পবা বৰ্ষাৰণ্যই অভয়াৰণ্যৰ স্বীকৃতি পোৱাৰ আশা আছেনে ?

অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ মুকলি চিঠি

0 129

শ্ৰদ্ধাভাজনেষু,
নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে আপোনালৈ আমাৰ আন্তৰিক অভিনন্দন আৰু ওলগ জনাইছোঁ। আপোনালোকৰ সবল নেতৃত্বত অসমৰ বন আৰু পৰিৱেশ সংৰক্ষণৰ বাবে দুখনকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ লগতে বহু কেইখন অভয়াৰণ্য ঘোষণাৰ ক্ষেত্ৰত যি ইতিবাচক কাৰ্যসূচী গ্ৰহণ কৰিলে তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
মহোদয়, আপুনি ভালদৰেই অৱগত যে উত্তৰ অসমৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ বৈচিত্ৰ্যৰ অপূৰ্ব ভঁৰাল ৰূপে চিহ্নিত পবা বৰ্ষাৰণ্যৰ আমাৰ অসম তথা ধেমাজিবাসীৰ বাবে কিমান গুৰুত্বপূৰ্ণ। যাৰ গুৰুত্ব বুজিয়েই স্বয়ং আপুনিও এসময়ত নেচাৰ্ছ বেকন, চেভ পবা ৰেইন ফৰেষ্ট আদি সংগঠনসমূহৰ লগত লগ হৈ পবা সংৰক্ষণৰ বাবে পবা বৰ্ষাৰণ্যত গৈ বিভিন্ন কাৰ্যসূচীৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে। আপুনি যি সময়ত মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বত আছিল, তেতিয়া আপোনাৰ প্ৰকৃতিৰ প্ৰতি থকা অগাধ ভালপোৱা আমাৰ সকলোৰে দৃষ্টি গোচৰ হৈছিল। এতিয়া সেই ভালপোৱাবোৰ কৰবাত স্তিমিত হৈ পৰিল নেকি?
বৰ্তমান আপুনি অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী। আপুনি নিবিচাৰে নে আপোনাৰ অঞ্চলৰ সামাজিক আৰ্থিক বিকাশৰ বাবে এখন সমৃদ্ধিশালী বৰ্ষাৰণ্য জীয়াই থাকক? প্ৰকৃতিৰ প্ৰতি থকা দায়িত্বৰ ক্ষেত্ৰত আপুনি আমাতকৈ যথেষ্ট অভিজ্ঞ। তথাপি কওঁ, “আমি উশাহ নোলোৱাকৈ জীয়াই থাকিব নোৱাৰো।” কিন্তু পবাত বিগত দুই-তিনি বছৰত যিদৰে বন ধ্বংস আৰু বেদখল আৰম্ভ হৈছে তাৰ পৰা নিশ্চিত যে আমি অক্সিজেনৰ বিকল্প কিবা বিচৰাৰ সময় সমাগত। আপোনাৰ গৃহ জিলা ধেমাজি আজি বন ধ্বংসত অসম তথা ভাৰতৰ ভিতৰতে জিলিকি পৰিছে, পবা যদি সুৰক্ষিত নহয় তেন্তে এই ক্ষতিপূৰণ কেতিয়াও আদায় কৰিব আমি নোৱাৰিম। প্ৰতি মুহূৰ্ততে জৈৱ বৈচিত্ৰৰে ভৰপূৰ পবা বুলি আমি যদিও উচ্চাৰণ কৰোঁ কিন্তু প্ৰকৃতাৰ্থত পবাৰ জৈৱ বৈচিত্ৰ বৰ্তমান একেবাৰেই পুতৌ লগা অৱস্থা। বৰ্ষাৰণ্যৰ মৰ্যাদা কেতিয়াবাই পবাই হেৰুৱাই পেলাইছে। নিঃশেষ হবলৈ আৰম্ভ কৰা এই পবা বৰ্ষাৰণ্যখন আপুনি আজিৰ তাৰিখতো আগতে বিচৰা দৰেই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাটো বিচাৰেনে?
পবাৰ ভিতৰৰ বহু অঞ্চললৈকে আমি চলোৱা এক জৰীপত দেখিছোঁ যে পবাত বৰ্তমান বন্যপ্ৰাণীৰ অৱস্থিতি তেনেই সেৰেঙা, ইয়াৰ বাবে একমাত্ৰ দায়ী আমাৰ প্ৰশাসন তথা আপোনাৰ চৰকাৰ। তাত পৰ্যাপ্ত পৰিমাণৰ বনকর্মী অভাৱ আৰু তেওঁলোকৰ হাতত নাই বিশেষ সঁজুলি। তাৰ দাঁতিকাষৰীয়া মানুহে কেৱল খৰি সংগ্ৰহৰ নামতেই বনাঞ্চলখন ধ্বংসৰ মুখলৈ ঠেলি পঠাইছে। আভ্যন্তৰত আমি নীতি-বহিৰ্ভূতভাৱে মৎস্য চিকাৰৰ দৃশ্যও দেখা পাইছোঁ। এইবোৰ কথা উল্লেখৰ মাজেৰে আমি এটা কথাই কব বিচাৰো একমাত্ৰ আপোনাৰ সদিচ্ছাতহে পবাই অভয়াৰণ্যৰ স্বীকৃতি পাব পাৰে। যদি আপোনাৰ সঁচাকৈয়ে সদিচ্ছা আছে, তেন্তে পবাই কেতিয়া বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি পাব? জনাবচোন।

     অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে দুবাৰকৈ ঘোষণা কৰাৰ পাছতো চৰকাৰে পবাক বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘোষণা কাৰ্যকৰী কৰা নাই কিয়? পবা কেৱল ৰাজনীতি এটা মাত্ৰ ইচ্ছু হৈ থকাৰ বিপৰীতে প্রকৃততে সুৰক্ষিত কৰাৰ মনোভাৱ আছে নে নাই আমি স্পষ্টকৈ জানিব বিচাৰো। অসমৰ এটা বৃহত্তৰ ভূমিপুত্ৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা আপুনি জ’নাই অঞ্চলৰ ভূমিপুত্ৰসকলৰ সুৰক্ষা তথা মানৱ জাতি আৰু পৃথিৱীৰ সুৰক্ষাৰ স্বাৰ্থত শেষবাৰৰ বাবে এটা স্পষ্টীকৰণ দিব বুলি আশাৰে বাট চাই ৰলো।

ইতি
যুগল বৰা, উত্তৰ লখিমপুৰ

(ফটোঃ গুগল)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More