিল ।

অসমৰ বিভিন্ন ঠাইত সাজপাৰ আৰু খাদ্যৰো ভিন্নতা আছিল । মূৰৰ পৰা ভৰি পৰ্যন্ত ঢাকখোৱা সাজপাৰৰ পৰা ধৰি লেংটি মৰালৈকে অসমীয়া সমাজত দেখা গৈছিল । খাদ্যৰ ক্ষেত্ৰতো ভিন্নতা থাকিলেও কিছুমান উমৈহতীয়া খাদ্যও আছিল । সকলো জনজাতিয়ে আমিষ ভোজী আছিল । গৃহ নিৰ্মাণ পদ্ধতি বেলেগ হ’লেও সকলোৱে কাঠ বাঁহ বেত নল খাগৰী খেৰ আদিয়ে ঘৰ সাজিছিল । কাম কাজ চলন ফুৰণ আচাৰ ব্যৱহাৰ আদিত শ্ৰেণী আৰু গোষ্ঠী অনুসৰি পাৰ্থক্য আছিল । মুঠৰ ওপৰত ক’ব পাৰি বহু সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠিছিল প্ৰাচীন অসমীয়া স’স্কৃতি প্ৰাচীন অসমীয়া জাতি ।

অসমীয়া সংস্কৃতিক মুখ্য ৰূপত প্ৰাক শংকৰী, শংকৰী আৰু আধুনীক অসমীয়া সমাজ সংস্কৃতি এই ৰূপে ভগাব পাৰি ।

প্ৰাক শংকৰী অসমীয়া সংস্কৃতিঃ

প্ৰাক শংকৰী কালত অসমীয়া সমাজ জাতি বৰ্ণ হীন আৰু অনাৰ্য আছিল । আৰ্যসকল অহাৰ পাছত এই সমাজত জাতি বৰ্ণ ব্যৱস্থাৰ জন্ম হ’ল আৰু বৰ্ণ বিভাজনে বহু বেমেজালি সৃষ্টি কৰিলে । সংমিশ্ৰিত সমাজ এখন হিন্দু হৈ উঠাৰ বাবে এই অঞ্চলত বহুতো সামাজিক ৰীতি নীতি বিয়া বাৰু খোৱা বোৱা আদি শিথিল কৰি দিয়া হৈছিল সেয়ে ভাৰতৰ আন ঠাইৰ হিন্দুৰ লগত আজিও এই ঠাইৰ হিন্দুৰ বহু ৰীতি নীতি চিন্তাধাৰা নিমিলে ।

