আইএএছ বিষয়া হাজেলাৰ বিৰুদ্ধে পুনৰ এফ আই আৰ দাখিল

0 19

গুৱাহাটী, ১৭ জুনঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক আৰু চিষ্টেম ইন্টিগ্ৰেটৰে উপ-ঠিকাদাৰৰ লগ লাগি দুৰ্নীতি (ধন সৰবৰাহ) কৰা বুলি অভিযোগ কৰি এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে আন এক এফআইআৰ দাখিল কৰা হৈছে।বৰ্তমানৰ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাজ্যিক দুৰ্নীতি বিৰোধী নিবাৰক শাখাত ১৩ জুনত এই গোচৰ তৰিছে । আই এ এছ বিষয়া দেৱ শৰ্মাই দাবী কৰিছে যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত এক বৃহৎ দুৰ্নীতি সংঘটিত হৈছিল।এনআৰচি উন্নীতকৰণৰ বাবে চিষ্টেম ইন্টিগ্ৰেটৰক ডাটা এণ্ট্ৰি অপাৰেটৰ (ডিইঅ’) যোগান ধৰিবলৈ কোৱা হৈছিল। কিন্তু চিষ্টেম ইন্টিগ্ৰেটৰক চিষ্টেম ডিজাইন আৰু ডেভেলপমেণ্ট, চফটৱেৰ সমাধান, ডাটা চেণ্টাৰ পৰিচালনা আদিৰ সৈতে জড়িত কোনো কাম উপ-ঠিকাদাৰক দিয়াৰ অনুমতি দিয়া হোৱা নাছিল। পিছে কাৰ্যালয়ৰ নথিৰ পৰা দেখা গ’ল যে তেতিয়াৰ ৰাজ্যিক সমন্বয়কজনে এই বিষয়ে জানি শুনিও উপ-ঠিকাদাৰক দায়িত্ব দিছিল। সেয়া আছিল নীতি বিৰুদ্ধ কথা।চিষ্টেম ইন্টিগ্ৰেটৰজনক এনআৰচি কৰ্তৃপক্ষই প্ৰতিজন ডিইঅ’ৰ বাবে প্ৰতিমাহে ১৪,৫০০ৰ পৰা ১৭,৫০০ টকা দিছিল। পিছে ডিইঅ’সকলে মাহে কেৱল ৫৫০০ ৰ পৰা ৯১০০ টকাহে পাইছিল। দেৱ শৰ্মাই কয় যে ডিইঅ’ সকলক দেশৰ ন্যূনতম মজুৰি আইন অনুসৰিও ধন দিয়া হোৱা নাছিল। তেওঁ লগতে উল্লেখ কৰে যে প্ৰাথমিক তদন্তৰ সময়ত পোহৰলৈ আহিছিল যে এজন প্ৰলয় শীল নামৰ লোকে প্ৰক্ৰিয়াটোত মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল। যদিও শীল ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী অথবা নিয়োজিত ঠিকাদাৰ নাছিল, কিন্তু কাৰ্যালয়ত তেওঁৰ উপস্থিতি সততে দেখা গৈছিল। সন্দেহ কৰা হৈছে যে শীল সকলো অবৈধ ধন সৰবৰাহৰ মূল ব্যক্তি আছিল।Screenshot 20220617 183917 PDF Reader
প্ৰাৰম্ভিক অনুসন্ধাত দেখা গৈছে অবৈধ পৰামৰ্শদাতাৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰায় দহ কোটি টকা খৰছ হৈছিল। নিয়ম অনুসৰি ৫ কোটিতকৈ অধিক ব্যয়ৰ বাবে তেতিয়াৰ ৰাজ্যিক সমন্বয়ক গৰাকীয়ে নিৰ্ধাৰিত সমিতিৰ পৰা অনুমতি ল’ব লাগিছিল। কিন্তু হাজেলাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি নোলোৱাকৈ পৰামৰ্শদাতাসকলক নিয়োগ কৰিছিল। ইয়াৰ ফলত প্ৰায় দহ কোটিৰ পৰিহাৰযোগ্য খৰছ হৈছিল।অনুমান কৰা হৈছে, কেইজনমান সম্পাদক-সাংবাদিকেও ডিইঅ’ যোগানৰ উপঠিকা লৈছিল। সংবাদ মাধ্যমৰ তেনে ব্যক্তিয়ে তাৰ দ্বাৰা বহু ধন লাভ কৰিছিল। দেৱ শৰ্মাৰ অভিযোগত ইয়াৰ পৰোক্ষ উল্লেখ আছে। আচলতে ডিইঅ’ সকলে পাব লগা বুজন পৰিমাণৰ ধনৰ একাংশ টেলিভিছন এংকৰ-সাংবাদিকে হজম কৰিছিল বুলি অভিযোগত প্ৰকাশ। অসমৰ ৰাইজৰ নিশ্চয় মনত আছে, সেই সময়ত একাংশ টেলিভিছন সাংবাদিকে হাজেলাক চুপাৰমেন হিচাপে প্ৰক্ষেপ কৰিছিল।দেৱ শৰ্মাই ইয়াৰ আগতে হাজেলাৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰিছিল, য’ত তেওঁ প্ৰতাৰণাৰ জৰিয়তে সন্দেহযুক্ত নাগৰিকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰা বুলি দাবী কৰিছিল। তেওঁ ইয়াক ৰাষ্ট্ৰবিৰোধী কাৰ্য বুলি অভিহিত কৰে । উল্লেখ্য যে, ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পোৱা পৰিপূৰক (মানে চূড়ান্ত নহয়) এনআৰচি তালিকাৰ পৰা প্ৰয়োজনীয় নথি নোহোৱাৰ বাবে ১৯,০৬,৬৫৭ গৰাকী আবেদনকাৰীক বাদ দিয়া হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More