অসম সাহিত্য সভাক বৌদ্ধিক আৰু বিদ্যায়তনিক দিশেৰে আগুৱাই নিয়াৰ লক্ষ্যৰে ভাব- বিনিময় 

তেজপুৰত সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা

0 18
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুলাই : 
নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ এক পৰিবেশ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাত  গঢ়ি তোলাৰ লগতে ৰাজ্যখনত অসমীয়া ভাষা ব্যৱহাৰিক ৰূপত  প্ৰয়োগ কৰা ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালভাবে বিদ্যায়তনিক আৰু বৌদ্ধিক চিন্তা-চেতনাৰ  বিকাশ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিখনৰ মুখ্য প্ৰয়োজনীয় লক্ষ্য আৰু কৰ্তব্য  । আজি তেজপুৰত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত  প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ৷ উল্লেখ্য যে , অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে  আজি  তেজপুৰ সাহিত্য সভা ভৱনত উপস্থিত  হোৱা  উপেন্দ্ৰজিৎ শৰ্মাক তেজপুৰ সাহিত্য সভাৰ তৰফৰ পৰা উষ্ম আদৰনী জনোৱাৰ লগতে এখন সভাৰো আয়োজন কৰা হয়  ৷
তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ আৰম্ভণিতেই সভাপতি  কলিতাই প্ৰধান সম্পাদক শৰ্মাক এখন গামোচা আৰু তেজপুৰ সাহিত্য সভাই প্ৰকাশ কৰা এটি গ্ৰন্হৰ টোপোলাৰে আদৰণি জনোৱাৰ লগতে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট ঔপন্যাসিক ড° ভূপেন শইকীয়াই  স্বৰচিত গ্ৰন্হৰ এটি টোপোলাৰে প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাক আদৰণি জনায়।  বিশিষ্ট পুৰাতত্ত্ববিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য , সাহিত্যিক ৰামচন্দ্ৰ চুতীয়া, লেখক ড° প্ৰাণজিৎ হাজৰিকা, তৰুণ অসম সংঘৰ সদ্যবিদায়ী সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ৰবীন্দ্ৰনাথ শৰ্মা, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড°  অৱনীকুমাৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ৰাজ কুমাৰ মহন্ত, নাট্যশিল্পী মৃগেন বড়া, লেখক নবীন চন্দ্ৰ লহকৰ, সমাজকৰ্মী  দুল গোস্বামী,  নাট্যকৰ্মী জিন্টু বৰঠাকুৰ, তেজপুৰ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতা,তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, সহ: সম্পাদক পল্লব ভট্টাচাৰ্য্য প্ৰমূখ্যে একাংশ সাহিত্য অনুৰাগী  উপস্হিত উপস্থিত থকা এই সভাত প্ৰধান সম্পাদক গৰাকীয়ে প্ৰসংগক্ৰমে অসম সাহিত্য সভাৰ প্ৰস্তাৱিত গ্ৰন্থ প্ৰকাশন ‘ অসমীয়া জাতিৰ ইতিহাস’ৰ  প্ৰস্তুতি সম্পৰ্কত অৱগত কৰে  ৷ সভাত উপস্থিত থকা অসম সাহিত্য সভাৰ ‘ জনগোষ্ঠী ইতিহাস প্ৰকল্প’ৰ  আহ্বায়ক ডাঃ বিপিন কলিতাই প্ৰধান সম্পাদক গৰাকীৰ অনুৰোধমৰ্মে উক্ত গ্ৰন্থখনত সন্নিৱিষ্ট কৰাৰ বাবে এইপৰ্যন্ত প্ৰস্তাৱিত ৮৫টা  বিভিন্ন বিষয়বস্তুৰ খচৰা তালিকা সভাখনত উপস্থাপন কৰে ৷ এই সন্দৰ্ভত হোৱা আলোচনাৰ অন্তত প্ৰধান সম্পাদক শৰ্মাই উল্লিখিত