দ্বীপেন কুমাৰ শৰ্মা
(প্ৰথম খণ্ড)
মাওফ্লাঙৰ বিষয়ে বন্ধু ভবেশ শৰ্মাৰ পৰা শুনাৰ পিছৰে পৰা মনটোৱে কেতিয়া যাওঁ, কেতিয়া যাওঁ কৰি উচপিচাই আছিল। মই তেতিয়া গুৱাহাটী শোধনাগাৰত কৰ্মৰত। শ্ৰীমতী চাকৰি সুত্ৰে ডিগবৈত। গৰমৰ বন্ধত কেইদিনমানৰ কাৰণে মোক লগ দিবলৈ আহিছিল। গতিকে দেৰী নকৰি এই কেইদিনতে গৈ আহো বুলি ঠিক কৰিলো। মাওফ্লাং এখন পাহাৰীয়া ঠাই, মেঘালয়ৰ পূৱ খাচী পাহাৰত অৱস্থিত। শ্বিলং-মৌছিনৰাম পথৰে গ’লে শ্বিলঙৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত। ভবেশৰ পৰা গম পাইছিলো যে তাত শ্বিলঙৰ লেডীকিন কলেজৰ এটা পান্থনিৱাস আছে। তেওঁলোকৰ ক্ষুদ্ৰ-পৰ্য্যটন আঁচনিৰ অধীনত। ইয়াৰ পৰিচালনাও কলেজ কৰ্তৃপক্ষয়েই কৰে। কলেজৰ অধ্যক্ষ মহোদয়ালৈ ই.মেইলৰে যোগাযোগ কৰি দুদিনৰ কাৰণে ৰূম এটা বুক কৰিলো।
শ্বিলঙৰ ৰাস্তা আজিকালি বহুত ভাল হ’ল, অন্ততঃ বৰাপানীলৈকে। বৰাপানীৰ পৰাহে অলপ বেয়া। ৰাতিপুৱাই আৰম্ভ কৰিলো। নংপো পোৱাৰ সময়তে মনত পৰিল, আমাৰ বন্ধু টেৰিয়াঙলৈ। আগৰ বছৰ স্বেচ্ছামূলক অৱসৰ লৈ বৰ্তমান শ্বিলঙত থাকে। মাজে মাজে হেনো তাৰ জোৱাইত থকা ঘৰলৈকো যায়। ফ’ন কৰি গম পালো, সি এতিয়া শ্বিলঙৰ ঘৰতে আছে। তাক ক’লো, মাওফ্লাং গৈ আছো, যাওঁতে তোমাৰ ঘৰত সোমাই যাম। সি বেচ ভাল পালে। মোক গাইড কৰিবৰ কাৰণে মৌলাই ষ্টেট বেঙ্কৰ ওচৰতে ৰৈ থাকিম বুলিও ক’লে। ৰাস্তাত কেবা জেগাতো দীঘলীয়া যান-জঁট পালো। তাৰ মাজতে টেৰিয়াঙে তিনিবাৰমান ফ’ন কৰিলে। বেচেৰা ৰৈ ৰৈ চাগে আমনি লাগিছে। ১১-৩০টা মান বজাত মৌলাই পালোগৈ। সি নিৰ্দেশ দিয়া অনুসৰি সোঁফালৰ বাইলেনটোৰে সোমাই গ’লো। আগে আগে গাড়ী চলাই সি আমাক ৰাস্তা দেখুৱাই লৈ গ’ল। একা বেঁকা পথেৰে গৈ টেৰিয়াঙৰ প্ৰাসাদোপম ঘৰটো পালোগৈ। ৰাস্তাটো তাতেই শেষ হৈছে। শ্ৰীমতী টেৰিয়াঙে আমাক আথে-বেথে নি ভিতৰত বহুৱালেগৈ। আহল-বহল পৰিপাটী ঘৰখনৰ প্ৰতিটো চুক-কোণত শ্ৰীমতী টেৰিয়াঙৰ কলাসুলভ ৰুচিৰ প্ৰতিফলন দেখা পাইছিলো। চাহ-মিঠাই আৰু বিভিন্ন ব্যঞ্জনেৰে আপ্যায়ন কৰাৰ পাচত টেৰিয়াঙৰ পৰা বিদায় লৈ ওলাবলৈ লওতেই হুৰহুৰাই বৰষুণ এজাক এনেকৈ আহিল যে গাড়ীলৈকো যাব নোৱৰা হ’লো। শ্বিলঙৰ বৰষুণৰ কোনো ভৰষা নাই। কেতিয়া আহে, কেতিয়া যায়। সিহঁতৰ ঘৰৰ পৰা ওলাই আহো মানে একমান বাজিবৰ হ’ল।
