অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল ২৬ জানুৱাৰীত প্ৰেৰণ কৰা হ’ব আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতাললৈ,

চিএন চেণ্টাৰত হৃদৰোগী শিশুৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ শিবিৰ সম্পন্ন

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জানুৱাৰী: জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত অসমৰ শিশুৰ প্ৰথমটো দলক চিকিৎসাৰ বাবে অহা ২৬ জানুৱাৰীত আহমেদাবাদস্থিত শ্ৰীসত্য সাই হাৰ্ট হস্পিতাললৈ প্ৰেৰণ কৰা হ’ব। অসম চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত যোৱা ৭ জানুৱাৰীত সম্পাদিত বুজাবুজি চুক্তিৰ অধীনত দেশৰ এই অগ্ৰণী হৃদৰোগ চিকিৎসা প্ৰতিষ্ঠানখনে অসমৰ হৃদৰোগী শিশুসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ বিশ্বমানৰ চিকিৎসা সেৱা আগবঢ়াব। জৰুৰী চিকিৎসা তথা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা গুৰুতৰ হৃদৰোগী শিশুসকলক এই প্ৰথমটো দলত আহমেদাবাদলৈ প্ৰেৰণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ সহযোগত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীনৰ হৃদয়বক্ষ আৰু স্নায়ুৰোগ কেন্দ্ৰ (চি এন চেণ্টাৰ)ত এনে জন্মগত জটিল হৃদৰোগত আক্ৰান্ত শিশুসকলৰ এটা প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা শিবিৰ (স্ক্ৰীণিং কেম্প) অনুষ্ঠিত কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিং আৰু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে আগবেলা চিএন চেণ্টাৰত বন্তি প্ৰজ্বলনেৰে এই স্ক্ৰীণিং শিবিৰৰ শুভাৰম্ভণি কৰে। জটিল হৃদৰোগত আক্ৰান্ত শিশুসকলক চিনাক্তকৰণৰ বাবে আয়োজিত এই স্বাস্থ্য পৰীক্ষণ শিবিৰ মুকলি কাৰ্যসূচীত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ পৰিচালন ন্যাসৰক্ষী মনোজ ভিমানী, এনএইচএম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, চিএন চেণ্টাৰৰ সঞ্চালক ডাঃ বি বৈশ্য, হৃদৰোগ বিভাগৰ অধ্যাপক ডাঃ প্ৰণৱ ভট্টাচাৰ্যও উপস্থিত থাকে। এই স্ক্ৰীণিং কেম্পত আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ পৰা অহা সাতজনীয়া হৃদৰোগ বিশেষজ্ঞৰ এটা দলে চিএন চেণ্টাৰৰ হৃদৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ সহযোগত অসমৰ হৃদৰোগত আক্ৰান্ত শিশুসকলৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা কৰে। আহমেদাবাদত চিকিৎসাৰ প্ৰয়োজন থকা শিশু ৰোগীসকলক প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ পৰা অহা হৃদৰোগ বিশেষজ্ঞৰ দলটোত আছে ডাঃ হৰিশ পাটেল, ডাঃ টি এন ৰমন, ডাঃ নীৰজ অগ্ৰৱাট, ডাঃ পৱন পাটেল, ডাঃ বৰুণ তিৱাৰী আৰু ডাঃ ভৱেশ ওজা। তেওঁলোকক সহযোগিতা আগবঢ়াইছে চি এন চেণ্টাৰৰ হৃদৰোগ বিশেষজ্ঞ তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্য, হৃদৰোগ অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ ফাহিম ইকবাল, ডাঃ উজ্জ্বল শৰ্মা, উপ অধীক্ষকদ্বয় ডাঃ ৰাণাদ্বীপ দাস আৰু ডাঃ ৰাজীৱ ৰয়বৰুৱা (পেডিয়াট্ৰিক ছাৰ্জন)ই। বুজাবুজি চুক্তি অনুসৰি জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত অসমৰ পাঁচশ শিশু আৰু পাঁচশ প্ৰাপ্তবয়স্ক হৃদৰোগীক অহা দুবছৰৰ ভিতৰত আহমেদাবাদ আৰু ৰাজকোটৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতালত বিশ্বমানৰ চিকিৎসা তথা অস্ত্ৰোপচাৰৰ সুবিধা আগবঢ়োৱা হ’ব। এই হৃদৰোগী শিশু তথা বয়সস্থ লোকসকলৰ চিকিৎসাৰ সমস্ত ব্যয়ৰ লগতে খোৱা-বোৱাৰ খৰছো শ্ৰীসত্য সাই হস্পিতাল ন্যাসে আগবঢ়াব। একেদৰে, অসমৰ পৰা হৃদৰোগৰ আগশাৰীৰ দাতব্য চিকিৎসালয়খনলৈ চিকিৎসা গ্ৰহণৰ বাবে পঠিওৱা প্ৰতিগৰাকী শিশু তথা হৃদৰোগী ৰোগী আৰু অভিভাৱকসকলৰ যাতায়তী খৰছকে ধৰি আন আনুষংগিক ব্যয় সম্পূৰ্ণ ভাৱে ৰাজ্য চৰকাৰে বহন কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More