অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিৱেশনক লৈ তেজপুৰত বিশেষ সভা সম্পন্ন 

তেজপুৰ আদৰণী উপসমিতিৰ বিশেষ প্ৰস্তুতি

0 71

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ আগষ্ট : অসমৰ বৃহৎ জাতীয় অনুষ্ঠান ‘অসম সাহিত্য সভা’ৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনখনিক কেন্দ্ৰ কৰি আজি তেজপুৰ সাহিত্য সভা ভৱনত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় ৷ উল্লেখ্য যে, ঐতিহ্যমণ্ডিত নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত আগন্তুক বৰ্ষৰ ৩১জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ আয়োজন কৰা হৈছে ৷ এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সম্প্ৰতি বৃহত্তৰ তেজপুৰত বসবাস কৰা লখিমপুৰ, ধেমাজি, মাজুলী, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ একাংশ সাহিত্যপ্ৰেমী ৰাইজৰ উপস্থিতিত যোৱা ২১ আগষ্টত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আদৰণী সমিতিৰ উদ্যোগত তেজপুৰ আদৰণী উপসমিতি গঠন কৰা হৈছিল ৷ তেজপুৰ আদৰণী উপসমিতিৰ সভাপতি ড° ভূপেন শইকীয়াৰ সভাপতিত্বত আজি অনুষ্ঠিত উপসমিতিৰ কাৰ্যনিৰ্বাহক সভাত অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনিৰ সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় ৷ উপসমিতিৰ সাধাৰণ সম্পাদক প্ৰফুল্ল কেওটে আগবঢ়োৱা বক্তব্যত উল্লিখিত বৃহত্তৰ অঞ্চলত বসবাস কৰা অসম সাহিত্য সভাৰ শুভাকাংক্ষীসকলে দান- বৰঙনিসহ বিভিন্ন সহযোগিতাৰে কেনেদৰে অধিৱেশনখনি সফলকাম কৰি তুলিব পাৰে সেই সন্দৰ্ভত উল্লেখ কৰে ৷ সমাজকৰ্মী পৰমানন্দ কাকতিয়ে প্ৰসংগক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অধিৱেশন অভিমুখী অসম সাহিত্য সভাৰ বিষয়-ববীয়া, শুভাকাংক্ষী আৰু অভ্যাগতসকলক তেজপুৰ – নাৰায়ণপুৰ মাজৰ বাটছোৱাত আদৰণীসহ সহযোগিতা আগবঢ়োৱা সন্দৰ্ভত বক্তব্য ৰাখে ৷ কেন্দ্ৰীয় আদৰণী সমিতিৰ সাধাৰণ সম্পাদক মাখন তামূলী উপস্থিত থকা সভাখনত ৰাতুল মহন্ত আৰু ৰতন দত্তই আগবঢ়োৱা বক্তব্যত অধিৱেশন পৰিৱৰ্তে দান- বৰঙনি সংগ্ৰহ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ৷ আনহাতে , উপসমিতিৰ উপদেষ্টা ৰাজ কুমাৰ মহন্তই সাম্প্ৰতিক কালত অসমীয়া ভাষা- সংস্কৃতি এক সংকটময় পৰিস্থিতিৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি আগন্তুক অধিৱেশনখনিৰ সভা আৰু আলোচনাচক্ৰত এই গুৰুত্বপূৰ্ণ বিষয়টোয়ে যাতে বিশেষ অগ্ৰাধিকাৰ লাভ কৰে তেনে এক পৰিৱেশ সূচনাৰ বাবে আদৰণী সমিতিৰ জৰিয়তে অসম সাহিত্য সভাক আহ্বান জনায় ৷ কেন্দ্ৰীয় আদৰণী সমিতিৰ সাধাৰণ সম্পাদক মাখন তামূলীয়ে প্ৰদান কৰা বক্তব্যত অসম সাহিত্য সভাৰ অধিৱেশনখনিৰ প্ৰস্তুতি সম্পৰ্কত সংক্ষেপে সদৰী কৰি সকলোৰে সহায় -সহযোগিতাৰ কামনা কৰে ৷ সভাপতিৰ আসনৰ পৰা ড° ভূপেন শইকীয়াই আগবঢ়োৱা চমু বক্তব্যত অধিৱেশনখনিৰ স্বচ্ছতাৰ কথা উল্লেখ কৰি সকলোৰে সহায়- সহযোগিতাত নাৰায়ণপুৰত অনুষ্ঠিত হ’ব লগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনখনি সাফল্যমণ্ডিত হোৱাৰ কামনা কৰে।

IMG 20220824 WA0001

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More