Browsing Category

অসম

বিশ্ব ব্ৰেইল দিৱস উদ্‌যাপন

উত্তৰ লখিমপুৰ, ৪ জানুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ত খণ্ড পৰ্যায়ত বিশ্ব ব্ৰেইল দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়।পুৱা ৯বজাত পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতুমনি দত্তই।পুৱা ১০বজাত লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ১১বজাত খণ্ডটিৰ শিক্ষক -শিক্ষয়িত্ৰী সকলৰ মাজত অনুস্থিত শিকন-শিক্ষণ-সজুঁলিৰ প্ৰতিযোগিতা উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত তথা জিলা মিচন সমন্বয়ক গীতালী দুৱৰাই।১১:৩০বজাত লুই ব্ৰেইলৰ জন্ম দিনৰ কেক কাটে বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া…

তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জানুৱাৰী: তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বিহগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে৷ এই অঞ্চলসমূহত পকাধান ভক্ষণ কৰাৰ পাছত বনৰীয়া হাতীয়ে নিশা চাপৰিত শ শ বিঘাৰ ৰঙালাও,আলু আৰু সৰিয়হ বিলাহী খেতি তহিলং কৰিছে৷ ইতিমধ্যে বনবিভাগে ইয়াত দীৰ্ঘদিন উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ বৃহৎ জাকটো আৰিমৰা চাপৰি অঞ্চলৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয় যদিও সম্প্ৰতি জাকটোৰ পৰা ফালৰি কাটি চাপৰিটোত ৰৈ যোৱা এটা অকলশৰীয়া হাতীয়ে বিহগুৰিত উপদ্ৰৱ অব্যাহত ৰাখিছে৷ হাতীটোৱে দুদিন পূৰ্বে ঝাৰণিত কৃষকৰ দুটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আলু, ৰঙালাও…

আৰ্তজনৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ তেজপুৰ কন্যা মহাবিদ্যালয়ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৪ জানুৱাৰী : তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত কালি তেজপুৰৰ নিকটবৰ্তী বিন্দুকৰি গাওঁ পঞ্চায়তৰ পখীয়াঝাৰ গাঁও এলেকাৰ দৰিদ্ৰ-নিচলা পৰিয়ালৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ কৰা হয়। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়িকা বৰ্ণালী দেৱীৰ উদ্যোগত মহাবিদ্যালয়খনৰ ছাত্ৰী তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্যাসকলে শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাই ছাত্ৰীসকলক এনে কাৰ্যসূচীত নিয়োজিত কৰাৰ মাধ্যমেৰে…

“আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ শীত বিষয়ক ফটো প্ৰতিযোগিতা

গুৱাহাটী, ৩ জানুৱাৰীঃ অসমৰ ফটোগ্ৰাফী জগতৰ আগশাৰীৰ ক্লাৱ “আসাম ফটোগ্ৰাফীক আৰ্টচ্”য়ে জানুৱাৰী ২০২৩ৰ বাবে তেওঁলোকৰ মাহেকীয়া ফটো প্ৰতিযোগিতাৰ বিষয় ঘোষণা কৰিছে৷ এইবাৰৰ বিষয় - শীত (winter)৷ আগ্ৰহী ফটোগ্ৰাফাৰসকলে “আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ ফেচবুক গ্ৰুপত গৈ, তাত উল্লেখ কৰা নিয়ম অনুসৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব৷ উল্লেখযোগ্য যে ২০২২চনৰ অক্টোবৰ মাহৰ পৰা “আসাম ফটোগ্ৰাফীক আৰ্টচ্”য়ে প্ৰতি মাহে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে৷

ৰাজ্যৰ চাহ শ্ৰমিকৰ ভৱিষ্যনিধিৰ ২২৩ কোটি ১ লাখৰ অধিক টকা অনাদায়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ জানুৱাৰী: অসমৰ স্হায়ী আৰু অস্হায়ী তথা অৱসৰপ্ৰাপ্ত লাখ লাখ চাহ শ্ৰমিকৰ দৰমহাৰ পৰা কৰ্তন কৰা কোটি কোটি টকাৰ ভৱিষ্যনিধিৰ ধনৰ লগতে চাহ বাগিচাৰ মালিকসকলে আদায় দিবলগীয়া ভৱিষ্যনিধিৰ অংশ সংশ্লিষ্ট কাৰ্যালয়ত জমা দিয়া নাই বহু সংখ্যক চাহবাগিচাৰ মালিকে৷ 'অখিল ভাৰতীয় চাহ মজদুৰ সংঘ (অসম)ই এই সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইন ২০০৫ অনুসৰি লাভ কৰা তথ্য মতে ৰাজ্যৰ ৫৭৩ খন বাগিচাই ২২৩ কোটি এক লাখ ৯৮ হেজাৰ ৯১৮.৪৬ টকা জমা কৰা নাই ভৱিষ্যনিধি কাৰ্যালয়ত৷ উল্লেখযোগ্য যে, ডিব্ৰুগড় মণ্ডলৰ ১৪৩ খন বাগিচাই ৪২কোটি চাৰি লাখ চাৰি…