ৰাস্তাত যান-জঁট এতিয়াও কমা নাই। ৰ’দ-বৰষুণ মাজে মাজে যান-জঁট অতিক্ৰমি শ্বিলং এৰোতে প্ৰায় দুইমান বাজিবৰ হ’ল। মাওফ্লাঙলৈ প্ৰায় এঘন্টাৰ পথ। কোনো লৰা-লৰি নাই। লাহে লাহে গৈ আছো। ’হেৰা, আজি লাঞ্চ বাদ দিলে কি হয়? আবেলি গেষ্ট হাউচতে কিবা এটা খাই ল’ম।’ মোৰ প্ৰস্তাবটোৰ উত্তৰত শ্ৰীমতীয়ে ক’লে, একো যদি নোপোৱা তাত গৈ! এনেতে ৰাস্তাৰ সোঁফালে সৰুকৈ চাইনবৰ্ড এখন চকুত পৰিল। ’চুৎজি ৰেষ্টুৰা’। গাড়ী ৰখাই সোমাই গ’লো। নুডুলচ, ফ্ৰাইড ৰাইচ, ভেজ, নন-ভেজ সকলো পায়। সৰু ফলক এখনত লিখা আছে। স্পেচিয়েল জাৰ্মান খাদ্যও ইয়াত উপলব্ধ। অৰ্ডাৰ লৈ দোকানৰ একমাত্ৰ ল’ৰাজন ভিতৰলৈ সোমাই গ’ল। অলপ পাচত উজ্জ্বল গুলপীয়া টপ আৰু টাইট নীলা জিনচ পিন্ধা অলপ কৃষ্ণ বৰ্ণৰ আদ বয়সীয়া মহিলা এগৰাকী আহি আমাক দুই প্লেট ভেজ চাওমিন দি গ’লহি। দেখি শ্ৰীমতীৰ চকু কপালত উঠিল। দুয়োটাই মিলি এখন প্লেটও শেষ কৰিব নোৱাৰিম। তাতে ভেজটিবলৰ নামত তাত একোৱেই নাই। একেবাৰে শুকান। শ্ৰীমতীয়ে ক’লে, অলপ গ্ৰেভী থকা হ’লে ভাল আছিল। ইণ্ডিয়ান চাওমিন এনেকুৱাই হ’ব, মহিলা গৰাকীৰ উত্তৰ। ’জাৰ্মান চাওমিন হোৱা হ’লে হেনো তাত গ্ৰেভী থাকিলেহেতেন।’ আমি এখন প্লেটৰ পৰাই যি পাৰো অলপ খালো। চচ অকনমানৰ সতে খাই চাই শ্ৰীমতীয়ে ক’লে, চচখিনি ভাল নহয়। এইবাৰ মহিলা গৰাকীৰ উত্তৰ, ইণ্ডিয়ান খাদ্যৰ লগত ইণ্ডিয়ান চচ, জাৰ্মান খাদ্যৰ লগত জাৰ্মান চচ। তেওঁতো আমাক জাৰ্মেনীৰ পৰা চচ আনি খুৱাবহি নোৱাৰে। প্লেনত আনোতে হেনো বহুত খৰচ হয়। বিল পে কৰিবৰ সময়ত মই সুধিলো, আপুনি জাৰ্মেনীত থাকে নেকি? শ্ৰীমতীৰ খং, কি দৰকাৰ সেই ’আধা…’ জনীৰ লগত কথা পাতি থকাৰ। ’ৰবাচোন, চেম্পোলটো জমনি। জানিবলৈ মন গৈছে, আচলতেনো কি।’ ভদ্ৰমহিলাৰ নামেৰেই ৰেষ্টুৰাখনৰ নাম। তেওঁৰ ঘৰ ৰেষ্টুৰেন্টৰ লগতে। বিয়া হৈছে জাৰ্মানীলৈ। গিৰিয়েক ল’ৰা-ছোৱালীৰে সতে জাৰ্মানীত থাকে। বছৰি দুবাৰমান আহে। যদিও তেওঁ ইয়াত থাকে জাৰ্মানীখনহে হেনো তেওঁৰ বেচি প্ৰিয়। নিজৰ এই ঠাইখন সিমান ভাল নহয়। শ্ৰীমতীৰ কাঢ়া চাৱনি দেখি আৰু কথাৰ মলহা নামাৰি গাড়ীত উঠিলোহি। গাড়ী চলিল মাওফ্লাঙলৈ।
মাওফ্লাঙৰ পাব্লিক হেল্থৰ অফিচটোৰ কাষেদি সোঁফালে মেইন ৰাস্তাৰ পৰা এশ-ডেৰশ মিটাৰ মান গ’লেই পান্থনিৱাসটো। গেটেদি সোমাই দেখিলো, দুৱাৰ বন্ধ। একেটা চৌহদতে পাচফালে এটা ঘৰ আছে। মাত দিলত খাচী মহিলা এগৰাকী ওলাই আহিল। আমাক ঘৰটো খুলি দি তেওঁ গ’লগৈ। অলপ পাছতে কেয়াৰটেকাৰজন আহি আমাক ৰূম দেখুৱালেহি। ঘৰটোত দুটাই শোৱা ৰূম। আৰু আছে দ্ৰইং ৰূম, কিটচেন আৰু এটা ডাইনিং ৰূম। কেয়াৰ টেকাৰজনৰ নাম ৱান ভা কুপাৰ। চুটি চাপৰ হ’লেও মানুহজন বেচ তজবজীয়া। আমি বিচৰাৰ লগে লগে দুকাপ চাহ কৰি দিলে। তেৱেই ইয়াৰ কুকও। কুপাৰ পৰিয়ালসহ পিছফালৰ দীঘলীয়া ঘৰটোত থাকে। ল’ৰা-ছোৱালী এহাল। ল’ৰাটো ছবছৰীয়া আৰু ছোৱালীজনী ৪ বছৰীয়া। পৰিবাৰ অলপ অসুস্থ। পান্থনিৱাসটোৰ সকলো কাম কাজ কৰাৰ উপৰি ঘৰৰ সকলো কাম তেৱেই কৰে। কুপাৰৰ লগত কথা পাতি ৰন্ধা-বঢ়াত তেওঁক বৰ ওস্তাদ যেন নালাগিল। শ্ৰীমতীয়ে নিজেই বনাম বুলি ক’লত তেওঁ বৰ ভাল পালে। আমি তেওঁক বজাৰৰ কথা সোধাত ওচৰতে থকা বুলি ক’লে। আমি লগ ধৰাত তেওঁ বিনা দ্বিধাই মান্তি হ’ল।
পান্থনিৱাসটোৰ পিছফালৰ ’চমু’ ৰাস্তাটোৰে কুপাৰে আমাক বজাৰলৈ লৈ গ’ল। সুন্দৰ মসৃণ পকী পথ। অলপ আগতে হোৱা বৰষুণত পাহাৰীয়া ৰাস্তাটো এতিয়াও ভিজি আছে। বাৰিষাৰ আকাশ। আকাশত মেঘ আৰু সুৰুজৰ লুকা-ভাকু চলি আছে। মেঘৰ মাজে মাজে পাহাৰৰ চূড়াবোৰ যেন হেৰাই যাব খুজিছে। ডাৱৰৰ মাজেদি পাৰ হৈ অহা আবেলিৰ সোণাৱালী আভা ধাননিদৰাত পৰি কোমল ধানৰ আগবোৰ জিলিকি উঠিছে। পিঠিত ঘাঁহৰ বোজা লৈ খাচী কিশোৰ কেইটামান