অসম ৰাইফলছ চকাৰ ফুট বল একাদশ ছেমিফাইনেলত প্ৰবেশ

ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ

0 25

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৮অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি তৃতীয় খন কোৱাটাৰ ফাইনেল খেল  অসম লাইফলছ চকাৰ ফুট বল একাদশ বনাম গ্ৰীণভেলী ফুট বল একাদশৰ মাজত অনুষ্ঠিত হয়। আজি খেল খন তীব্ৰ উত্তেজনা পূৰ্ণ আছিল দুয়োটা দলে সুন্দৰ প্ৰদশন কৰিছিল যাৰ ফলত খেল খন ১–১ গলত অমীমাংসিত হয়। ফলত ট্ৰাইবেকাৰৰ সহায় ল’বলগীয়া হয় আৰু ৫–৪ গলত অসম ৰাইফলছ চকাৰ দলে গ্ৰীণভেলী ফুট বল একাদশক পৰাজিত কৰি ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। আজিৰ খেল খনত প্ৰয়াত প্ৰেম কান্ত ডেকা সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈ বটাঁ লাভ কৰে গ্ৰীণভেলী ফুট বল একাদশৰ দহনম্বৰ খেলুৱৈ হকী পাইয়ে লাভ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More