প্ৰাক শংকৰী কালত অসমত যুটীয়া পৰিয়াল ব্যৱস্থাৰ প্ৰচলন আছিল । সেই সময়ত নাৰীৰ সামাজিক স্থান সিমান নিম্ন নাছিল ভাৰতৰ আন ঠাইৰ দৰে । বিয়া বাৰুৰ ক্ষেত্ৰত সাধাৰণ নিয়ম প্ৰচলন আছিল বহু পত্নীক বিবাহৰ উদাহৰণো দুই এক পোৱা যায় । বেশ্যা বৃত্তিৰ প্ৰচলন আছিল। বেশ্যা সকল সুকুমাৰ কলাত নিপুণ আছিল । ধৰ্মীয় উপাসনাৰ বাবে মন্দিৰ আছিল কিছুমান মন্দিৰত দেৱদাসী প্ৰথাৰো প্ৰচলন আছিল । ভাত মাছ, মাংস, গছৰ ফল, আলু, কচু, আদি এই ঠাইৰ মানুহৰ খাদ্য আছিল । গাখীৰৰ পৰা মিঠাই বনাব জানিছিল । পূজা পাৰ্বনত সোমৰস জনজাতি সকলে মদ, আপং, লাওপানী আদি গ্ৰহণ কৰিছিল । তামোল পাণ খোৱা অসমীয়া মানুহৰ অতি পুৰণি সংস্কৃতি । সেই সময়ত অসমৰ মানুহে লোণৰ ঠাইত খাদ্যত খাৰ ব্যৱহাৰ কৰিছিল ।
প্ৰাক শংকৰী যুগত অসমীয়া সমাজত বিভিন্ন সাজ পাৰ প্ৰচলন আছিল । জাতি অনুসৰি সাজ পাৰ ভিন্ন আছিল । সাধাৰণ লোকে চুৰীয়া এটা হাত চুটি চোলা বা এখন কাপোৰ লৈছিল । মহিলা সকলে মেখেলা আৰু ৰিহা চাদৰ লৈছিল । সোণ ৰূপ তামৰ অলংকাৰৰ প্ৰচলন আছিল । সাধাৰণ লোকে এড়ি কাপোৰ সম্ভ্ৰান্ত লোকে পাট আৰু মুগাৰ কাপোৰ ব্যৱহাৰ কৰিছিল । কাপোৰ বোৱাৰ বাবে এক বিশেষ শ্ৰেণীৰ লোক আছিল পুৰুষ সকলেও অলংকাৰ পিন্ধিছিল ।
প্ৰাচীন কালৰে পৰা অসমৰ প্ৰধান জীৱিকা আছিল কৃষি । ৪ৰ্থ শতাব্দীৰ আগৰ পৰাই গৰু আৰু নাঙলৰ ব্যৱহাৰ জানিছিল । ঝুম খেতিৰ প্ৰচলন আছিল । কৃষি ভূমিৰ কাষতে গাওঁ পাতি বসবাস কৰিছিল কমাৰ, কুমাৰ, কৈৱৰ্ত আদি সকলো একেলগে আছিল । বিনিময় প্ৰথা আদান প্ৰদানৰ মাধ্যমেৰে হৈছিল । পৰিবহণৰ বাবে প্ৰধানকৈ নাৱৰ ব্যৱহাৰ হৈছিল ।
নাৰীকেই কৃষিৰ আৱিষ্কাৰক বুলি বিশ্বাস কৰিছিল পৃথিৱীক মাতৃৰূপে পূজন কৰিছিল । প্ৰথমতে ভিন্ন ধৰ্ম প্ৰচলিত সমাজ খন লাহে লাহে হিন্দু পিছত বৌদ্ধ ধৰ্মই খোপনি পুতিছিল । শিৱ পাৰ্বতী ,গৌৰী, কামাখ্যা, আদি দেৱ দেৱীৰ লগতে সূৰ্য বিষ্ণু আদিৰ পূজাৰ প্ৰচলনৰ আছিল ।
প্ৰাক শংকৰী কালত স্থাপত্যকলাৰ চৰ্চাৰ লগতে জ্যোতিশাস্ত্ৰ, বিজ্ঞান চিকিৎসা আদিৰ অধ্যয়নো হৈছিল । সংগীত নৃত্য আদিৰো চৰ্চা হৈছিল অৱশ্যে নিৰ্বাচিত লোকক হে এনে শিক্ষা দিয়া হৈছিল ।

