অৱশেষত মইনা নায়কে লাভ কৰিলে ক্ষতিপূৰণ

0 22

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক। মুঠ ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিছে মইনা নায়কে।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ আগষ্টঃ অৱশষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে। ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক।IMG 1660143925131 লেপেটকতা চাহ বাগিচা কৰ্তৃপক্ষই বিভিন্ন দল, সংগঠনৰ হেঁচাত পৰি অৱশেষত মইনা নায়কলৈ এই ক্ষতিপূৰণ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ জৰিয়তে আগবঢ়াইছে। মুঠ ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিছে মইনা নায়কে। তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত চৰকাৰৰ তৰফৰ পৰা মইনা নায়কৰ উন্নত চিকিৎসা সেৱাৰ বাবে সকলো ধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰা তথা সহায়ৰ হাত আগবঢ়োৱাৰ সম্পূৰ্ণ প্ৰয়াস অব্যাহত ৰখা হৈছে। শ্ৰম কল্যান বিভাগৰ দ্বাৰা বাগিচাৰ মালিক গোষ্ঠীৰ পৰা কাৰখানাত দুৰ্ঘটনাৰ সন্মুখীন হোৱা মইনা নায়কলৈ ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কৰাৰ পাছত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১৩,৪১,৪৯৮ টকাৰ চেক প্ৰদান কৰা হৈছে। এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি কতো নঘটে তাৰ বাবে চৰকাৰ, শ্ৰম কল্যান দপ্তৰৰ দ্বাৰা সকলো ধৰণৰ ব্যৱস্থাপনা কঠোৰ ভাৱে গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More