অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ বিয়োগত শোক

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ লখিমপুৰ জিলাৰ শ’লাল গাঁও নিবাসী তথা অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ [৯৩] যোৱা বৃহস্পতিবাৰে নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ তেওঁৰ বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে অঞ্চলটোৰ এসময়ৰ অতি জনপ্ৰিয় শৰ্মাৰ বিয়োগত বিভিন্ন লোকে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ বোৱাৰীকে ধৰি এগৰাকী কন্যা সহ বহু আত্মীয় স্বজনক এৰি থে যায় ৷ যোৱা দুমাহ পূৰ্বে তেওঁৰ সহধৰ্মিনী ভানু দেৱীৰ অকাল বিয়োগ ঘটিছিল৷ অসম আন্দোলনৰ সময়ত এইজন লোকে চৰকাৰী বাহিনীৰ হাতত নিৰ্যাতিত হৈছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More