অসমৰ ২৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

0 16

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ আগষ্টঃ সোমবাৰে দেশবাসীয়ে উদযাপন কৰিব স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ। অসমৰ বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ পদক। এইবাৰ ডিষ্টিংগুইচ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসলৈ। অসমৰ মাত্ৰ এজনে লাভ কৰিছে এই সন্মান। হিমাংশু প্ৰসাদ দাসে দুধনৈত ১৯৮৮ চনত চাকৰিত সোমাইছিল। প্ৰথমে দুধনৈ তাৰ পিছত গোৱালপাৰা আৰু এতিয়া দিছপুৰৰ এ চি পি হিচাপে দায়িত্বত আছে হিমাংশু প্ৰসাদ দাস। সেইদৰে গেলেণ্টেৰী সেৱাৰ বাবে অসমৰ আঠগৰাকী আৰক্ষীলৈ পুলিচ মেডেল আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে এছ ডি পি অ’ জোন দাস, উপ-পৰিদৰ্শক জিতুমণি ডেকা, বিতোপন চেতীয়া, অচ্যুত নাথ, লেন্সনায়ক শম্ভু ৰংহাং, কনিষ্টবল ছাম্বৰ ৰংপি, কনিষ্টবল সুন্দৰ সিং টকবী আৰু কনিষ্টবল গ্ৰেটছন মাৰাক। আনহাতে মেৰিট’ৰিয়াছ সেৱাৰ বাবে অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে আৰক্ষীৰ পদক। তেওঁলোক হৈছে উপ-আৰক্ষী আয়ুক্ত দিগন্ত কুমাৰ চৌধুৰী, আৰক্ষী অধীক্ষক বিৰাজ দাস, উপ আৰক্ষী অধীক্ষক অমৃত চন্দ্ৰ কলিতা, পৰিদৰ্শক অসীম বৰা, পৰিদৰ্শক জয়ন্ত কুমাৰ বৰ্মন, সহকাৰী উপ-পৰিদৰ্শক দেবেন্দ্ৰ নাথ দাস, লেন্স নায়ক পূৰ্ণ চন্দ্ৰ দাস, লেন্স নায়ক কমল চেত্ৰী, লেন্স নায়ক খৰ্গেশ্বৰ নাথ, লেন্স নায়ক দীপক ভূঞা, কনিষ্টবল দণ্ডধৰ বৰ্মন, কনিষ্টবল ৰঞ্জিত শৰ্মা, কনিষ্টবল জোনমণি কুৰ্মী আৰু মহিলা কনিষ্টবল দিপালী গগৈ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More