অসমৰ বাবে ৰেল কেতিয়া সুলভ হ’ব-ৰেলযাত্ৰী সংস্থা

বাতিল কৰা ৰেলবোৰ পুনৰ চলাচল কৰিবনে

0 152

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ ডিচেম্বৰঃ অসমত ৰে’ল সম্পৰ্কীয় বিষয়বোৰৰ ক্ষেত্ৰত অসম ৰেলযাত্ৰী সংস্থাই আজি ৰঙিয়াত অনুষ্ঠিত এক সংবাদমেলত বিস্তৃতভাবে সদৰী কৰে। সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই জনোৱা মতে-

১) ৰঙিয়া জংচনত ১২৪২৩ ৰাজধানী ষ্টপেজ : বিভিন্ন মহলে কৰি অহা দাবীৰ ফলত এন এফ ৰে’ল কৰ্তৃপক্ষই নামনি অসমৰ লগতে সমগ্ৰ উত্তৰ পাৰৰ জনসাধাৰণৰ বাবে দ্রুতগামী ৰে’লসেৱা আগবঢ়োৱাৰ বাবে সুদীৰ্ঘ দিন ধৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি ১২৪২৩/৪২৪ নং ৰাজধানী এক্সপ্ৰেছৰ এটা ষ্টপেজ ৰঙিয়া জংচনত অনুমোদন দিবলৈ ২০১৬ চনতে দিল্লীস্থ ৰে’ল বৰ্ডলৈ সৰ্বশেষ অনুমতি বিচাৰি প্ৰস্তাৱ প্ৰেৰণ কৰাৰ এতিয়া ৭ বছৰ হ’বলৈ ওলাইছে। অনুমোদন নহাত আমি বিভিন্ন উপায়ে পুনৰবাৰ ৰে’ল প্ৰশাসনৰ ওপৰত চাপ সৃষ্টি কৰি বিষয়টো নিষ্পত্তি কৰিবলৈ দ্বিতীয়বাৰলৈ উদ্যোগ গ্ৰহণ কৰিছিলো । ফলত আকৌ যোৱা ৬/৯/২২ ইং তাৰিখৰ T/240/6/pt.III (Rajdhani) নং চিঠি মর্মে N.F. Railway কৰ্তৃপক্ষই পুনৰ ৰে’লবৰ্ডলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিলে। অসম এখন সীমামূৰীয়া ৰাজ্য হোৱা সত্বেও অসমৰ বাবে বিশেষ বিবেচনা নকৰি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে সমস্যা সমাধানত গুৰুত্ব দিয়া দেখা নগ’ল। সেয়েহে আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ সাংসদসকলৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰবাৰ আবেদন জনালোঁ। এইক্ষেত্ৰত সাংসদ অজিত কুমাৰ ভূঞা, ভুবনেশ্বৰ কলিতা তথা দিলীপ শইকীয়াই বিষয়টো উত্থাপন কৰা বুলি জানিব পাৰিছো যদিও আনুষ্ঠানিক অনুমোদন আহি পোৱা নাই।WhatsApp Image 2022 12 11 at 3.37.37 PM