গোৱালপৰীয়া শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ

গৌৰীপুৰত থকা কিংবদন্তী গোৱালপৰীয়া শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ হৈছে। ২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

১৮ তম ৰাষ্ট্ৰীয় টাইকোৱান-ডো (আই টি এফ) চেম্পিয়নশ্বিপত অসম দলে লাভ কৰিলে ২৪টা পদক 

শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ২ জানুৱাৰী ; ২০২২ চনৰ ২৬ৰ পৰা ২৮ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ১৮ তম" ৰাষ্ট্ৰীয় আইটিএফ টাইকোৱানডো চেম্পিয়নশ্বিপত অসম দলে ২৪ টাকৈ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় টাইকোৱান-ডো ফেডাৰেচনৰ সৈতে জড়িত ফেডাৰেচনৰ ৪ জন বিষয়া আৰু ২৬ জন খেলুৱৈৰে গঠিত টাইকোৱান-দো এছ’চিয়েচন অসম (আই টি এফ)ৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা অসম ৰাজ্যিক দলটোৰ নেতৃত্বত আছিল টাইকোৱান-ডো এছ’চিয়েচন অসমৰ সভাপতি ড° হিৰকজোতি দাস । আন আন বিষয়াসকলৰ ভিতৰত আছিল বিনোদ বৈশ্য মানব দাস ,বেহাল প্ৰসাদ ।…

ভোমোৰাগুৰি বনভোজস্হলীত যুৱতীক শ্লীলতা হানি:ধৃত দুই স্বয়ম্ভু সাংবাদিক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২জানুৱাৰী: পহিলা জানুৱাৰীৰ বিয়লি প্ৰায় চাৰি বজাত তেজপুৰৰ বনভোজস্হলী কলিয়াভোমোৰা দলঙৰ তলত বনভোজ খাবলৈ যোৱা তেজপুৰৰ এটা দলৰ লগত কাজিয়াত লিপ্ত হয় আন এটা দল৷এই দলটোৱে তেজপুৰৰ বনভোজকাৰী দলটোৰ যুৱতীক অশ্লীলভাবে জোকোৱাৰ লগতে গোপন অংগত হাত দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ উপৰি,পীড়িত দলটোক মাৰধৰ তথা সোণৰ অলংকাৰ, নগদ ধন কাঢ়ি নিয়াৰো অভিযোগ উঠিছে৷ প্ৰণিধানযোগ্য যে,এই আক্ৰমণকাৰী দলটোত নগাঁৱৰ নলতলি অঞ্চলৰ  দুই পৰ্টেলৰ সাংবাদিক বিমান বৰুৱা আৰু অনুপ বৰাও আছিল৷ অভিযোগ অনুসৰি, যুৱকৰ দলটোৱে বনভোজকাৰী দলৰ…

বিহালীৰ প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ নতুন সমিতি গঠন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১ জানুৱাৰী : আজি দিনযোৰা কাৰ্যসূচীৰে বিহালী প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বেদেতীৰ অমিয় ভৱনত অনুষ্ঠিত হয়। বিহালী প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে দীপক শৰ্মাই আৰু অনুষ্ঠানটিৰ আঁ‌ত ধৰে পত্ৰিকা সম্পাদক দিগন্ত কুমাৰ দাসে। বিহালী প্ৰেছ ক্লাৱৰ পুৰণি সমিতিখনৰ দুবছৰীয়া ম্যাদ উকলি যোৱাত, প্ৰতিনিধি সভাই এখন নতুন সমিতি গঠন কৰে ৷ বিহালীৰ বেদেতী-অমিয় ভৱনত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ প্ৰতিনিধি সভাৰ আঁ‌ত ধৰে সম্পাদক খগেন মটকে । লগতে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More