আকাশত উৰিল বিশ্বৰ প্ৰথমখন বৈদ্যুতিক বিমান

সফল হ'ল প্ৰথমটো পৰীক্ষণ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : পৰম্পৰাগত ইন্ধনৰ পৰিৱৰ্তে আমেৰিকাৰ ৱাশ্বিংটনৰ আকাশত উৰিল এখন সম্পূৰ্ণ বৈদ্যুতিক যাত্ৰীবাহী বিমান। এলিছ নামৰ বিমানখনে আমেৰিকাৰ সময় অনুসৰি ২৭ ছেপ্টেম্বৰ মঙলবাৰে পুৱা ৱাশ্বিংটনৰ গ্ৰাণ্ট কাউন্টি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আঠ মিনিটৰ চুটি বিমান যাত্ৰা কৰিছিল। কিন্তু উদ্বোধনী বিমানখনত কোনো যাত্ৰী নাছিল। এই বিমানখন ইজৰাইলৰ এভিয়েশ্যন এয়াৰক্ৰাফ্ট নামৰ এটা বিমান সংস্থাৰ প্ৰচেষ্টাৰ ফল। ই প্ৰথম উৰণত সাগৰ পৃষ্ঠৰ পৰা ৩৫০০ ফুট ওপৰত আৰোহণ কৰিছিল। কোম্পানীটোৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া গ্ৰেগৰী ডেভিছে এই বিমানখনক ‘ঐতিহাসিক’ বুলি অভিহিত কৰিছে। তেওঁ আমেৰিকাৰ সংবাদ মাধ্যম চিএনএনক কয় যে পঞ্চাশৰ দশকৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে বিমানত সম্পূৰ্ণ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। সংস্থাটোৱে জনাইছে যে, ঠিক ইলেক্ট্ৰিক গাড়ী বা মোবাইল ফোনৰ দৰেই এই বিমানখনো চাৰ্জ কৰিব পাৰি মাত্ৰ আধা ঘণ্টাত। ই ৯ জন যাত্ৰীৰ সৈতে এঘণ্টা আকাশত উৰিব পাৰে। গতি প্ৰতি ঘণ্টাত প্ৰায় ৪৪০ নটিকেল মাইল। এলিচে সৰ্বোচ্চ ২৫০ নট বা ২৮৭ মাইল প্ৰতি ঘণ্টাত যাত্ৰা কৰিব পাৰে। ২৭ ছেপ্টেম্বৰত প্ৰথমটো উৰণৰ পিছত এই তথ্য সংগ্ৰহ কৰি পৰ্যালোচনা কৰিছে এভিয়েশ্যনে। ২০১৫ চনত কাম আৰম্ভ কৰা এই কোম্পানীটোৰ আশা আছে যে তেওঁলোকে মাত্ৰ কেইবছৰমানৰ ভিতৰতে ইয়াক যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত সক্ষম কৰি তুলিব পাৰিব। যদি সকলো পৰিকল্পনা অনুসৰি হয়, তেন্তে ২০২৭ চনৰ ভিতৰত এই বিমানখনে যাত্ৰীৰ সৈতে যাত্ৰা কৰিবলৈ সক্ষম হ’ব বুলি বিমান সংস্থাটোৱে বিশ্বাস কৰে। বিমান সংস্থাটোৱে জনোৱা মতে, এলিচৰ তিনিটা সংস্কৰণ থাকিব— যাত্ৰী, বিলাসী (কাৰ্যবাহী) আৰু কাৰ্গো। বৰ্তমান এই তিনিওটা সংস্কৰণ পৰীক্ষাৰ পৰ্যায়ত আছে। এই যাত্ৰীবাহী বিমানখনত দুজন পাইলটকে ধৰি ৯জন যাত্ৰী বহাৰ ব্যৱস্থা আছে। কাৰ্যবাহী বিমানখনত হাত ভৰি মেলি যাব পৰাকৈ ৬জন যাত্ৰীৰ বাবে স্থান থাকিব। আনহাতে কাৰ্গো এলিচত ৪৫০ ঘনফুট কাৰ্গো স্থান আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More