অসমৰ দুখীয়াৰ চাউল মিজোৰামলৈ সৰবৰাহ

 কৰিমগঞ্জতত জব্দ দুই ট্ৰাক চাউল, উদ্ধাৰ বস্তা চিলোৱা মেচিন-পাল্লা

0 26

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১১ জুন: বিভাগীয় মন্ত্ৰীৰ অকৰ্মণ্যতাত উঠি ৰজা বহি ৰজা হৈ পৰা যোগান বিভাগৰ একাংশ উচ্চ পদস্থ বিষয়াৰ পৰোক্ষ পৃষ্ঠপোষকতাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে দুখীয়াৰ বাবে আবণ্টিত চাউলৰ অবৈধ বেহা।ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা উত্তোলন কৰা চাউল দুখীয়াৰ পাকঘৰলা নগৈ পুনৰ পেকেটিং হৈ আছে মুকলি বজাৰত। এই কথা প্ৰমাণ হল কালি কৰিমগঞ্জত আৰক্ষীয়ে জব্দ কৰা দুই ট্ৰাক চাউলৰ পৰা। এই চাউলৰ উৎস সম্পৰ্কত যোগান বিভাগক অবগত কৰা হৈছিল যদিও জোলোঙাৰ মেকুৰী ওলোৱাৰ ভয়ত যোগান বিভাগে তদন্ত নকৰি ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল। পিছত ঘটনাৰ অন্য মূৰ লোৱাত যোগান বিভাগে যোৱা নিশা ঘটনাত জড়িত ডিলাৰ আশ্ৰাফ হুছেইনৰ ঘৰত তালাচী চলাই ২৫ কেজিকৈ থকা প্লাষ্টিকৰ বস্তাৰ ১৩৯ বস্তা চাউল উদ্ধাৰ কৰে। লগতে ঘৰৰ ভিতৰত লুকুৱাই ৰখা বস্তা চিলোৱা মেচিন আৰু জোখমাখ কৰা যন্ত্ৰ অৰ্থাৎ পাল্লা উদ্ধাৰ কৰি জব্দ কৰে যদিও আশ্ৰাফ হুছেইন পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে এই চাউল সমুহ নতুনকৈ পেকেটিং কৰি অবৈধ ভাৱে ৰাজ্যৰ বজাৰ লগতে বৰ্হি ৰাজ্যলৈ সৰবৰাহ কৰি আহিছে। কালি আৰক্ষীয়ে মিজোৰামলৈ সৰবৰাহ কৰাৰ সময়ত দুই ট্ৰাক চাউল জব্দ কৰাৰ পিছত এই তথ্য পোহৰলৈ আহিছে। কৰিমগঞ্জত আৰক্ষীয়ে জব্দ কৰা দুই ট্ৰাক চাউল ঘটনাই এতিয়া ন ন প্ৰশ্ন উত্থাপন হৈছে। কৰিমগঞ্জত চাউলৰ চিণ্ডিকেট গঢ়ি উঠিছে নেকি?ইয়াৰ লগত যোগান বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত আছে নেকি?কৰিমগঞ্জৰ ফকিৰাবজাৰৰ পৰা দুখীয়াৰ বাবে আবণ্টিত চাউলৰ অবৈধ বেহা, তথা মিজোৰাম লৈ সৰবৰাহ কিমান দিনৰ পৰা চলি আহিছে?এনে বহু প্ৰশ্ন ৰাইজে উত্থাপন কৰিছে ।এই ক্ষেত্ৰত যোগান বিভাগৰ বিষয়া কৰ্মচাৰী সকলে কি কৰি আছিল।ইপিনে এই বিষয়ে যোগান বিভাগৰ অধীক্ষক ফয়জুল কাদিৰে কয়,দুখীয়াৰ বাবে আবণ্টিত চাউলৰ অবৈধ তথা কলা বেহাৰ চিণ্ডিকেট চলি থকাৰ কথাটো নুই কৰিব নোৱাৰে। এই বিষয়লৈ বিভাগৰ ফালৰ পৰা অনুসন্ধান চলাই থকা হৈছে । এই সংক্ৰান্তত এটি গোচৰ পঞ্জীয়ন কৰা হব বুলি অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে আৰক্ষীয়ে জব্দ কৰা এ,এছ,১১ বিচি/৩৩৯২, আৰু এম এল-০৫ৱাই,-১৩৮৮ নম্বৰৰ ট্ৰাক দুখনৰ লগত চালক আৰু সহ-চালক চাৰি জনক আটক কৰি সোধপোছ চলাই আছে। চালক সকলৰ পৰা আৰক্ষীয়ে ফকিৰাবজাৰৰ এখন কম্পিউটাৰ দোকানৰ পৰা ছপা কৰি অনা দুখন ভূৱা চালানও উদ্ধাৰ কৰে।ইপিনে আৰক্ষীয়ে ডিলাৰ আশ্ৰাফ হুছেইনৰ সৈতে আৰু দুজন লোক জড়িত থকাৰ সন্ধান পাইছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এই চক্ৰটোৱে চৰকাৰী তথা দুখীয়াৰ বাবে আবণ্টিত চাউল পেকেটিং কৰি অবৈধ ভাৱে বজাৰত মুকলি বিক্ৰী কৰি আহিছে। এই কাম সমুহ যোগান বিভাগৰ বৰমুৰীয়া সকলৰ পৰোক্ষ সহযোগত ৰাজ্য জুৰি চলি থকাৰ অভিযোগ উত্থাপন হৈছে। লগতে এই বৰমূৰীয়া সকলৰ বাবে বিভাগটো মুৰৰ পৰা গেলিবলৈ ধৰিছে। বৰমুৰীয়া সকলৰ কৃপাত একো একোজন বিষয়াই একো একোখন জিলাত ১০/১২ বছৰ ধৰি একে স্থানত কাৰ্য নিৰ্বাহ কৰি আহিবলৈ সক্ষম হৈছে। কৰিমগঞ্জত যিজন বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁ ১২ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছে ।তিনি বাৰকৈ তেওঁৰ বদলিৰ নিৰ্দেশ আহিছে যদিও একে স্থানত বাহাল অবস্থাত আছে। কি অদৃশ্য শক্তিৰ বলতে তেখেতে একে স্থানত কাৰ্য নিৰ্বাহ কৰি আছে? বিভাগীয় মন্ত্ৰী গৰাকীয়ে ও এই ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More