২) অসমৰ স্থানীয় ৰাইজৰ বাবে প্ৰয়োজনীয় ৰে’ল পুনৰ প্ৰচলন সন্দৰ্ভত : কোভিডৰ সময়ত সকলোবোৰ ট্ৰেইন বন্ধ কৰি পিছলৈ পৰ্যায়ক্রমে ট্ৰেইনবোৰৰ চলাচল আৰম্ভ কৰা হ’ল যদিও আগতে পাই অহা বহুবোৰ সুবিধা কৰ্তন কৰি সাধাৰণ জনতাক ৰে’ল বিমুখ কৰা হ’ল। অনৈতিকভাৱে ভাড়া বৃদ্ধি কৰা হ’ল, ষ্টপেজ উঠাই দিয়া হ’ল, যাত্রাপথ সংকুচিত কৰা হ’ল এনেকুৱা বৰ্ষটোত যিটো বৰ্ষত কোভিডৰ ভয় দেখুৱাই মানুহক ঘৰতে সোমাই থাকি সুৰক্ষিত হৈ থাকিবলৈ উপদেশ দিয়া হৈছিল। তাতেই ক্ষান্ত নাথাকি কেবল মালবাহী ট্রেইন চলাই বেছি বেছি উপাৰ্জন কৰাৰ স্বাৰ্থত প্ৰায় ১৩খন মান ট্ৰেইনৰ সেৱা বাতিল কৰি দিলে । তাৰ ভিতৰত স্থানীয় ৰাইজৰ জীৱিকাৰ স্বাৰ্থত ব্যৱহাৰ হোৱা নিম্নোক্ত ৮ খনমান ট্রেইন বন্ধ ৰাখি ব্যৱসায়ী মহলৰ স্বাৰ্থতহে কেৱল ৰে’লপথক ব্যৱহাৰ কৰা হ’ল যাৰ আমি প্ৰতিবাদ কৰিছোঁ। শেহতীয়াভাৱে এন এফ ৰেল কৰ্তৃপক্ষই ট্ৰেইন পুনৰ চলোৱাৰ বাবে অনুমতি বিচাৰি ৰে’লবৰ্ডলৈ লিখিছে বুলি আমাক জনাইছে। কিন্তু পৰিতাপৰ কথা আজিলৈ ৰে’ল বৰ্ড নিমাত। সেয়ে আমি সাংসদ, ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছোঁ ৷
বাতিল কৰি ৰখা অত্যাৱশীয় ট্ৰেইনবোৰৰ তালিকা
১) গুৱাহাটী— নিউ বঙাইগাঁও পেচেঞ্জাৰ (৫৫৮১৮)
২) আলিপুৰদুৱাৰ জংচন— গুৱাহাটী আই চি (১৫৭৭১)
৩) মৰিয়নী— ডিমাপুৰ পেচেঞ্জাৰ (৫৫৯০৩)
৪) ডিব্ৰুগড়— ডেকাৰগাঁও তেজপুৰ) আই চি
৫) ডিব্ৰুগড় লিডু পেচেঞ্জাৰ
৬) ডিব্ৰুগড় – গুৱাহাটী শতাব্দী (১২০৮৬)
৭) ডিব্ৰুগড়— কলকাতা চুপাৰফাষ্ট (১২৫২৫)
৮) নিউ জলপাইগুৰি ৰঙিয়া (নিউবঙাইগাঁও — ৰঙিয়া অংশ
৩) ৰে’ল ভ্ৰমণ যন্ত্রণাদায়ক হৈ ৰোৱা সম্পৰ্কতঃ N F Railwayৰ মুঠ ৰেলপথৰ প্ৰায় ৬০ শতাংশ ৰে’ল পথ অসমতে যদিও অসমৰ মানুহৰ বাবে ৰে’লত উঠি ৰে’ল সেৱা ল’বলৈ ৰে’লভ্ৰমণক প্ৰথম পচন্দৰ ভ্ৰমণৰ মাধ্যম হিচাপে ল’ব পৰা অৱস্থা আহি পৰা নাই ৷ প্ৰয়োজনীয় ৰে’ল সেৱা নাই আৰু থকাবোৰতো উঠা-নমা কৰিবলৈ যুক্তিসংগত ষ্টপেজ নাই। ৰঙিয়াৰ ৰাজধানীৰ প্ৰসংগ উল্লেখ কৰিছোৱেই ৷ তাৰ লগতে বহুবোৰ ষ্টেচনত ৰে’ল ষ্টপেজ নথকাৰ ফলত ৰাইজে ৰে’ল অৱৰোধ পর্যন্ত কৰিছে। বিক্ষোভত বহিছে। দুখৰ বিষয় ৰেল কৰ্তৃপক্ষই ষ্টপেজৰ ব্যৱস্থা নকৰি ওলোটাই আন্দোলনকাৰী নেতৃত্বৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাহে গ্ৰহণ কৰি অহা দেখা গৈছে। শেহতীয়াভাৱে গম পোৱা মতে NFR কর্তৃপক্ষই নিম্নোক্ত ষ্টেচনবোৰত ট্ৰেইন ৰখাবলৈ বুলি অনুমতি বিচাৰি নিয়ম