অসম-অৰুণাচল সদ্ভাৱ চাইকেল যাত্ৰাৰ ধেমাজিত প্ৰৱেশ

পদ্মশ্ৰী য়েছে দৰজে ঠংচিৰ সমৰ্থনত পাচিঘাট-গুৱাহাটী চাইকেল যাত্ৰা

0 63

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ আগষ্টঃ অসম সাহিত্য সভাৰ সভাপতি পদৰ অন্যতম প্ৰাৰ্থী য়েছে দৰজে ঠংচিৰ সমৰ্থনত আৰু অসম-অৰুণাচলৰ ভ্ৰাতৃত্ববোধ শক্তিশালী কৰাৰ স্বাৰ্থত আবিদ আজাদ নামৰ যুৱকজনে আৰু এজন সতীৰ্থ চফিউজ জামানৰ সৈতে আজি পুৱা পাছিঘাটৰ পৰা গুৱাহাটীলৈ চাইকেল যাত্ৰা আৰম্ভ কৰে।facebook 1660401611320 6964229119968817622 আজি নিশা ধেমাজিত কটাব লগা দুঃসাহসিক অভিযানকাৰী তথা “লুইতপৰীয়া ট্ৰেভলাৰ” বুলি পৰিচিত আবিদ আজাদে নিশা ৭.৪০ বজাত টেলিফোনযোগে “শতাব্দ”ক জনোৱা মতে সেইসময়ত তেঁওলোকৰ যাত্ৰাই চিলাপথাৰ অতিক্ৰম কৰি আহিছে আৰু ধেমাজিৰ দিশে চাইকেল যাত্ৰা অব্যাহত আছে। কাইলৈ পুৱা ৫ বজাতে ধেমাজিৰ পৰা ওলাই আহিব লগা যুৱকদুজনে ১০-১১ মান বজাত লখিমপুৰত উপস্থিত হব। কাইলৈ লখিমপুৰ পোৱাৰ পিছত তেঁওলোকে বান্দৰদেৱা হৈ নাহৰলগন, ইটানগৰ-গহপুৰত উপস্থিত হৈ বিশ্বনাথ চাৰিআলিত নিশা কটাব।পিছদিনা নগাঁৱত নিশা কটাই পৰৱৰ্তী দিনটোত দুয়ো গুৱাহাটীত উপস্থিত হবগৈ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More