অসম বার্তাজীৱী সংঘৰ ৪৯সংখ্যক প্রতিষ্ঠা দিৱস পালন

প্ৰাক্তন সভাপতি, সম্পাদকক সম্বৰ্ধনা

0 95

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাংবাদিক আৰু সংবাদকর্মীৰ ন্যায় আৰু অধিকাৰৰ সংগ্ৰাম তীব্ৰতৰ কৰা, সাংবাদিক পৰিয়াল কল্যাণ আঁচনিৰ অধীনত পৰিয়াল বাচনিৰ চৰকাৰী অধিসূচনা শীঘ্ৰে জাৰি কৰা, সাংবাদিকৰ জীৱন বীমা শীঘ্ৰে কাৰ্যকৰী কৰা আৰু সাংবাদিক পেঞ্চনাৰৰ সংখ্যা বৃদ্ধি কৰা আদি চাৰিটা প্ৰস্তাব আজি অসম বার্তাজীৱী সংঘৰ ৪৯ সংখ্যক প্রতিষ্ঠা দিৱসত গ্ৰহণ কৰা হয়।IMG 20221118 WA0033 গুৱাহাটী প্রেছ ক্লাবত দিনজোৰা কার্যসূচীৰে পালন কৰা দিৱস উপলক্ষে পুৱা ৯ বজাত সংঘৰ সভাপতি টুটুমণি ফুকনে পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভণি কৰে ৷ ৯.১৫ বজাত সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মাই স্মৃতি তর্পণ কৰে। ১০.৩০ বজাত সম্বর্ধনা আৰু মুকলি সভাখন অসম বার্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকনে সভাপতিত্ব কৰে। মুকলি সভাখন ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই উদ্বোধন কৰে ৷ সভাত গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, প্ৰাক্তন সভাপতি কেশৱ কলিতা, জ্যেষ্ঠ সাংবাদিক ফণীধৰ দাসৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ সাংবাদিকে অংশগ্রহণ কৰে ৷ প্রতিষ্ঠা দিৱস উপলক্ষে সংঘৰ প্ৰতিষ্ঠা কালৰ পূৰ্বৰ সভাপতি, সম্পাদক ক্ৰমে গর্গৰাম বর্মন, ভক্তি ৰয়, ৰহেশ্বৰ চিৰিং, জয়কান্ত শর্মা, ৰফিক হাজৰিকা আৰু মনোৰঞ্জন শর্মাক পিতলৰ জাপি, সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে সম্বর্ধনা জনোৱা হয়৷ IMG 20221118 WA0091সভাত প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকাখনি সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে একত্ৰভাবে উন্মোচন কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More