অৰুণাচলত পুনৰাৱিষ্কাৰ ‘লিপষ্টিক ট্ৰী অব ইণ্ডিয়া’

১০০ বছৰ পিছত পোৱা গ'ল বিৰল উদ্ভিদবিধ

0 68

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুন : ভাৰতীয় উদ্ভিদ জৰীপ বা Botanical Survey of India (BSI)ৰ গৱেষকসকলে এশ বছৰতকৈও অধিক সময়ৰ পাছত অৰুণাচল প্ৰদেশৰ দুৰ্গম আনজাও জিলাত পুনৰ আৱিষ্কাৰ কৰিছে এবিধ বিৰল প্ৰজাতিৰ উদ্ভিদ; যাক Indian lipstick plant বুলিও কোৱা হয়। অৰুণাচল প্ৰদেশৰ পৰা ইংৰাজ উদ্ভিদবিদ আইজাক হেনৰী বাৰ্কিল (Isaac Henry Burkill)-এ সংগ্ৰহ কৰা উদ্ভিদৰ নমুনাৰ ভিত্তিত ১৯১২ চনত আন এজন ব্ৰিটিছ উদ্ভিদবিজ্ঞানী ষ্টিফেন ট্ৰয়েট ডান (Stephen Troyte Dunn)-এ প্ৰথমবাৰৰ বাবে এই উদ্ভিদবিধ (Aeschynanthus monetaria dunn) চিনাক্ত কৰিছিল। এই আৱিষ্কাৰ সন্দৰ্ভত Current Science পত্ৰিকাত প্ৰকাশিত এটা প্ৰবন্ধত Botanical Survey of Indiaৰ বিজ্ঞানী কৃষ্ণ চৌলুৱে কয় যে, ‘টিউবলাৰ ৰেড ক’ৰ’লাৰ আধিক্যৰ বাবে Aeschynanthus গণৰ অন্তৰ্গত কিছুমান প্ৰজাতিক লিপষ্টিক উদ্ভিদ বুলি কোৱা হয়। অৰুণাচল প্ৰদেশত ফুলৰ অধ্যয়নৰ সময়ত চৌলুৱে ২০২১ চনৰ ডিচেম্বৰ মাহত আনজাও জিলাৰ হাইলিয়াং আৰু চিপ্ৰুৰ পৰা Aeschynanthusৰ কেইটামান নমুনা সংগ্ৰহ কৰিছিল। এইবিধ উদ্ভিদৰ বিষয়ে থকা পূৰ্বৰ নথি-পত্ৰসমূহ পৰ্যালোচনাৰ লগতে শেহতীয়া নমুনাসমূহৰ অধ্যয়নে নিশ্চিত কৰিলে যে নমুনাসমূহ আছিল Aeschynanthus monetariaৰ, যিটো ১৯১২ চনত বাৰ্কিলৰ পিছত ভাৰতত কোনেও কেতিয়াও লাভ কৰা নাছিল। Aeschynanthus গোত্ৰৰ নামটো গ্ৰীক aischyne বা aischyn, যাৰ অৰ্থ ক্ৰমে লাজ বা লাজ অনুভৱ কৰা, আৰু anthosৰ অৰ্থ ফুলৰ পৰা আহিছে। Aeschynanthus monetaria dunn ৰূপগতভাৱে অনন্য আৰু ভাৰতত জনাজাত সকলো Aeschynanthus প্ৰজাতিৰ ভিতৰত এইবিধৰ মাংসল পাতৰ ওপৰৰ পৃষ্ঠ সেউজীয়া আৰু তলৰ পৃষ্ঠ বেঙুনীয়া-সেউজীয়া ৰঙৰ দ্বাৰা সুকীয়া। ‘মনেটেৰিয়া’ নামৰ নিৰ্দিষ্ট উপনামটোৰ অৰ্থ হৈছে ‘পদিনাৰ দৰে’; যাৰ দ্বাৰা উদ্ভিদবিধৰ পাতৰ ৰূপৰ ইংগিত দিয়া হৈছে। আৰ্দ্ৰ আৰু চিৰসেউজ অৰণ্যত, ৫৪৩ৰ পৰা ১১৩৪ মিটাৰ উচ্চতাত এই উদ্ভিদবিধ গজে। ফুল ফুলা আৰু ফল ধৰা সময় অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (IUCN)ৰ তালিকাত এই প্ৰজাতিটোক ‘বিপন্ন’ হিচাপে সাময়িকভাৱে মূল্যায়ন কৰা হৈছে। Current Scienceৰ প্ৰকাশিত প্ৰবন্ধটোত লিখা হৈছে— ‘‘অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সঘনাই ভূমিস্খলন ঘটে। পথ বহল কৰা, বিদ্যালয় নিৰ্মাণ, নতুন বসতি আৰু বজাৰ নিৰ্মাণ, ঝুম খেতি আদি উন্নয়নমূলক কাম-কাজ অৰুণাচল প্ৰদেশৰ এই প্ৰজাতিৰ বাবে কিছুমান ডাঙৰ ভাবুকি।” চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত অৰুণাচল প্ৰদেশত বিভিন্ন প্ৰজাতিৰ বহু উদ্ভিদৰ পুনৰ আৱিষ্কাৰ হৈছে যদিও বিশেষজ্ঞসকলে কয় যে, ৰাজ্যখনৰ এনে অমূল্য সম্পদসমূহৰ বিষয়ে অধিক জানিবৰ বাবে অধিক অন্বেষণৰ প্ৰয়োজন আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More