অসম আৰক্ষীৰ ‘ৰাইড অব প্ৰাইড মটৰ চাইকেল’ ৰেলী উপস্থিত হ’ল তেজপুৰত

0 9

শতাব্দ  প্ৰতিনিধি তেজপুৰ, ৩ মে: প্ৰতিকূল বতৰৰ মাজতে আজি বিয়লি প্ৰায় ৫-৩০বজাত আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অব প্ৰাইড মটৰ চাইকেল দলে শোণিতপুৰত প্ৰবেশ কৰে । উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা প্ৰেচিডেণ্টচ কালাৰ্চ সন্মান পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ২৭খন জিলাৰ ২ হেজাৰ ৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে পহিলা মে’ত ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অসম আৰক্ষীৰ “ৰাইড অব প্ৰাইড ” মটৰচাইকেল ৰেলীক শোণিতপুৰত আজি উষ্ম আদৰণি জনোৱা হয়। অসম আৰক্ষীৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক(ক্ৰীড়া) আনন্দ মিশ্ৰৰ নেতৃত্বত অহা জাতীয় সংহতি মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰা আৰক্ষী বিষয়া সকলক শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শোণিতপুৰ আৰক্ষীৰ হৈ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ফুলাম গামোচাৰে আদৰণি জনায়। উল্লেখ্য যে অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা আৰক্ষী পতাকা লাভ কৰাটোক অসম আৰক্ষীৰ দক্ষতা আৰু পাৰদৰ্শিতাৰ এক বৃহৎ সফলতা বুলি গণ্য কৰি অসম আৰক্ষীৰ সহকাৰী উপ মহাপৰিদৰ্শক মিশ্ৰৰ নেতৃত্বত অহা মটৰ চাইকেল অভিযানকাৰী আৰক্ষীৰ এই দলটোৱে নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰি ৭ মে’ত গুৱাহাটীত উপস্থিত হ’ব। আনহাতে ১০মে’ত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন হ’বলগীয়া এক বিশেষ অনুষ্ঠানত দেশৰ গৃহ মন্ত্ৰী অমৃত শ্বাহে অসম আৰক্ষীক দেশৰ ৰাষ্ট্ৰপতিৰ হৈ প্ৰেচিডেণ্টচ কালাৰ প্ৰদান কৰিব। উল্লেখ্য যে এই সন্মানৰে সন্মানিত অসম আৰক্ষী দেশৰ দশমখন ৰাজ্যৰ ৰাজ্যিক আৰক্ষী। মটৰ চাইকেল ৰেলীৰ আৰক্ষী দলটোৱে আজি নিশা তেজপুৰত অতিবাহিত কৰি কাইলৈ পুৱা শদিয়া অভিমুখে যাত্ৰা কৰিব

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More