অৰুণাচলৰ পশ্চিম কামেংৰ নেচিফুত সুৰংগ নিৰ্মাণৰ কাম সমাপ্ত

মে' মাহত সুৰংগ মুকলি কৰাৰ সম্ভাৱনা আছে

0 46

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ: IMG 20230320 WA0106অৰুণাচল প্ৰদেশৰ ভাৰত- চীন সীমান্তলৈ যোৱা পশ্চিম কামেং জিলাৰ নেচিফু সুৰংগৰ নিৰ্মাণ সমাপ্তি ঘটিল। মে’ মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সুৰংগ মুকলি কৰাৰ সম্ভাৱনা আছে। ভাৰত-চীন সীমান্তলৈ যোৱা অৰুণাচল প্ৰদেশৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযুক্ত ২১৮ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত নিৰ্মাণ হোৱা দুটা সুৰংগৰ দায়িত্বত আছে ব’ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ প্ৰজেক্ট ভৰ্টক (Project Vartak of Border Roads Organisation)। পশ্চিম অৰুণাচল প্ৰদেশৰ দায়িত্বত থকা তেজপুৰৰ প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ ৰমন কুমাৰে জনাইছে এই কথা। এই সুৰংগ দুটাৰ ভিতৰত জৰুৰী সেৱাসমূহ ২৪ ঘণ্টাই উপলব্ধ হ’ব ৷ ইতিমধ্যে নিৰ্মাণ সমাপ্তি হোৱা নেচিফু সুৰংগৰ দৈৰ্ঘ ৫০০ মিটাৰ আৰু ই টাৱাং সংযোগী পথৰ দূৰত্ব ৭ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব (Nechiphu Tunnel )৷ সীমান্তলৈ যোৱা ভাৰতীয় সেনাবাহিনীৰ লোক আৰু অন্যান্য সুৰক্ষা বাহিনীৰ লগতে পৰ্যটকৰ বাবে ই অতি সুগম হৈ পৰিব। কাৰণ অৰুণাচল প্ৰদেশৰ পথ বিশেষকৈ টাৱাং সংযোগী পথত সংঘটিত হোৱা ভূমিস্খলন আৰু তুষাৰপাতৰ বাবে বহু সময়ত সেনাৰ কনভয় পাৰ হোৱাত বহু সময়ৰ প্ৰয়োজন হয় ৷ সম্প্ৰতি এই দুটা সুৰংগই সমস্যাৰ অন্ত পেলাব বুলি আশা কৰা হৈছে । নেচিফু সুৰংগ মে’ মাহৰ প্ৰথম ভাগত মুকলি কৰা হব বুলি জানিবলৈ দিয়ে ব্ৰিগেডিয়ে ৰমন কুমাৰে। তেওঁ কয় যে ক’ভিডৰ বিগত দুটা বছৰ নিৰ্মাণ কামত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছিল যদিও পৰৱৰ্তী সময়ত ই প্ৰত্যাহ্বান আওকাণ কৰি বৰ্ডাৰ ৰোডছে দ্ৰুত গতিত এটা সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে আৰু আনটো চেলা পাছৰ সুৰংগৰ জুন মাহত সম্পূৰ্ণ হৈ উঠিব । আনহাতে বৰ্ডাৰ ৰোডছে টাৱাং জিলাৰ লুংলা মহকুমাৰ জেমিথাং ৰাজহ চক্ৰৰ অধীনত খেনজিমণি জেমিথাং পথ, যি পথৰে তিব্বতিয়ান ধৰ্মগুৰু দালাই লামাই প্ৰৱেশ কৰিছিল সেই পথটো ৭ কিলোমিটাৰ দৈর্ঘৰ পথ নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ কৰিলে বুলি তেওঁ জানিবলৈ দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More