অৰুণাচলৰ নেচিফু সুৰংগ ছেপ্টেম্বৰত মুকলিৰ লক্ষ্য

 সীমান্ত পথ নিৰ্মাণ সংস্থাৰ অন্তিমটো বিস্ফোৰণ সংঘটিত

0 76

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২০ মে’ :
অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত নিৰ্মীয়মান তথা প্ৰতিৰক্ষা আৰু সৰ্বসাধাৰণৰ যাতায়াতৰ বাবে গুৰুত্বপূৰ্ণ নেচিফু সুৰংগৰ নিৰ্মাণৰ শেষ পৰ্যায়ৰ বাবে প্ৰয়োজনীয় অন্তিমটো বিস্ফোৰণ আজি সংঘটিত কৰা হয় । উল্লেখযোগ্য যে, বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযোগী পথত নিৰ্মীয়মাণ এই সুৰংগৰ নিৰ্মাণ কাৰ্য ২০২২ ৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।IMG 20220520 WA0048 সীমান্ত পথ নিৰ্মাণকাৰী সংস্থা ভৰ্টকে নিৰ্মাণ কৰি থকা পাঁচশ মিটাৰ দৈৰ্ঘৰ এই নেচিফু সুৰংগটোৰ আজি সংঘটিত কৰা অন্তিমটো বিষ্ফোৰণৰ সময়ত সীমান্ত পথ নিৰ্মাণকাৰী সংস্থাটোৰ সঞ্চালক প্ৰধান লেফটেনেন্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে আৰু ৰিমৰ্টৰ বুটাম টিপি নিৰ্মাণকাৰী সংস্থা প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেদিয়াৰ হৰিষ কুমাৰে শেষৰটো বিস্ফোৰণ ঘটায় ।তেওঁ চেলা-নেচিফু সংযোগী আৰু কঠিন পৰিবেশত নিৰ্মাণ কৰিবলগীয়া হোৱা এই গুৰুত্বপূৰ্ণ সুৰংগটোৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে কৰি যোৱাৰ বাবে নিৰ্মাণকাৰী সংস্থাটোৰ বিষয়া-কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে।প্ৰনিধানযোগ্য যে,সাগৰ পৃষ্ঠৰ পৰা পাঁচ হেজাৰ সাতশ ফুট উচ্চতাত নিৰ্মাণ কৰি থকা নেচিফু সুৰংগটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে এই পথচোৱাৰ সাত কিলোমিটাৰ দৈর্ঘ চমু হৈ পৰাৰ লগতে পূৰ্বৰ ঘন কুঁৱলীৰ বাবে বিপদসংকুল হোৱা অৱস্থাৰ অৱসান ঘটিব । উল্লেখযোগ্য যে,সময়ৰ হিচাপত সুৰংগ পথৰে ৩০ মিনিট সময়ৰ যাত্ৰা কাল চমু হৈ পৰিব যাত্ৰীৰ বাবে । আজি দিনৰ প্ৰায় ১১-৪৫ত অন্তিমটো বিস্ফোৰণ ঘটাই নেচিফু সুৰংগৰ অন্তিম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা সন্দৰ্ভত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ এ এছ ৱালিয়াই কয় যে, নেচিফু সুৰংগৰ আকাৰ ইংৰাজী বৰ্ণমালাৰ “ডি” দৰে আৰু ইয়াৰ কাম ২০২২ৰ ছেপ্টেম্বৰত সম্পূৰ্ণ কৰি যাত্ৰীৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে দুই লেনযুক্ত সুৰংগটোত এটা নলা থকাৰ উপৰি, পানী প্ৰতিৰোধী আৰু অগ্নি নিৰ্বাপক প্ৰণালীৰে নিৰ্মাণ কৰা হৈছে । উল্লেখযোগ্য যে,আজিৰ এই বিস্ফোৰণৰ পূৰ্বে চেলাত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হয় আৰু এই ঘটনাত বিস্ফোৰণৰ বাতৰি সংগ্ৰহ কৰিবলৈ তেজপুৰৰ পৰা যোৱা এটা সাংবাদিকৰ দল কথমপিহে ৰক্ষা পৰে । পাহাৰৰ পৰা খহি অহা এটা শিলে সাংবাদিক যোৱা এখন বাহনত খুন্দা মাৰিছিল ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More