অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক – এবছু সভাপতি দ্বীপেন বড়ো 

তামুলপুৰত আশ্ৰয় শিবিৰত বন্যাৰ্তৰ বুজ ললে এবছু - গোর্খা ছাত্ৰ সন্থাই 

0 19

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ১৯ জুন : সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগে ছানি ধৰিছে। বছৰৰ দ্বিতীয়টো বানে অসমৰ জনসাধাৰণৰক জুৰুলা কৰি পেলাইছে। অসমৰ এনে এটা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছো যে ভাৰত চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক — এই ভাষ্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ। তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লবলৈ আহি আজি তেওঁ ২নং ডোঙৰগাঁৱত এইদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ পুনৰ কয়- কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক বা অসমৰ জনগণৰ স্বাৰ্থত এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ২০ হাজাৰ কোটি টকা দিব লাগে। বান সাহায্য যাতে অকণো পলম নহয় তাৰ বাবে চৰকাৰে নজৰ দিব লাগে। প্ৰসংগক্ৰমে তেওঁ পুনৰ উল্লেখ কৰে যে পানী কমিলে বানত আক্ৰান্তসকলৰ যি সকলে ইতিমধ্যে নিজৰ ঘৰ-মাটি সম্পত্তি হেৰুৱাব লগা হৈছে তেওঁলোকক পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। বান আৰু খহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালক এক কঠাকৈ হলেও চৰকাৰী ভূমি প্ৰদান কৰি প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত একোটাকৈ গৃহ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। বানত ক্ষতিগ্ৰস্ত খিলঞ্জীয়া লোকসকলক সহায় কৰাৰ কাৰণে চৰকাৰৰ কোনো বেদনা থাকিব নালাগে। ছাত্ৰ নেতা গৰাকীয়ে তামুলপুৰ জিলাৰ ২ নং ডোঙৰগাঁও আশ্ৰয় শিবিৰ পৰিভ্ৰমণ কৰি কয়- বৰনদীৰ বানত আক্ৰান্ত ৫৯ টা পৰিয়ালৰ শিশু-পুৰুষ- মহিলা সহ ২৬৪ গৰাকী লোকক ইয়াত ৰখা হৈছে। এই শিবিৰত থকা বন্যাৰ্ত সকলৰ বুজ লবলৈ আহি তেওঁলোকৰ সতে মত বিনিময় কৰিছোঁ। এক ভয়ংকৰ পৰিবেশত এই সকল লোকক বৰনদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি ইয়ালৈ লৈ অনা হৈছে। ইয়াত থকা অধিকাংশ লোকৰে ঘৰ-বাৰী, সা সম্পত্তি নদীৰ বুকুত জাহ গৈছে। সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ লগতে আমি নিখিল বড়ো ছাত্ৰ সন্থাই এই সকল লোকৰ খবৰ লবলৈ আহি ছাত্ৰ সংগঠন হিচাপে পাৰ্যমানে সাহায্য আগবঢ়াইছো। আমি এই সময়ত প্ৰশাসনক দাবী জনাইছো যাতে কোনো কাৰণত বান সাহায্য লেহেমীয়া নহয়। বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত যাতে কোনো কেৰোণ নাথাকে। ইপিনে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰীয়ে ছাত্ৰ সংগঠনটোৰ এটি সজাতি দল লৈ ২ নং ডোঙাৰগাঁৱত থকা আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰী বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত কয়- বলিয়া বানত সৰ্বশ্ৰান্ত হোৱা এই সকল লোকৰ বুজ লবলৈ আমি আহিছো আৰু বন্যাৰ্ত সকল যে অকলশৰীয়া নহয় বন্যাৰ্ত সকলৰ লগত যে আমি ছাত্র সংগঠনবোৰ আছো এই বার্তাও আমি ৰাইজক দিব বিচাৰিছোঁ। আমি চৰকাৰক দাবী জনাইছো বানাক্ৰান্ত সকলক যথোচিত সাহায্য আগবঢ়াওক। আশ্ৰয় শিবিৰত থকা প্ৰতিজন মানুহেই যাতে চৰকাৰী ভাবে পাব লগা সকলো সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈও আমিও তামুলপুৰ জিলা প্ৰশাসনৰ লগতে চৰকাৰক অনুৰোধ জনাইছোঁ। উল্লেখ্য যে যোৱা ১৬ জুনৰ নিশা বৰনদীৰ বানত যি সকল পৰিয়াল জলবন্দী হৈছিল সেই সকল পৰিয়ালৰ লোকক উদ্ধাৰৰ ক্ষেত্ৰত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসৰ, ৰনেন্দ্ৰ নাৰ্জাৰী , তামুলপুৰ জিলা প্ৰশাসন, বিভিন্ন জাতীয় দল সংগঠনৰ লগতে বাক্সা জিলা গোর্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়েও উদ্ধাৰ কাৰ্যত আগভাগ লৈছিল। উদ্ধাৰ কৰা লোক সকলক ২ নং ডোঙাৰগাঁৱত আশ্ৰয় শিবিৰ স্থাপন কৰি লোক সকলক গোর্খা ছাত্র সন্থাৰ স্থানীয় নেতা কৰ্মীৰ সহযোগত সৰ্বতোপ্ৰকাৰে সহায় সহযোগ কৰা মাধৱ ছেত্ৰীয়ে আজিও বান সাহায্য প্ৰদান কৰা কাৰ্য্যত গোর্খা ছাত্র সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দক সহায় সহযোগ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More