অসমৰ দুই স্থানক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ ঘোষণা

1 336

বৰজুলি চাহ বাগিচাত এবিধ বনৰীয়া ধান পোৱা যায়। প্ৰায় ০.৪১ হেক্টৰ ভূমিৰ এলেকাত পোৱা বনৰীয়া ধানবিধৰ বৈজ্ঞানিক নাম হৈছে Oryza rufipogon। ধানবিধক brown beard rice বুলিও কোৱা হয়। এই ধানবিধৰ বাবেই বৰজুলি বাগিচাৰ প্ৰায় ০.৪১ হেক্টৰ ভূমি সামৰি অসমৰ দ্বিতীয়খন জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ বা Biodiversity Heritage Site হিচাপে ঘোষণা কৰা হৈছে। যোৱা ১০ আগষ্টত এক গেজেট অধিসূচনাত অসম চৰকাৰে দুটা নতুন জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিছিল– শোণিতপুৰ জিলাৰ ‘বৰজুলি বন্য ধাননি স্থান’ (Borjuli Wild Rice Site) আৰু ডিমা হাচাও জিলাৰ ‘হাজং কচ্ছপ হ্ৰদ’ (Hajong Tortoise Lake)। 1661915826847বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য সংৰক্ষক (জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিৱৰ্তন তথা সদস্য সচিব) এছ পি ভি পৱন কুমাৰে এই বিষয়ে কয়— “এই ঘোষণাৰ জৰিয়তে অসমত এতিয়া তিনিটা জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ আছে, প্ৰথমটো হৈছে ২০১৭ চনৰ ২৯ মাৰ্চত ঘোষণা কৰা ‘মাজুলী জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ’।” বৰজুলী বন্য ধান জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ ব্যক্তিগত চাহ বাগিচা ‘বৰজুলি চাহ বাগিচা’ৰ ভিতৰুৱা। এলেকাটো শোণিতপুৰ জিলাৰ বৰজুলি গাঁও পঞ্চায়তত অৱস্থিত। মুঠ মাটিকালি ০.৪১ হেক্টৰ। এই স্থান কোনো সংৰক্ষিত এলেকাৰ অংশ নহয় (ৰাষ্ট্ৰীয় উদ্যান / অভয়াৰণ্য)। বনৰীয়া ধানৰ জাৰ্মপ্লাজম সংৰক্ষণৰ বাবে উক্ত ভূমিৰ আবণ্টন বৰজুলি চাহ বাগিচা ব্যৱস্থাপনাৰ পৰা ৭ জুলাই,২০২১ তাৰিখে লাভ কৰা হৈছিল। এই স্থানক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ বৰজুলি গাঁও পঞ্চায়ত জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনাই দাখিল কৰিছিল। সংশ্লিষ্ট ‘ধানৰ জাত’ সংৰক্ষণৰ বাবে ICAR-National Bureau of Plant Genetic Resources (NBPGR), নতুন দিল্লীৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দাখিল কৰিছিল। এতিয়া অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য ব’ৰ্ডৰ সহযোগত বৰজুলি গাঁও পঞ্চায়ত বি এম চিয়ে এই জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ পৰিচালনাৰ দায়িত্ব ল’ব। জৈৱ বৈচিত্ৰ্য আইন ২০০২ৰ ৩৭ নং ধাৰা অনুসৰি ৰাজ্য চৰকাৰে সময়ে সময়ে স্থানীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি চৰকাৰী গেজেটত, জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব থকা অঞ্চলসমূহক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে অৱগত কৰিব পাৰে। জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ (BHS) হৈছে বন্যৰ লগতে পোহনীয়া প্ৰজাতি বা আন্তঃনিৰ্দিষ্ট শ্ৰেণীৰ সমৃদ্ধি, উচ্চ স্থানীয়তা, বিৰল আৰু বিপন্ন প্ৰজাতিৰ উপস্থিতি, মূল প্ৰজাতি, বিৱৰ্তনশীল তাৎপৰ্যৰ প্ৰজাতি, বন্য পূৰ্বপুৰুষৰ সমৃদ্ধি থকা চহকী জৈৱ বৈচিত্ৰ্য থকা অনন্য পৰিৱেশ তন্ত্ৰ, ঘৰুৱা বা খেতি কৰা প্ৰজাতি বা ইয়াৰ জাত, জীৱাশ্মৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা জৈৱিক উপাদানসমূহৰ অতীতৰ প্ৰাধান্য আৰু উল্লেখযোগ্য সাংস্কৃতিক, নৈতিক বা নান্দনিক মূল্যবোধ থকা আৰু ইহঁতৰ সৈতে মানৱীয় সম্পৰ্কৰ দীৰ্ঘ ইতিহাস থকা বা নথকা সাংস্কৃতিক বৈচিত্ৰ্য বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ।1661915826895 ইফালে ‘হাজং কচ্ছপ হ্ৰদ জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ’ (Hajong Tortoise Lake) ডিমা হাছাও জিলাৰ লাংটাং মুপা সংৰক্ষিত বনাঞ্চলত অৱস্থিত। মুঠ মাটিকালি ৫২৬.৭৮ হেক্টৰ, য’ত হ্ৰদটোৰ চাৰিওফালৰ অঞ্চলটোও অন্তৰ্ভুক্ত কৰা হৈছে। ‘হাজং কচ্ছপ হ্ৰদ’— যিটো অসমৰ মিঠা পানীৰ কাছৰ প্ৰাকৃতিক হ্ৰদৰ বাসস্থান, য’ত Black Softshell turtle আৰু জটিলভাৱে বিপন্ন প্ৰজাতি Indian Peacock Softshell turtleৰ দৰে বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীবোৰে প্ৰাকৃতিকভাৱে প্ৰজনন কৰে। উল্লেখ্য যে এয়া হ্ৰদটো কোনো সংৰক্ষিত এলেকাৰ (ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী অভয়াৰণ্য) অংশ নহয়। এই হ্ৰদটোক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দাখিল কৰিছিল মাইবাং জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতিয়ে, যিখন সমিতিয়ে এতিয়া অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য ব’ৰ্ডৰ সহায়ত হাজং কচ্ছপ হ্ৰদ জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ পৰিচালনাৰ দায়িত্ব ল’ব।

( শতাব্দ সম্পাদনা গোট ৩১ আগষ্ট ,২০২২)

১ টা মন্তব্য
  1. Avatar of তৃষ্ণা জ্যোতি দাস
    তৃষ্ণা জ্যোতি দাস says

    বৰ দৰকাৰী কথা৷এনেবোৰ কথা প্ৰকাশ কৰি জনসাধাৰণক নজনা কথা জনোৱাৰ লগতে সচেতন কৰাত তোলাত সহায়ক হ’ব বুলি ভাবোঁ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More