অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ লখিমপুৰ জিলা ভ্ৰমণ

0 46

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৪ মে: অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ এটা দলে আজি লখিমপুৰ জিলা ভ্ৰমণ কৰে। ভ্ৰমণৰ সময়চোৱাত দলটোৱে লখিমপুৰ জিলাত যোৱা ২০২০-২১ বিত্তীয় বৰ্ষৰপৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা কেইবাখনো আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে উক্ত আঁচনি সমূহৰ ফলপ্ৰসূ কার্যকাৰিতা আৰু উপযোগিতৰ খতিয়ান লয়। ইয়াৰ উপৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাতো উক্ত দলটোৱে অংশগ্ৰহণ কৰে। দক্ষিণ শালমৰা বিধান সভা সমষ্টিৰ বিধায়ক ৱাজেদ আলি চৌধুৰীৰ নেতৃত্বত অহা ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ দলটোৰ অন্যান্য সদস্য সকল হল– যথাক্ৰমে গহপুৰৰ বিধায়ক  উৎপল বৰা, বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ, কৰিমগঞ্জৰ বিধায়ক কামলাক্ষ দে পুৰকায়স্থ, সোনাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মঙলদৈৰ বিধায়ক বসন্ত দাস, লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকা, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী আৰু অতিৰিক্ত সচিব কুলেন শৰ্মা। আজিৰ এই পৰ্যালোচনা সভাত জিলা উপায়ুক্ত সুমিত সত্তৱান, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং আৰু জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল অংশগ্ৰহণ কৰে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More