আকিৰা মিয়াৱকি, পবিত্ৰ কুঞ্জ আৰু আৰ্নল্ড ( দ্বিতীয় খণ্ড)

0 116

দ্বীপেন কুমাৰ শৰ্মা

( দ্বিতীয় খণ্ড)

‘Japaneese Centre for International Studies in Ecology’ নামৰ সংস্থাটোৰ সঞ্চালক তথা য়াকাহামা বিশ্ববিদ্যালয়ৰ অধ্যাপক আকিৰা মিয়াৱাকি নামৰ এজন উদ্ভিদবিদে লক্ষ্য কৰিছিল যে জাপানৰ মাত্ৰ ০.০৬ শতাংশ অৰণ্যহে স্থানীয় উদ্ভিদৰে সমৃদ্ধ। বাকী আটাইবোৰ অৰণ্যই মানুহৰ হস্তক্ষেপত স্বাভাবিক স্বকীয়তা হেৰুবাই পেলাইছে, হয় ’টিম্বাৰ’ৰ কাৰণে অধিক বৃক্ষ ৰোপন কৰাৰ ফলত অথবা বিভিন্ন বনানীকৰণ নীতি তথা অভিযানৰ পৰিণতিত। কিন্তু যিবোৰ অৰণ্য মন্দিৰ, তীৰ্থস্থান অথবা সমাধিক্ষেত্ৰ আদিৰ অধীনত আছিল, সেইবোৰত ধাৰ্মিক বাধা-নিষেধৰ হেতুকে তাত মানুহৰ কোনো ধৰণৰ হস্তক্ষেপ নহৈছিল আৰু সেয়ে উদ্ভিদৰ স্বাভাবিক বিন্যাস (natural composition in an undisturbed forest) অটুট আছিল। তেওঁৰ মতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত এনে স্বাভাবিক তৃণভূমিবোৰে যিদৰে অৰিহণা যোগাব পাৰে, আনবোৰ অৰণ্যই নোৱাৰে। স্বাভাবিক সুসম তৃণভূমিৰ এই ধাৰণাটোৰ পৰাই মিয়াৱাকিয়ে পতিত ভূমি পুনৰুদ্ধাৰ কৰাৰ এটা মডেল তৈয়াৰ কৰিছিল, য’ত উদ্ভিদৰ বৃদ্ধিৰ হাৰ তুলনামূলক ভাবে অধিক ক্ষীপ্ৰ হয়। মন্দিৰ, তীৰ্থস্থান, সমাধিক্ষেত্ৰ ইত্যাদিৰ তত্বাৱধানত প্ৰতিপালিত হোৱা অৰণ্য সমূহৰ পৰা তেওঁ বৃহৎ সংখ্যক উদ্ভিদৰ গুটি (seed) সংগ্ৰহ কৰিছিল আৰু উদ্ভিদৰ স্বাভাবিক বিন্যাস বৰ্তাই ৰাখি কিদৰে এখন অৰণ্য সৃষ্টি কৰিব পাৰি তাৰ এটা মডেল তৈয়াৰ কৰি উলিয়াইছিল। ১৯৭০ চনত ’নিপন তীখা কৰ্পৰেচনে’ প্ৰথম তেওঁৰ এই মডেল অনুসৰি কম দিনৰ ভিতৰতে সফলতাৰে কেবাখনো অৰণ্য গঢ়ি তুলিবলৈ সক্ষম হয়। নগৰীয়া অঞ্চলবোৰত আকিৰা মিয়াৱাকিয়ে স্বাভাবিক পৰিবেশ পুনৰুদ্ধাৰৰ নিমিৰ্ত্তে কিছুমান ’ক্ষুদ্ৰ অৰণ্য’ৰ পোষকতা কৰিছিল। আজি পৃথিবীৰ বিভিন্ন দেশত ’মিয়াৱাকি মডেল’ৰ ভিত্তিত অৰণ্য গঢ়ি উঠিছে। কেৱল মাত্ৰ জাপানতে প্ৰায় ১৪০০ মান এনে সৰু-বৰ অৰণ্য আছে। এই অৰণ্যবোৰে সাগৰীয় উপকূলৱৰ্তী অঞ্চলত চুনামীক প্ৰতিৰোধ কৰাত, পতিত ভূমি আৰু কৃত্ৰিম দ্বীপ দ্ৰুতগতিত তৃণভূমিলৈ পৰিণত কৰাত, পথ নিৰ্মাণৰ সময়ত এঢলীয়া ঠাইক সুৰক্ষা দিয়া আদিত আশানুৰূপভাবে সুফল দিছে। আমাৰ ভাৰততো ২০১৩ চন মানৰ পৰা ছেগা-চোৰাকাকৈ ’মিয়াৱাকি মডেল’ত দুই এখন অৰণ্য গঢ় লৈ উঠিছে। গুৱাহাটী শোধনাগাৰৰ চেক্টৰ-২ তো কেইবছৰমান আগতে এখন ক্ষুদ্ৰকায় ’মিয়াৱাকি মডেল অৰণ্য’ গঢ়ি তোলা হৈছিল।

