ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ডিচেম্বৰঃ প্ৰৱল ইচ্ছা শক্তি নাথাকিলে শিক্ষাৰ্থী প্ৰকৃতাৰ্থত সফল হ'ব নোৱাৰে। পৰম্পৰাগত শিক্ষা ব্যৱস্থাত সফল ছাত্ৰৰ ক্ষেত্ৰত প্ৰতিভা মেধা, বুদ্ধি আদিক গুৰুত্ব দিয়া হয় যদিও ইচ্ছাশক্তি অবিহনে প্ৰকৃতাৰ্থত একোজন শিক্ষাৰ্থী সফল হ'ব নোৱাৰে।--- এই ভাষ্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইৰ। আজি লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ মূল সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশ গ্ৰহণ কৰি শিক্ষাবিদ বুঢ়াগোহাঁয়ে এইদৰে কয়। পৰম্পৰাগত শিক্ষা ব্যৱস্থাত থকা…
বৰ্ণিল- বৰ্ণাঢ্য ৰূপত কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ব্য়াপক উছাহ উদ্দীপনাৰে আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে হীৰক জয়ন্তী মহোৎসৱ। ষাঠি বছৰীয়া গৌৰৱ বুকুত কঢ়িওৱা বিদ্যালয়খনৰ ভিন্ন প্ৰান্তত থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে কালিৰে পৰা বিদ্যালয়ত উপস্থিত হৈছে। ফলত উৎসৱস্থলীত উদুলি মুদূলি পৰিৱেশৰ সৃষ্টি হয়। আজি পুৱা ৮ বজাত বিদ্যালয়খনৰ অন্যতম প্ৰতিষ্ঠাপক শিক্ষক গোপীনাথ দাসে বন্তি প্ৰজ্বলনৰে হীৰক জয়ন্তীৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। লগে লগে হীৰক জয়ন্তী উপলক্ষে ৬০ খন পতাকা উত্তোলন কৰে…
প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক নাজিম আহমেদৰ দেহাৱসান-জনাজা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ ডিচেম্বৰঃ নাট্যকাৰ, পৰিচালক, অভিনেতা, অনাতাঁৰ নাট্যশিল্পী, গীতিকাৰ, আবৃতিকাৰ হিচাপে অসমবাসীৰ মাজত পৰিচিত অসম নাট্য সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি নাজিম আহমেদৰ বুধবাৰৰ নিশা দেহাৱসান ঘটাৰ পিছত আজি মাটিৰ মানুহজন মাটিতেই চিৰদিনৰ বাবে শুই পৰিল। বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ গুৰি ধৰোতা, লখিমপুৰৰ নাট্য জগতৰ পুৰুধা ব্যক্তিজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭১ বছৰ৷ যোৱা নিশা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ ৬ নং ৱাৰ্ডৰ ''নৱাব কমপ্লেক্স'' নিবাসী নাজিম…
ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক মাত্ৰাত হ্ৰাস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ অক্টোবৰঃ ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক মাত্ৰাত হ্ৰাস পোৱাৰ লগতে মাজুলীৰ কমলাবাৰী পাৰঘাটৰ দিশত জলপথটিৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে আভ্যন্তৰীণ জলপৰিৱহণৰ নিয়মীয়া ফেৰী ফেৰী সেৱা যোৱা ২০ অক্টোবৰৰ পৰা বন্ধ হৈ পৰা কমলাবাৰী-নিমাতিঘাট জলপথটো পুনৰ ফেৰী চলাচলৰ বাবে সুগম কৰি তোলাৰ বাবে 'ড্ৰেজাৰ'ৰ জৰিয়তে বৰ্তমান খনন কাৰ্য চলাই থকা হৈছে। ইতিমধ্যে কমলাবাৰী-নিমাতীঘাট জলপথৰ স্পৰ্শকাতৰ অংশত জলস্তৰৰ গভীৰতা বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জলপৰিৱহণ বিভাগে জৰুৰী ভাৱে ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত ২৫…
মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অধীনত লণ্ডনলৈ ৰাওনা ৫ শিক্ষাৰ্থী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ ছেপ্তেম্বৰ : কেম্ব্ৰিজ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু ইউনিভাৰ্ছিটি কলেজ অব্ লণ্ডনকে ধৰি ইংলেণ্ডৰ আগশাৰীৰ বিজ্ঞান শিক্ষানুষ্ঠান আৰু বিশ্ববিখ্যাত গৱেষণাগাৰ দৰ্শনৰ বাবে ইংলেণ্ডলৈ ৰাজ্যৰ ৫গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীক প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগে। 'মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি-২০২৪'ৰ অধীনত বাচনি কৰা পাঁচজনীয়া শিক্ষাৰ্থীৰ দলটোৱে ২২ ছেপ্তেম্বৰৰ পৰা ২৮ ছেপ্তেম্বৰলৈ লণ্ডনত এই মহত্বপূৰ্ণ বিজ্ঞান-দৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই…
