অৰুণাচল সীমান্তত উপনীত হ’বলৈ চীনে সম্পূৰ্ণ চাৰিশৰীয়া পথ

কেমেৰাত আবদ্ধ হ'ল আগ্ৰাসী দৃশ্য

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্ট : অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ বাসিন্দাসকলে চাগলাগামৰ হাদিগৰা-ডেল্টা ৬ৰ ওচৰত চীনা সেনাৰ জোৱান আৰু যন্ত্ৰপাতি নিৰ্মাণৰ কাম চলাই থকা ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। সূত্ৰসমূহে নিশ্চিত কৰিছে যে সাধাৰণতে এজন ব্যক্তি এই ঠাইত উপনীত হ’বলৈ চাৰিদিন সময় লাগে আৰু চাগলাগাম হৈছে এল এ চিৰ ওচৰৰ জিলাখনৰ শেষ প্ৰশাসনিক পদ (প্ৰকৃত নিয়ন্ত্ৰণৰ ৰেখা)। ২০২২ চনৰ ১১ আগষ্টত এই ভিডিঅ’টো ৰেকৰ্ডিং কৰা বুলি জানিব পৰা গৈছে। স্থানীয় লোকে বেইজিঙে কৰা অনুপ্ৰৱেশক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰত-চীন সীমান্তৰ সীমান্তৱৰ্তী চি য়ুমি জিলাৰ মেচুকা নামৰ গাঁওখনৰ এগৰাকী বাসিন্দাই শেহতীয়াকৈ চীনে এল এ চিৰ সমীপত আন্তঃগাঁথনি গঢ়ি তোলাৰ খবৰক লৈ উদ্বেগ প্ৰকাশ কৰে। মেচুকাৰ বাসিন্দাসকলে লগতে জনায় যে বিগত সময়ত তেওঁলোকৰ পূৰ্বপুৰুষসকলে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পূৰ্বে তিব্বত ভ্ৰমণ কৰিছিল আৰু স্থানীয় সামগ্ৰীৰ বিনিময়ত তিব্বতৰ পৰা নিমখ, চাউল, অলংকাৰ ব্যৱসায় কৰি বিনিময় ব্যৱস্থাত লিপ্ত হৈছিল। এতিয়া ভাৰতীয় সেনাই কাকো আন্তঃৰাষ্ট্ৰীয় সীমাৰ ওচৰলৈ যাবলৈ নিদিয়ে। ভাৰতীয় দিশৰ আন্তঃগাঁথনি দুখজনক আছিল আৰু মেচুকাক পশ্চিম চিয়াং জিলাৰ আলো চহৰলৈ অধিক সময়ৰ বাবে সংযোগ কৰা এটা পথ আছিল বুলি উল্লেখ কৰি বাসিন্দাগৰাকীয়ে কয়— “সীমান্ত পথ সংগঠনে শামুকীয়া গতিৰে দৰে কাম কৰি আছে, আনহাতে চীনে সীমান্তত উপনীত হ’বলৈ চাৰিটা লেন বনাই সম্পূৰ্ণ কৰিলে। মেচুকাত বিদ্যালয় আৰু চিকিৎসা প্ৰতিষ্ঠানতো সুবিধাৰ অভাৱ হৈছে; কাৰণ এখন সৰু চিকিৎসালয়ত অতি কম চিকিৎসক উপলব্ধ আৰু বিদ্যালয়ত শিক্ষকৰ অভাৱ। মেচুকাত কোনো মহাবিদ্যালয় নথকাত ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে নগৰ-চহৰলৈ প্ৰব্ৰজন কৰিছে।’’— আৱাসীগৰাকীয়ে কয়। তেওঁলোকে অঞ্চলটোত উন্নত নেটৱৰ্কৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি কয় যে ইণ্টাৰনেট সেৱা অবিহনে টেলিকমৰ বিএছএনএল সেৱা প্ৰদানকাৰী কেন্দ্ৰ মাত্ৰ এটাহে আছে। এনে আন্তঃগাথঁনিৰে ভাৰতে ৰোধ কৰিব পাৰিবনে চীনা আগ্ৰাসন?

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More