’মিয়াৱাকি মডেল অৰণ্য’ যি ধাৰণাৰ ওপৰত প্ৰতিস্থিত, তেনে পবিত্ৰ অৰণ্য মেঘালয়তো ভালেমান আছে। তাৰ ভিতৰত মাওফ্লাঙৰ ’পবিত্ৰ কুঞ্জ’ বিশেষ ভাবে উল্লেখনীয়। মাওফ্লাঙত আজি আমাৰ দ্বিতীয় দিন। ৰাতিপুৱাতে চাহ-জলপান খাই ইয়াৰ বিখ্যাত ’পবিত্ৰ-কুঞ্জ’ (Sacred Grove) খন চাবলৈ ওলালো। আমি থকা ঠাইৰ পৰা দুই কিলোমিটাৰমান গলেই এই পবিত্ৰ-কুঞ্জ খন। এখন বিস্তীৰ্ণ ঘাঁহনিৰ বাওঁফালে এই অৰণ্য ভূমি। এই অৰণ্যখন বহু পুৰণি আৰু তেওঁলোকে ইয়াক বৰ পবিত্ৰ বুলি জ্ঞান কৰে। অৰণ্যখনৰ পৰা গছ-গছনি, ডাল-পাত একো অনাটো নিষেধ আৰু সেই ধৰণে বাহিৰৰ বস্তুও তালৈ নিয়াটো অনুচিত। পুৰণি প্ৰথা অনুসৰি অৰণ্যখনৰ ভিতৰত কিছুমান পূজাৰ বেদী আছে আৰু তাত পুৰণি খাচী প্ৰথা অনুসৰি বলি-বিধানৰো ব্যৱস্থা আছিল। এই অৰণ্যখনৰ ভিতৰলৈ যাবৰ কাৰণে বাহিৰতে গাইড পোৱা যায়। গাইড ফীজ ৪০০ টকা। এতিয়া হয়তো বাঢ়িব পাৰে।
এটা ডেকা ল’ৰা গাইড হিচাপে আগবাঢ়ি আহিল। অৰণ্যত প্ৰবেশ কৰাৰ আগতেই প্ৰথমে তেওঁ আমাক অৰণ্যৰ ভিতৰত মানি চলিব লগীয়া নিয়মবোৰ বুজাই দিলে। ইয়াৰ এখিলা গছ পাত বা এটা পাথৰো বাহিৰলৈ নিব নোৱাৰো আৰু বাহিৰৰ পৰাও একো তাত নি এৰি থৈ আহিব নোৱাৰো। তেনে কিবা কৰিলে আপোনাৰ ক্ষতি হ’ব পাৰে আৰু তেনে কৰাটো তেওঁলোকৰ ধাৰ্মিক অনুশাসন মতেও এটা অপৰাধ। সেয়ে তেওঁ আমাক তেনে কিবা কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিলে। এটা সৰু পথেৰে আমি ’পবিত্ৰ কুঞ্জ’খনৰ ভিতৰত প্ৰবেশ কৰিলো। অলপ সময়ৰ পাছতে হুৰহুৰাই বৰষুণ পৰিবলৈ ধৰিলে। আমাৰ লগত নিয়া ছাতিটোৱে তিনিটা মানুহক নিভিজাকৈ ৰাখিবলৈ মুঠেও যথেষ্ট নাছিল। বৰষুণৰ মাজে মাজে আৰ্নল্ডে আমাক অৰণ্যখনৰ ভিতৰত থকা পূজাৰ বেদী, বিশেষ বিশেষ আৰু শ শ বছৰীয়া পুৰণি গছসমূহ, গুৰুত্বপূৰ্ণ ঠাইসমূহ প্ৰদৰ্শন কৰোৱালে। মাজতে এডাল ওখ গছৰ পৰা ওলমি অহা এডাল শকত লতাত ধৰি টাৰজানৰ নিচিনাকৈ ’চুইঙ’ কৰিও দেখুৱালে আৰু মোকো তেনেকৈ ’চুইঙ’ কৰিবলৈ সহায় কৰি দিলে। অৰণ্যখনৰ ভিতৰত শ্বিলং আৰু মেঘালয়ত সততে দেখা সৰলবৰ্গীয় গছৰ পৰিবৰ্তে কিন্তু পৰ্ণপাতী উদ্ভিদহে দেখা পালো। আকিৰা মিয়াৱাকিয়েও জাপানত পৌৰাণিক ধৰ্মীয় স্থান আৰু অন্যান্য অৰণ্য বোৰৰ মাজত তেনে এটা বৈষম্যই দেখিবলৈ পাইছিল। কথা পাতি পাতি আমি আগবাঢ়িলো। এটা সৰু জুৰি পালো। অৰণ্যখনৰ মাজেদি পাৰ হৈ গৈছে। জুৰিটোৰ বোৱতী পানীৰ লগত এটা খালি চিপচৰ পেকেট এটা বৈ গৈছে। আৰ্নল্ডে থাপ মাৰি খালী পেকেটটো বুটলি