অসম-অৰুণাচলত বায়ুসেনাৰ বৃহৎ অনুশীলন

 পূৰ্বনিৰ্ধাৰিত নিয়মীয়া অনুশীলনৰ অংশ-বায়ুসেনা

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ডিচেম্বৰঃ কালিৰে পৰা অসম আৰু অৰুণাচলক সামৰি দুদিনীয়াকৈ চলোৱা হৈছে দেশৰ বায়ুসেনাৰ এক বৃহৎ অনুশীলন৷ যোৱা ৯ ডিচেম্বৰৰ পাছত অৰুণাচল প্ৰদেশৰ ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োপক্ষৰ সেনাৰ মাজত হোৱা সংঘাতৰ পাছত দেশৰ বায়ুসেনাৰ এই অনুশীলন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে যদিও ৯ ডিচেম্বৰৰ ঘটনাৰ সৈতে এই অনুশীলনৰ কোনো সম্পৰ্ক নাই বুলি প্ৰকাশ কৰিছে বায়ুসেনাই৷ বায়ুসেনাৰ তৰফৰ পৰা এইকথা স্পষ্ট কৰি কোৱা হৈছে যে,দেশৰ বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত কালিৰে পৰা আৰম্ভ হোৱা দুদিনীয়া অনুশীলন পূৰ্বপৰিকল্পিত আৰু নিয়মীয়া প্ৰক্ৰিয়াৰে অংশ৷ ইয়াৰ স’তে টাৱাঙৰ শেহতীয়া ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি দোহাৰি লগতে কোৱা হৈছে যে,এই ঘটনাৰ বহু পূৰ্বেই এই অনুশীলনৰ বাবে পৰিকল্পনা কৰা হৈছিল৷দেশৰ বায়ুসেনাৰ কৰ্মী সকলৰ প্ৰশিক্ষণৰ অংশ হিচাপেই এই অনুশীলন বুলিও স্পষ্ট কৰিছে বায়ুসেনাই৷ উল্লেখযোগ্য যে,এই অনুশীলনত দেশৰ অন্যতম যুঁজাৰু বিমান চুখই এম কে আইৰ লগতে ৰাফেল তথা আগশাৰীৰ সকলো যুদ্ধবিমান ব্যৱহাৰ কৰা হ’ব বুলি নিউজ এজেঞ্চিৰ বাতৰিত প্ৰকাশ পাইছে৷ তদুপৰি, এই বৃহৎ অনুশীলনৰ বাবেই ১৫ আৰু ১৬ ডিচেম্বৰত অৰুণাচলৰ বৃহৎ অংশৰ লগতে অসম,নগালেণ্ড আৰু মণিপুৰৰ কিছু অংশ উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে৷ ৯ ডিচেম্বৰৰ পাছৰ পৰাই দেশৰ সীমান্তৱৰ্তী এলেকাত দেশৰ বায়ুসেনাৰ গতিবিধিও পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱাৰ বিপৰীতে সীমাৰ সিপাৰে আগ্ৰাসী চীনৰ যুঁজাৰু বিমান আৰু ড্ৰোনৰ ছবি ইতিমধ্যেই উপগ্ৰহৰ পৰা তোলা ছবিত স্পষ্ট হোৱাত সম্প্ৰতি বিষয়টোলৈ যথেষ্ট চৰ্চিত হৈছে দেশৰ সীমান্তৱৰ্তী অঞ্চলত৷ ইপিনে ৰাজ্যৰ তেজপুৰৰ লগতে অৰুণাচল প্ৰদেশৰ টাৱাং স্হিত বায়ুসেনাৰ ঘাটিত ইতিমধ্যে এডভাঞ্চ লেণ্ডিং ব্যৱস্থা গঢ়ি তোলাৰ উপৰি দেশৰ বায়ুসেনাই অৰুণাচল প্ৰদেশত ২০১৬ৰ পৰা বৰ্তমান পৰ্যন্ত মুঠ আঠস্হানত এডভাঞ্চ লেণ্ডিং ব্যৱস্থা গঢ়ি তুলিছে৷ উল্লেখযোগ্য যে,বায়ুসেনাই এই অনুশীলনত কি কি বিমান ব্যৱহাৰ কৰিব সেই বিষয়ে কোনো তথ্যই প্ৰকাশ কৰা নাই যদিও অত্যাধুনিক যুঁজাৰু বিমানৰ লগতে অতিকায় চিনুক হেলিকপ্টাৰো এই অনুশীলনত ব্যৱহাৰ কৰা বুলি ব্যাপক চৰ্চা চলিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More