শংকৰী কালঃ

পুৰণি কামৰূপ ৰাজ্য পতনৰ পাছত চুতীয়া কছাৰী জনজাতীয় ৰাজ্য স্থাপনৰ সময়ত ভূঞা নামৰ এক সামান্ত শ্ৰেণী পৰাক্ৰমী হৈ উঠিছিল । কমতা ৰাজ দুৰ্লভ নাৰায়ণে গৌড় ৰাজ ধৰ্মনাৰায়ণৰ মিত্ৰতাৰ উপহাৰ হিচাপে সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ মানুহ পাইছিল । এই চৈধ্য ঘৰ মানুহৰ প্ৰধান বাৰঘৰক বাৰভূঞা বোলা হৈছিল । দূৰ্বল নাৰায়ণে চণ্ডীবৰক শিৰোমণি মানে মুখ্য ভূঞা পাতিছিল । এই ভূঞা বংশতে ১৪৪৯ খ্ৰীষ্টাব্দত শংকৰদেৱৰ জন্ম হৈছিল । শংকৰদেৱ আছিল চন্দ্ৰীবৰৰ আজু নাতি কুসুম্বৰ আৰু সত্যসন্ধ্যাৰ পুত্ৰ । এই শংকৰদেৱেই হ’ল অসমত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ মুখ্য প্ৰচাৰক । শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল । শংকৰদেৱ কেৱল ধৰ্মপ্ৰচাৰকে নহয় এজন শিল্পী সাহিত্যিক, কবি, নাট্যকাৰ, সংগীতজ্ঞ, সমাজ সংস্কাৰক সংগঠকো আছিল । ধৰ্মৰ গোড়ামীক আঁতৰাই প্ৰগতিশীল আদৰ্শৰে বিভিন্ন জাতি জনজাতি ধৰ্মীয় লোকক একত্ৰ কৰি এক ন অসমীয়া সমাজ সংস্কৃতিৰ ভেটি সু দৃঢ় কৰিছিল । শংকৰদেৱে বিভিন্ন ঠাই ভ্ৰমণ কৰি তাৰ ভিন্ন জ্ঞান অভিজ্ঞতাৰে পুষ্ট হৈ অসমীয়া জাতিক তেওঁ ন কৈ গঢ়াৰ সংকল্প লয় । শংকৰ দেৱে ধৰ্মৰ ভিত্তিত অসমীয়া সমাজক ঐক্য সংহতি ,কল্যাণ আৰু প্ৰগতিৰ কথা চিন্তা কৰিছিল । অসমৰ বিভিন্ন ঠাইত সত্ৰ নামঘৰ আদি প্ৰতিষ্ঠা কৰি ধৰ্ম তথা সাহিত্য গীত মাত নাটক ভাওনা আদিৰ চৰ্চাৰ কেন্দ্ৰ গঢ়ি তোলে যিবোৰ আধুনিক শিক্ষাৰ প্ৰবৰ্তনৰ আগলৈকে শিক্ষা সংস্কৃতিৰ বিকাশৰ মূল কেন্দ্ৰ হৈ আছিল ।
শংকৰদেৱে প্ৰচাৰিত ধৰ্মক মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নামধৰ্ম বোলে । একেশ্বৰবাদক বিশ্বাসী হোৱাৰ বাবে এই ধৰ্মত আন দেৱ দেৱীৰ পূজা নিষেধ । শ্ৰীকৃষ্ণ হ’ল এই ধৰ্মৰ আৰাধ্য । ঈশ্বৰৰ মতে সকলো সমান ভাগৱতৰ মূল তত্ত্ব থকাৰ বাবে এই ধৰ্মক ভাগৱত ধৰ্মও বোলা হয় । অসমীয়া সমাজক শংকৰদেৱে অন্ধবিশ্বাস , অনাচাৰ, ধৰ্মীয়গোড়ামী, আদিৰ পৰা মুক্ত কৰি নতুন ৰূপ দিব বিছাৰিছিল । সমাজৰ পিচপৰা অৱহেলিত শোষিত লোকসকলক শৰণ দি অসমীয়া সমাজ সংস্কৃতিৰ ভেটী বহল কৰিছিল । শংকৰদেৱে কীৰ্তন দশম, অংকীয়া নাট, বৰগীত, ভাটিমা, কাব্য আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰালো চহকী কৰি থৈ যায় । ভাগৱতী ধৰ্ম প্ৰচাৰৰ লগে লগে বিভিন্ন ৰাগ, দশাৱতাৰ, সুত্ৰধাৰ আদি নৃত্য চৰ্চাৰ জৰিয়তে অসমীয়া সমাজ সংস্কৃতিত এক নতুনত্ত্ব সংযোগ কৰিলে শংকৰদেৱে ।

