আং চান চ্যু কিক পাঁচ বছৰৰ কাৰাদণ্ড

অভিযোগ অস্বীকাৰ নেত্রীৰ

0 32

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ এপ্ৰিল : ম্যানমাৰৰ প্রাক্তন শাসক আং চান চ্যু কিক দুর্নীতিৰ অভিযোগত আজি ২৭ এপ্ৰিলত পাঁচ বছৰৰ কাৰাদণ্ডৰ নির্দেশ দিছে সেই দেশৰ আদালতে। নোবেলজয়ী ৰাজনীতিকগৰাকীয়ে অৱশ্য তেওঁৰ বিৰুদ্ধে উঠা সমস্ত অভিযোগ অস্বীকাৰ কৰিছে। এই ৰায়ৰ কথা পোহৰলৈ আহিছে বিচাৰ বিভাগৰ লগত জড়িত নাম প্রকাশত অনিচ্ছুক এজন ব্যক্তিৰ জৰিয়তে। নেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে, তেওঁ এটা ৰাজনৈতিক দলৰ পৰা প্রচুৰ সোণ আৰু ডলাৰ উৎকোচ হিচাবে লৈছিল। বিগত বছৰত চ্যু কিক ক্ষমতাচ্যুত কৰি সেই দেশৰ ক্ষমতা সেনাবাহিনীয়ে দখল কৰিছিল। চ্যু কিৰ সমর্থক আৰু আইন বিশেষজ্ঞসকলৰ একাংশই কৈছে যে, গণতান্ত্রিক উপায়েৰে নির্বাচিত ৭৬ বছৰ বয়সীয়া চ্যু-কিক অন্যায়ভাৱে ক্ষমতাচ্যুত কৰাৰ বিষয়টিক বৈধতা দিবৰ বাবেই এই পদক্ষেপ লৈছে সামৰিক চৰকাৰে। তেওঁ ইতিমধ্যেই ছবছৰীয়া কাৰাদণ্ড ভোগ কৰিছে। তেওঁৰ বিৰুদ্ধে আছে আৰু ১০টা দুর্নীতিৰ অভিযোগ। যাৰ বাবে তেওঁৰ ১৫ বছৰ কাৰাদণ্ড আৰু জৰিমনা হ’ব পাৰে। ২০২০ চনত চ্যু কিৰ নেচনেল লীগ ফৰ ডেমক্রেচি পার্টি বিপুল ভোটত জয়ী হৈছিল। ২০২১ চনৰ পহিলা ফেব্রুৱাৰীত সেই দেশৰ সেনাবাহিনীয়ে চ্যু কি আৰু তেওঁৰ সহযোগী দলীয় নেতাসকলক গ্রেপ্তাৰ কৰে। তেতিয়াৰ পৰাই তেওঁ বন্দীদশা কটাই আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More