আই আই টিত মৃত্যু তিনিচুকীয়াৰ ফাইজানৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ছাত্ৰ সন্থা

মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ

0 31

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷ আজি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক স্মাৰক-পত্ৰত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাই সমগ্ৰ ঘটনাটো ৰহস্যজনক বুলি উল্লেখ কৰাৰ লগতে মেধাৱী ছাত্ৰজনৰ মৃত্যুৰ ৰহস্য শীঘ্ৰে ফাদিল কৰি তেওঁক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় ৷ উল্লেখ্য যে খড়গপুৰ আই আই টিৰ কম্পিউটাৰ ছায়েঞ্চ বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰজনৰ সৈতে ১২ অক্টোবৰলৈকে পৰিয়ালৰ ফোনত কথা হৈছিল ৷ ১৩ অক্টোবৰত পিতৃয়ে ফাইজানলৈ ফোন কৰিছিল যদিও তেওঁৰ ফোন বন্ধ পোৱাত পুত্ৰ পঢ়াশুনাত ব্যস্ত বুলি ভাবি লয় ৷ কিন্ত ১৪ অক্টোবৰৰ দুপৰীয়া প্ৰায় ১০:৪৫/১১ বজাত পৰিয়ালৰ লোকে হঠাতে লাভ কৰে ফাইজানৰ মৃত্যুৰ খবৰ ৷ ইয়াৰ পাছত ফাইজানৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক খড়গপুৰ অভিমুখে ৰাওনা হয় ৷ কিন্ত খড়গপুৰত উপস্থিত হোৱাৰ পাছতো তেওঁলোক কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে ৷ তেওঁলোকৰ পুত্ৰৰ বুলি কৈ চিনাক্ত কৰিবলৈ অসম্ভৱ হৈ পৰা এটা গেলিবলৈ ধৰা মৃতদেহ তেওঁলোকক চমজাই দিয়া হয় ৷ ইফালে কি পৰিস্থিতিত মেধাৱী ছাত্ৰজন মৃত্যুমুখত পৰিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ফাইজানৰ পিতৃ-মাতৃ আৰু আত্মীয় খড়গপুৰত উপস্থিত হোৱাৰ সময়ত পুত্ৰৰ মৃতদেহ মেদিনীপুৰ মেডিকেলৰ মৰনোত্তৰ পৰীক্ষাগৃহত পৰি আছিল ৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে তেওঁলোকে খবৰ পোৱাৰ দুদিন আগতেই ঘটনাটো সংঘটিত হয় ৷ ফাইজানৰ মৃতদেহত তেওঁলোকে কেতবোৰ আঘাত আৰু ক্ষতচিহ্নও প্ৰত্যক্ষ কৰে ৷ গতিকে মেধাৱী ছাত্ৰজন হত্যাৰ বলি হোৱা বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে ৷ ১৫ অক্টোবৰত ফাইজানৰ পিতৃ চেলিম আহমেদে এই সন্দৰ্ভত খড়গপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু স্থানীয় আৰক্ষী কিম্বা খড়গপুৰ আই আই টি কৰ্ত্তৃপক্ষই ফাইজানৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ চেলিম আহমেদে ইতিমধ্যে মেধাৱী পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জৰিয়তে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ ১৭ অক্টোবৰত এক পত্ৰ প্ৰেৰণ কৰাৰ লগতে চি বি আই তদন্তৰ দাবী জনাইছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More