গ্ৰন্থখনত ‘ অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ’ শীৰ্ষক  বিষয়ক প্ৰস্তাৱিত  অধ্যায়  লেখাৰ  দ্বায়িত্ব ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যক অৰ্পণ কৰে ৷ উল্লেখ্য যে , অসম সাহিত্য সভাৰ প্ৰস্তাৱমৰ্মে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ উদ্যোগত তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ সহযোগত অহা ছেপ্তেম্বৰ মাহত মহাবিদ্যালয়খনত অনুষ্ঠিত হ’ব লগা ‘ ‘চন্দ্ৰনাথ শৰ্মাৰ জীৱন আৰু কৃতী’ শীৰ্ষক বিষয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ প্ৰস্তুতিৰো মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু জিলা সাহিত্য সভাৰ পৰা বুজ লয়  প্ৰধান সম্পাদক গৰাকীয়ে ৷  উল্লেখ যে , সভাখনত হোৱা ভাব- বিনিময়ত উপস্থিত সাহিত্যানুৰাগীসকলে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰে ৷ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই প্ৰদান কৰা বক্তব্যত সাহিত্যিকসকলৰ স’তে অসম সাহিত্য সভাৰ যোগসূত্ৰ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ৰবীন্দ্ৰনাথ শৰ্মাই মতামত আগবঢ়োৱা সভাখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অৱনী শৰ্মাই  অসম সাহিত্য সভাৰ দান- বৰঙনি আৰু বিত্তীয় হিচাপ-নিকাচ স্বচ্ছ হ’ব লাগে বুলি কয়। সমাজকৰ্মী দুল গোস্বামীয়ে অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানে ৰজাঘৰীয়া আৰ্থিক অনুদানৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰজাঘৰীয়া দান-বৰঙনি আৰু সহায়-সহযোগিতাৰে আগ বঢ়া উচিত বুলি কয়৷ আনহাতে,  তেজপুৰ সাহিত্য সভাত  চাৰি দশক পূৰ্বেই সদস্যপদ গ্ৰহণ কৰা ৰাজ কুমাৰ মহন্তই নিজৰ অনুভৱ ব্যক্ত কৰি আগবঢ়োৱা মন্তব্যত তাহানিৰে পৰা বৰ্তমানলৈ অসমীয়া  ভাষাই সন্মুখীন হোৱা মৌলিক সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত অসম সাহিত্য সভা ব্যৱহাৰিক অৰ্থত সফল হোৱা নাই বুলি কৈ এইক্ষেত্ৰত সাহিত্য সভাৰ কৰণীয় বহুত আছে বুলি উল্লেখ কৰে ৷ প্ৰকাশ যে, অসমত বসবাস কৰা অনা অসমীয়াসকলক অসমীয়া ভাষা প্ৰশিক্ষণৰ উদ্দেশ্য অসম সাহিত্য সভাই ৰাজ্যখনৰ ভিতৰতে প্ৰথমটো  অসমীয়া ভাষা বিকাশ কেন্দ্ৰ কিছুমাহ পূৰ্বে তেজপুৰ সাহিত্য সভাত প্ৰতিষ্ঠা কৰিছিল।  আজি প্ৰধান সম্পাদক শৰ্মাই  এই কেন্দ্ৰটিৰ কামকাজ অনতিপলমে তৰান্বিত কৰা হ’ব বুলি  ঘোষণা কৰে ৷ সভাত প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ  শৰ্মাই  অসমীয়া ভাষা- সাহিত্য- সংস্কৃতিৰ পীঠস্থান তেজপুৰত আজি বৌদ্ধিকমহলৰ স’তে আলোচনাত মিলিত হৈ উৎসাহ- প্ৰেৰণা লাভ কৰা  বুলি মন্তব্য কৰাৰ লগতে সকলোৰে সহযোগিতাত অসম সাহিত্য সভা সৰ্বাংগীণ বিকাশ সম্ভৱ বুলি  উল্লেখ কৰি স্থানীয় বিশিষ্টজনৰ লিখনি সন্নিৱিষ্টকৰণেৰে প্ৰস্তাৱিত ‘অসমীয়া জাতিৰ ইতিহাস’ গ্ৰন্থখন পূৰ্ণাংগ ৰূপ  আগন্তুক দিনত দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More