পঞ্চায়ত পৰ্যায়ৰ পুনঃ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৭ ছেপ্টেম্বৰঃ ৰাজ্যত আগন্তুক নৱেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাক লৈ ৰাজনৈতিক দল সমূহে তৎপৰতা আৰম্ভ কৰিছে।ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণে পঞ্চায়ত সমূহৰ সীমাক লৈ এক ধূসৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে আজি ৰাজ্যজুৰি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পুনৰ সীমা নিৰ্ধাৰণৰ খচৰা জিলা প্ৰশাসনসমূহে প্ৰকাশ কৰিছে। সেইমৰ্মে লখিমপুৰ জিলা প্ৰশাসনে আজি বিয়লি ৫ বজাত জিলা আয়ুক্তৰ সভাকক্ষত এক সংবাদমেল যোগে সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰে। লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জিতু…
ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী কল্পনা গগৈ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে এইবাৰ ঘোষণা কৰা ৰাজ্যিক কৃতি শিক্ষক বটাঁৰে সন্মানিত হৈছে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈ। এইবাৰ জিলাখনৰ একমাত্ৰ বটাঁ প্ৰাপকৰূপে কল্পনা গগৈ বিবেচিত হৈছে। ১৯৮৮ চনৰ ১১ মেত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে চনত যোগদান কৰা গগৈয়ে ২০১৬ চনৰ ১৬ ডিচেম্বৰত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত অসম চৰকাৰে ০২/০৫/২০১৭ তাৰিখে স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে ।
উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ দুটা…
আপোন গাঁওখনলৈ আহি নষ্টালজিক হৈ পৰিল জীয়ৰীসকল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২২ জুলাইঃ দেওবাৰৰ দিনটো গীত-মাতে মুখৰিত হৈ পৰে উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৱৰ্তী সোণাৰী গাঁও৷ এক আনন্দ মুখৰ পৰিৱেশত আপোন গাঁওখনত উপস্থিত হৈ সোণাৰী গাঁৱৰ জীয়াৰীসকলে শৈশৱ স্মৰণ কৰি নষ্টালজিক হৈ পৰে৷ সুৰ্দীঘ ১৫ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ গৃহ জিলাখনৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জীৱন জীৱিকাৰে প্ৰতিষ্ঠা লভা সোণাৰী গাঁৱৰ জীয়ৰীসকলক একত্ৰিত কৰি তেওঁলোকৰ কৰ্মৰাজি উদ্ভাসিত কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্যেৰে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে জীয়ৰী ‘সন্মিলন’ খন অনুষ্ঠিত হৈ যায়৷ বৃহত্তৰ সোণাৰী গাঁৱৰ অনিমাই দত্ত…
ৰাজ্যত বৈদ্যুতিক খুঁটা স্থাপনৰ নামত দুহেজাৰ কোটি টকাৰ কেলেংকাৰি
প্ৰাককলন অনুসৰি কাম নকৰাকৈ বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন
মুখ্যমন্ত্ৰীক তদন্তৰ আহ্বান
শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ২২ জুলাইঃ ৰাজ্যৰ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত লখিমপুৰ জিলাত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ দুখন আঁচনিত ব্যাপক ৰূপত কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ ৰাজ্যৰ শক্তিখণ্ডত বৈদ্যুতিক খুঁটা স্থাপনৰ নামত প্ৰায় ২ হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত দাবী কৰে আৰ টি আই কৰ্মী দিলীপ নাথে৷ সংবাদমেল সম্বোধন কৰি তেঁও কয় যে ৰাজ্যৰ শক্তি বিতৰণ বিভাগত…
লখিমপুৰত এপ’ল’ হাস্পতাল চেন্নাইৰ ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুলাইঃ ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাই আছে যদিও সমগ্ৰ ৰাজ্যত গুণগত চিকিৎসা এতিয়াও সুলভ হোৱা নাই। তাৰেই ফলশ্ৰুতিত ৰাজ্যৰ বুজন পৰিমাণৰ ৰোগী-অভিভাৱকে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰিবলৈ গৈ আছে। এইক্ষেত্ৰত চেন্নাই এপ'লৱে মূলতঃ লখিমপুৰ আৰু চুবুৰীয়া জিলাৰ ৰোগীৰ সুবিধাৰ্থে উত্তৰ লখিমপুৰত এটা ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰ স্থাপন কৰিছে। আজি চেন্নাইৰ পৰা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবলৈ আহি এক সংবাদমেলত উপস্থিত থাকে প্ৰসিদ্ধ অস্থিৰোগ বিশেষজ্ঞ ডাঃ চেন্থিল কুমাৰ ডুৰাই। তেঁও কয়-অসমৰ বাহিৰত চিকিৎসা কৰিবলৈ…