অসমৰ ৩ ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানলৈ ভাৰত চৰকাৰৰ ‘লক্ষ্য’ প্ৰমাণপত্ৰ

নগাঁও-তিনিচুকীয়া অসামৰিক চিকিৎসালয়, টিয়ক এফআৰইউ-এ পালে স্বীকৃতি

0 18

দিছপুৰ, ১৩ মে’: ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানত সুৰক্ষিত সন্তান প্ৰসৱৰ লগতে প্ৰসূতি আৰু নৱজাতক শিশুৰ বাবে উপযুক্ত যতন উপলব্ধ হোৱাটো সুনিশ্চিতকৰণত সফলতাৰ বাবে অসমৰ তিনিখন চৰকাৰী চিকিৎসালয়লৈ ‘লক্ষ্য প্ৰমাণপত্ৰ’ আগবঢ়াইছে ভাৰত চৰকাৰে। প্ৰসৱ কক্ষ আৰু প্ৰসূতি অপাৰেছন থিয়েটাৰৰ গুণগত মান, পৰিচ্ছনতা, সুৰক্ষিত সেৱাৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয় আৰু যোৰহাট জিলাৰ টিয়ক এফআৰইউক ‘লক্ষ্য প্ৰমাণিকৰণ কাৰ্যসূচী’ৰ অধীনত স্বীকৃতি প্ৰদান কৰিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি প্ৰকাশ কৰা মতে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰসৱ কক্ষ আৰু প্ৰসূতি অপাৰেছন থিয়েটাৰ আৰু তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি অপাৰেছন থিয়েটাৰে নিৰ্দিষ্ট পাঁচটা মুখ্য মানকৰ আটাইকেইটা পূৰণ কৰি পূৰ্ণ ৰূপে ‘লক্ষ্য’ প্ৰমাণিকৰণ স্বীকৃতি লাভ কৰাৰ সমান্তৰালকৈ তিনিচুকীয়াৰ জিলা অসামৰিক চিকিৎসালয়খনৰ প্ৰসৱ কক্ষ আৰু টিয়ক এফআৰইউৰ প্ৰসৱ কক্ষই পাঁচটা মানকৰ চাৰিটাকৈ পূৰণ কৰাৰ বাবে চৰ্তসাপেক্ষ ‘লক্ষ্য’ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক বিকাশ শীলে শেহতীয়া এখন চৰকাৰী পত্ৰ যোগে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক এই লক্ষ্য প্ৰমাণিকৰণ স্বীকৃতিৰ বিষয়ে আনুষ্ঠানিক ভাৱে অৱগত কৰিছে।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২০১৭ চনৰ পৰা দেশৰ ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠান (চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়, জিলা চিকিৎসালয়, এফআৰইউ আদি)ৰ প্ৰসৱ কক্ষ আৰু প্ৰসূতি অপাৰেচন থিয়েটাৰত প্ৰসূতি আৰু সদ্যোজাত শিশুৱে যাতে উচ্চ গুণগত মানৰ যতন আৰু সুৰক্ষিত সেৱা লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰিবলৈ ‘লক্ষ্য’ (LaQshya) কাৰ্যসূচীৰ জৰিয়তে চিকিৎসালয়ৰ প্ৰসৱ কক্ষ আৰু প্ৰসূতিৰ অপাৰেচন থিয়েটাৰসমূহ বিভিন্ন মানকৰ আধাৰত প্ৰমাণিকৰণ কৰি ‘লক্ষ্য প্ৰমাণ পত্ৰ’ প্ৰদানৰ ব্যৱস্থা কৰিছে। লক্ষ্য প্ৰমাণিকৰণৰ অধীনত স্বতন্ত্ৰ বহিঃ মূল্যায়নকাৰীৰ জৰিয়তে এনে চিকিৎসালয় পৰিদৰ্শন কৰাই সুৰক্ষিত সন্তান প্ৰসৱ, প্ৰসূতি আৰু নৱজাতকৰ উপযুক্ত যতন আৰু প্ৰসৱ কক্ষ তথা প্ৰসূতি অপাৰেছন থিয়েটাৰৰ ভিতৰচৰাৰ সম্পূৰ্ণ পৰিষ্কাৰ-পৰিচ্ছন্নতা সুনিশ্চিত কৰাৰ ব্যৱস্থা কাৰ্যকৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে। লক্ষ্য প্ৰমাণপত্ৰ আহৰণত সফলতা লাভ কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তই চিকিৎসালয় কেইখনৰ অধীক্ষক, চিকিৎসক-স্বাস্থ্যকৰ্মীসকলক অভিনন্দন জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More