পাৰ হৈ গ’ল। সিহঁতকেইটা সম্ভব অলপ আগতে এৰি থৈ অহা গাওঁখনৰ। গৰুৰ কাৰণে ঘাঁহৰ যোগাৰ কৰিছে। পাহাৰৰ এঢলীয়াখিনিত খাচী খেতিয়কে কৰা মাকৈ, বন্ধাকবি আদিৰ খেতি। দুই এটা ’গ্ৰীন হাউচ’ও দেখা পালো। এক কিলোমিটাৰ মান অহাৰ পিছত কুপাৰক সুধিলো, বজাৰলৈ আৰু কিমান দূৰ? পামেই আৰু, মাত্ৰ আধা কিলোমিটাৰ মান আছে। গেষ্ট হাউচৰ পৰা ওলাৱাাৰ সময়তো আধা কিলোমিটাৰ বুলিয়ে কৈছিল। এই পাহাৰীয়া মানুহ বিলাকৰ দূৰত্বৰ হিচাপ একেবাৰে বেয়া। অৰুণাচলতো দেখিছো, নাগালেণ্ডতো দেখিছো, একেই। অৱশেষত আঢ়ৈ কিলোমিটাৰমান গৈ ’মাওনগেপ’ নামৰ বজাৰখন পালোগৈ। পাহাৰীয়া পথেৰে খাচী গাৱঁৰ মাজে মাজে অৱশ্যে খোজ কাঢ়ি ভালেই লাগিছিল। দৰকাৰী বস্তুকেইপদ কিনি গেষ্ট হাউচলৈ উভতিলো। শ্ৰীমতীয়ে খোজ কাঢ়িবলৈ ইচ্ছা নকৰিলে। গতিকে গাই পতি দহ টকাকৈ দি ’চেয়াৰ্ড অট’ত উঠি গেষ্ট হাউচ পালোহি।
গধূলি চাহ তাহ খাই শ্ৰীমতীয়ে ৰন্ধা-বঢ়াত লাগিল। কুপাৰে যতনাই দিলে। কুপাৰৰ চবজি কটাৰ ষ্টাইলটো বেলেগ ধৰণৰ। কটাৰীখন ওলোটাকৈ ধৰি কাটে, কিন্তু কাটোতে ঠিকেই কাটে। পাকঘৰটো বৰ নিয়াৰিকৈ ৰাখিছে। বাচন-বৰ্তনবোৰ চিকচিকাই আছে। পৰিস্কাৰ-পৰিচছন্নতাৰ কাৰণে খাচী-জয়ন্তীয়া মানুহখিনিৰ সুবাদ আছে। ইতিমধ্যে কুপাৰৰ কণমানি ল’ৰা-ছোৱালীহাল ডাইনিং ৰূমত টিভি চাবলৈ আহিল। প্ৰথমতে অলপ ইতঃস্ততঃ কৰিছিল যদিও আমাৰ লগত নিয়া বিস্কুট, কেক আদি দিয়াৰ পাছত সিহঁতে সোনকালেই আমাৰ আপোন হৈ পৰিল। লাহে লাহে ছোৱালীজনীৰ আমাৰ ওচৰৰ পৰা নোযোৱাই হ’ল আৰু আমি মাওফ্লাং এৰাৰ সময়ত তাই আমাৰ লগতে গুছি আহিবলৈ খুজিছিল। পান্থনিৱাসটোত আজি আমি অকলে। আঠ বজাত ভাত ৰেডী। ইতিমধ্যে কুপাৰৰ ল’ৰা-ছোৱালীকেইটাও টিভি চাই ঘৰলৈ গ’ল। ভাত পানী খাই দৰজা-খিৰিকী মাৰি শুই থাকিলো। যেন নিজৰ ঘৰহে।
পাঠকসকলে চাগে ভাবিছে, আকিৰা মিয়াৱাকি, আৰ্নল্ডহতঁৰ শিৰোনামৰে দেখোন চুৎজি, ৱান ভা কুপাৰহঁতৰ কথাহে লিখিলো। অকনমান বিৰক্ত কৰিছো যদিও অহা সংখ্যাত তেওঁলোকৰ কথা লিখি আছো।