পকেটত ভৰাই থ’লে, বাহিৰৰ ডাষ্টবিনত পেলাবলৈ। অৰণ্যৰ ভিতৰত বিভিন্ন গছ লতাবোৰ দেখুৱাই থকাৰ সময়ত আৰ্নল্ডক দীঘল ঢেকীয়া পাত এখিলাৰে কিবা এটা বনাই থকা দেখা পাইছিলো। প্ৰায় দুঘন্টামান অৰণ্যখনৰ ভিতৰত ঘূৰি পকি বাহিৰলৈ ওলাই আহিলো। আৰ্নল্ডে হাতৰ ঢেকীয়া পাতটোৰে ইতিমধ্যে এটা ধুনীয়া ’হেডগিয়েৰ’ বনাই পেলাইছে। শ্ৰীমতীক সি অনুৰোধ কৰিছে, নিজ হাতেৰে সি হেডগিয়েৰটো পিন্ধাব। আৰ্নল্ড বয়সত মোৰ ডাঙৰ ল’ৰাৰ সমান। তাৰ আগ্ৰহটো দেখি ভাল লাগিল। মোক ফট’ তুলিবলৈ ক’লে। ফট’ লোৱাৰ পাছত সি হেডগিয়েৰটো খুজি লৈ ক’লে, যিহেতু এই অৰণ্যৰ পৰা আমি একো এপদ বস্তু আনিব নোৱাৰো, সেয়ে সেইটো নি সি আকৌ অৰণ্য ভিতৰত থৈ আহিবগৈ। তেওঁৰ কথাখিনিয়ে মন চুই গ’ল। বিশ্বাস আৰু পৰম্পৰাই কেনেদৰে এই অৰণ্যখন অকণো বিনষ্ট নোহোৱাকৈ অটুট ৰাখিব পাৰিছে। বাহিৰত এখন চাহৰ দোকান আছিল। আমি তিনিও চাহ তাহ খাই আৰ্নল্ডক বিদায় দিলো। পাচঁশ টকাৰ নটখন দিওতে, তেওঁৰ প্ৰাপ্য চাৰিশ টকা ৰাখি এশ টকা মোক আগবঢ়াই দিলে। মই তেওঁক ৰাখি থবলৈ ক’লো। আৰ্নল্ডৰ সঙ্গ আমাৰ কাৰণে বৰ সুখৰ আছিল। তাৰ লগত মাজে মাজে এতিয়াও মোৰ যোগাযোগ হয়। পৰ্য্যটনৰ ক্ষেত্ৰখনত সিহঁতে কিবাকিবি কৰি আছে বুলি গম পাইছো।
মাওফ্লাঙৰ ’পবিত্ৰ কুঞ্জ’ৰ লগতে লাগি আছে পৰম্পৰাগত নৃগোষ্ঠীয় গাওঁখন। ২০১৬ চনৰ মে মাহত ইয়াতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মেঘালয়ৰ পাৰম্পাৰিক জন-গোষ্ঠীয় সম্প্ৰদায় সমূহৰ গীত-বাদ্যত ভাগ লৈছিল। সময়ৰ লগে লগে, সংৰক্ষণৰ অভাৱত এই মডেল গাওঁখন প্ৰায় ধ্বংস হৈ আহিছিল। মেঘালয়ৰ বহুতো ঠাইত পোৱাৰ দৰে ইয়াতো অ’ত ত’ত কিছুমান ’মেগালিথ’ দেখিবলৈ পইছিলো। বিস্তীৰ্ণ অঞ্চল জুৰি আবৰি থকা ঘাঁহনিখনত খোজ কাঢ়ি কাঢ়ি ভাগৰ লাগোতে এনেকুৱা ’মেগালিথ’ত অকণমান বহি আমাৰ ভাগৰ পলুৱাইছিলো।
তাৰ পাছদিনা আমি মাওফ্লাং এৰিছিলো। আহিবৰ সময়ত কুপাৰৰ পৰিয়লৰ সকলো সদস্যই গেটৰ মুখলৈকে আমাক আগবঢ়াই দিছিলহি। কুপাৰ আৰু ৰেবিকাৰ চাৰি বছৰীয়া জীয়েক ইনৰিলা আমাৰ গাড়ীত আগৰে পৰা বহি আছে। তাই হেনো আমাৰ লগত যাব। জোৰ কৰিহে মাকহঁতে লৈ গ’ল। সেয়া প্ৰায় পাঁচবছৰ আগৰ কথা। কিন্তু কুপাৰ, ইনৰিলা, আৰ্নল্ডহঁতৰ লগত কটোৱা সময়ৰ মধুৰ স্মৃতিবোৰ আজিও সজীব হৈ আছে। ভাল লাগিছিল সিহঁতৰ অতিথিপৰায়ণতা আৰু প্ৰকৃতিক বিনষ্ট হবলৈ নিদিয়াকৈ সযতনে ধৰি ৰখাৰ সিহঁতৰ প্ৰয়াস দেখি ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More