মানিবলৈ গৈ ৰে’লবৰ্ডলৈ প্ৰস্তাৱ প্ৰেৰণ কৰি পঠিয়াইছে যদিও দিল্লীমহল নিমাত। সেয়ে প্ৰয়োজন হৈ পৰিছে আমাৰ  সাংসদসকলৰ লগতে ৰাজ্য চৰকাৰৰ সক্ৰিয় ভূমিকাৰ । আমাৰ প্ৰশ্ন হ’ল এটা ক্ষেত্ৰীয় কাৰ্যালয়ৰ অধীনতে চলাচল কৰা ট্ৰেইন এখনৰো সমস্যা সমাধান মুখ্য কাৰ্যালয় মালিগাঁৱত নহৈ দিল্লীত কিয়? এনে এক প্রেক্ষাপটত আমি সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছো ৰে’ল সেৱাক গতি দিয়ক, ভ্রমণ সহজলভ্য কৰক, চৰকাৰী ৰাজহুৱা ৰে’ল যাতায়াত ব্যৱস্থাটোক কেৱল ব্যৱসায়ীৰ স্বাৰ্থতেই নহয় সৰ্বসাধাৰণ ৰাইজৰ বাবেও ব্যৱহাৰ হওক। উন্নত ৰাজ্য এখন বিচৰাত কোনো মহলৰ নিশ্চয় আপত্তিৰ প্রশ্ন নেথাকিব ।
অনুমোদনৰ অপেক্ষাত পৰি থকা কিছুসংখ্যক ষ্টপেজৰ প্ৰস্তাৱ-
১। ধেমাজীৰ বাবে ২০৫০৫ ৰাজধানী
২। বেদেতীৰ বাবে ১৫৮৯৫ ৰঙিয়া-মুৰ্কংচেলেক
৩। বিশ্বনাথ চাৰিআলি ২২৪১১
৪। নিউ মিছামাৰী ২২৪১১ আৰু ১৫৮১৭
৫। ওডালগুৰি বাবে ১৫৯২৯ চেন্নাই
৬। খৈৰাবাৰী ১৫৮১৫, ১৫৬১৩
৭। ছিয়াজুলী ১৫৮১৩
৮। মাজবাট ২২৪১১, ১৫৯৬১
৯। গোৰেশ্বৰ ১৫৬১৩
১০। ৰঙিয়া ১২৪২৩
অন্যান্য বহুবোৰ ষ্টেচন যেনে কোকৰাঝাৰ, গোসাইগাঁও, ফকিৰাগ্ৰাম, গোৱালপাৰা আদিৰ বাবেও ষ্টপেজৰ প্রস্তাব পঠিওৱা হৈছে যিবোৰৰ অনুমোদন আহি পোৱা নাই ।
এইবোৰ ৰাজ্যিক সমস্যাৰ উপৰিও ৰে’ল ডিভিজন সদৰৰ কাষতে লাগি থকা RM-2 নং ৰে’ল গেটত ROB নিৰ্মাণৰ বিষয়টো নিষ্পত্তি কৰিবলৈ ৰঙিয়াৰ বিধায়কৰ লগতে সাংসদগৰাকীৰ যৌথ প্রচেষ্টা আমি কামনা কৰিলোঁ। ইয়াৰ উপৰিও দক্ষিণ ৰঙিয়া অঞ্চলৰ এক বিশাল গ্ৰামাঞ্চলৰ জনসাধাৰণে ৰে’ল দেখি থাকে কিন্তু উঠিব নোৱাৰে। দৈনন্দিন জীৱনত প্ৰয়োজন হোৱাকৈ ভাৰতীয় ৰে’ল বিভাগে লোকেল ট্ৰেইনৰ সুব্যৱস্থা ৰাখিছে যদিও অসমৰ মানুহৰ তেনে ভাগ্য হোৱা নাই। সম্প্রতি দ্বৈত লাইন তথা বৈদ্যুতিকীকৰণ হোৱালৈ চাই চেপ্তী SK-II ৰে’ল গেটৰ কাষত এটা হল্ট ষ্টেচন নিৰ্মাণৰ দাবী ৰাইজে উত্থাপন কৰিছে যিটো অত্যন্ত যুক্তিসংগত দাবী। ৰেল বিভাগৰ সৈতে যোগাযোগ কৰি আমাৰ সাংসদসকলে ষ্টেচনটো নিৰ্মাণৰ বাবেও উদ্যোগী হ’ব বুলি অসমৰ ৰেলযাত্ৰী সংস্থাই আশা প্ৰকাশ কৰিলোঁ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More