অৰুণাচলে প্ৰস্তুত কৰিছে নিজা মানচিত্ৰ : সীমা সমস্যা সমাধানৰ নামত অৰুণাচল চৰকাৰৰ কৌশলী স্থিতি

0 27

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২ছেপ্টেম্বৰ: অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনা অব্যাহত ৰখাৰ বিপৰীতে অৰুণাচলে ইতিমধ্যেই তেওঁলোকে দাবী কৰা ভূমিৰ এখন মানচিত্ৰ প্ৰস্তুত কৰিছে৷সেই অনুসৰি বিশ্বনাথ জিলাৰ ৰাজগড় আলি পৰ্যন্ত ৰাজ্যৰ প্ৰায় চাৰে তিনিকিলোমিটাৰ ভিতৰলৈ অৰুণাচলে দাবী কৰাৰ লগতে পূৰ্বৰ ১০খন গাঁও সহ আৰু নতুন দুখন গাঁও তেওঁলোকে দাবী কৰিছে যি দুখন গাঁৱৰ অস্তিত্ব কিছুদিনলৈকে নাছিল৷ উল্লেখযোগ্য যে, সীমাবিবাদৰ পৰিণতিত চাউলধোৱাত এক গণহত্যা সংঘটিত হোৱাৰ পাছত বৰ্তমান অৰুণাচল চৰকাৰে চাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰক আওকান কৰি অসম চৰকাৰক জ্যেষ্ঠ ভাতৃ আখ্যা দি অসমৰ ভূমি হস্তগত কৰাৰ বাবে চলে বলে কৌশলে যি স্হিতি গ্ৰহণ কৰিছে তাৰ বিপৰীতে অসম চৰকাৰৰ স্হিতি যথেষ্ট নৰম ৷ তদুপৰি উন্নয়নৰ স্বাৰ্থতে সীমান্তৰ একাংশ লোক অৰুণাচলৰ স’তে সংলগ্ন হ’বলৈ বিচাৰিছে৷ ইপিনে নাহৰজান অঞ্চলতো দাবী কৰা অৰুণাচল চৰকাৰে এই সীমান্তৰ অঞ্চলসমূহত শিক্ষা,বিদ্যুত,পানী আদিৰ সুবিধাৰ লগতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যেই নাহৰজানৰ কাৰ্বি গাঁওখন নিজৰ কৰি লোৱাৰ লগতে একেই সুবিধা আন গাঁৱৰ লোককো দিয়াৰ প্ৰতিশ্ৰুতি দি আহিছে৷ উল্লেখযোগ্য যে অসমত জনজাতীৰ মৰ্যাদা লাভ কৰা লোকক কিন্তু এইপৰ্যন্ত অৰুণাচল চৰকাৰে সেই সুবিধা প্ৰদান কৰা নাই৷ উল্লেখযোগ্য যে আহোম ৰাজত্ব কালত প্ৰতাপ সিংহই নিৰ্মাণ কৰা ৰাজগড় আলিৰে ৰাজ্য চৰকাৰৰ চাৰিশৰীয়া পথ নিৰ্মাণৰ এক পৰিকল্পনা আছে৷ কিন্তু যোৱা সময়চোৱাত বন আইনৰ বাবে বিহালী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ অঞ্চলত কোনো উন্নয়নৰ কাম নোহোৱাত সীমান্তৰ গাঁওসমূহত বাস কৰা অসমৰ লোকসকলৰ মাজত অৰুণাচলৰ স’তে সংলগ্ন হোৱাৰ এক মনোভাব গঢ় লৈ উঠিছে৷ সম্প্ৰতি দুয়োখন চৰকাৰৰ মাজত এৰাধৰাৰ নীতিৰে আলোচনা অব্যাহত থকাৰ লগতে পৰৱৰ্তী সময়ত দুয়োখন ৰাজ্যই এই সন্দৰ্ভত পৃথকে প্ৰতিবেদন দাখিল কৰিব যদিও দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ দোহাই দি অৰুণাচলে ইতিমধ্যেই বিহালীৰ বৃহৎ পৰিমাণৰ মাটি অন্তৰ্ভুক্ত কৰি মানচিত্ৰ তৈয়াৰ কৰিছে যিটোৰ বিষয়ে অসম চৰকাৰ ঘুনাক্ষৰেও অবগত নহয়৷ আজি তাৰচুত অনুষ্ঠিত দুয়োপক্ষৰ আলোচনাৰ সময়ত এই মানচিত্ৰ প্ৰদৰ্শন কৰে অৰুণাচলৰ প্ৰতিনিধিয়ে৷ আনহাতে ডিকাল অঞ্চলৰ বন্যহস্তীৰ এক দণ্ডিও অৰুণাচলে দাবী কৰা অংশত পৰিছে আৰু সেয়া হ’লে এই দণ্ডী বাধাগ্ৰস্ত হোৱাটো নিশ্চিত৷ তদুপৰি অৰুণাচলে দাবী কৰা অনুসৰি,বিহালী বনাঞ্চলৰ ভূমিও অসমে এৰি দিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ব৷ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে যিমান সৰলতাৰে বিষয়টো আগবঢ়াই নিছে ইয়াৰ বিপৰীতে কিন্তু অৰুণাচল চৰকাৰে অতি কৌশলৰে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More