আধুনিক অসমীয়া সমাজঃ

১৮২৬ খ্ৰীষ্টাব্দত অসমৰ শাসন ভাৰ ইংৰাজৰ হাতলৈ যোৱাৰ পৰাই অসমীয়া সমাজ সংস্কৃতিৰ আধুনিক যুগৰ আৰম্ভণি বুলি ক’ব পাৰি । ইংৰাজৰ শাসনে অসমীয়া সমাজ সংস্কৃতিত পাশ্চাত্যৰ পোহৰ পৰে আৰু শিক্ষা সমাজ সকলো দিশতে নতুন দিগন্তৰ সুচনা হয় ।পাশ্চাত্যকৰণৰ প্ৰভাৱ বিজ্ঞান কলা সাহিত্য সকলোতে পৰিল । কৃষি খণ্ডত আধুনিকৰণৰ প্ৰভাৱ পৰিল । জাতি বৰ্ণ ধৰ্ম নিবিশেষে সকলোৱে ৰাজনীতি , অৰ্থনীতি শিক্ষাত ভাগ ল’ব পৰা হ’ল । আধুনিক অসমীয়া সমাজত ভাষা সাহিত্য সংস্কৃতিৰ তীব্ৰ বিকাশ হ’ব ধৰিলে । সামাজিক সংস্থা বোৰৰ ৰূপৰেখা সলনি হ’ল যৌথ পৰিয়ালৰ পৰিবৰ্তে একক পৰিয়াল ব্যৱস্থা হ’ল । সামাজিক আদান প্ৰদান বিয়া বাৰুৰ ক্ষেত্ৰতো অসমীয়া সমাজ সহানুভুতিশীল হৈ পৰিল । সমাজত ব্যক্তিক জন্মগত যোগ্যতাতকৈ ব্যক্তিগত যোগ্যতাক প্ৰাধান্য দিয়া হ’ল । সমাজিক ধাৰ্মিক গোড়ামী কমি আহিল । হিন্দু ইছলাম, বৌদ্ধ, খ্ৰীষ্টান সকলো অসমত বসবাস কৰিব ল’লে এক কথাত ক’ব গ’লে উদাৰ মনৰ অসমীয়া সমাজ অধিক উদাৰ হৈ পৰিল । অসমীয়া জাতীয় জীৱনতো পাশ্চাত্যৰ প্ৰভাৱ পৰিল কল কাৰখানা স্থাপন আনকি খাদ্য সাজপাৰ আদিৰো পৰিবৰ্তন হ’ল উদ্যোগিক উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ কৰিব ল’লে ব্যৱসায় বানিজ্যৰ বিস্তাৰ হ’ল লাহে লাহে নগৰ চহৰ গঢ় লৈ উথিল । নগৰীয়া জীৱন শৈলী গ্ৰাম্য সমাজতকৈ পৃথক । নগৰীকৰণে মানুহক বেছি ব্যক্তিকেন্দ্ৰীক কৰি তুলিলে ।
অসমীয়া সমাজ সংস্কৃতি যিমানেই সভ্যতাৰ উন্নত স্তৰলৈ আগবাঢ়িছে সিমানেই সামাজিক শান্তি শৃংখলা নোহোৱা হৈছে । নিবনুৱা সমস্যা ,খাদ্যৰ সমস্যা, প্ৰদূষণ আদিয়ে অসমীয়া সমাজৰ ভবিষ্যত অন্ধকাৰ কৰি তুলিছে । অসমলৈ হোৱা অবাধ প্ৰবজনে অসমৰ জনসংখ্যাৰ গাঁথনিৰ বিৰাট পৰিবৰ্তন সূচনা কৰিছে । এইবোৰ দিশলৈ চালে আৰু বৰ্তমানৰ সমাজৰ ওপৰত নিৰ্ভৰ কৰি অসম অসমীয়া জাতিৰ ভাষা সংস্কৃতি ৰীতি নীতিৰ ভৱিষ্যত কি তাৰ কথা ক’ব পৰা নাযায় ।
এটা জাতিৰ ইতিহাসৰ লগত প্ৰথমতে কৃষ্টি-সংস্কৃতি আৰু ভাষা জড়িত হয়। তাৰ পিছত ৰাজনৈতিক স্বধিকাৰৰ বাবে একোটা নিৰ্দিষ্ট ভূখণ্ডৰ আৱশ্যক । এটা ৰাজনৈতিক ভূখণ্ডৰ সৃষ্টিৰ অবিহনে এটা জাতিৰ সৃষ্টি হ’ব কেতিয়াও নোৱাৰে ইয়াৰ বাবে প্ৰয়োজন হয় এখন শক্তিশালী আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ । অসমীয়া জাতি গঠন প্ৰক্ৰিয়াও এইবোৰৰ মাজেদিয়েই আহিছে বিভিন্ন ৰজাই ৰাজ্য পাতিছিল শাসন কৰিছিল এক জাতি গঢ়াৰ এক সুষ্ঠ বাতাবৰণ প্ৰদান কৰিছল ।

( লেখকৰ ঠিকনাঃ বুঢ়ালিকচন গাওঁ, গোলাঘাট, অসম, পিন-৭৮৫৬২২)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More