আকৌ আহিল বিচিজি ভেকচিনঃ আপুনিও লবনে 

লখিমপুৰ-শিৱসাগৰ জিলাত পাইলট প্ৰজেক্ট

0 236
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুনঃ আকৌ এটা ভেকচিন লোৱাৰ সময় সমাগত। পিছে ক’ভিডৰ ভেকচিন লোৱা আৰু অলপতে এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত বিশ্বজুৰি সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ পিছত আকৌ এটা নতুন ভেকচিন লোৱাৰ বাবে আপুনি মানসিকভাবে প্ৰস্তুত নে? নিশ্চয় নহয় চাগৈ। পিছে এইবাৰৰ ভেকচিনটো আপুনি যে লবই লাগিব, সেয়াও বাধ্যতামূলক নহয়। তৎস্বত্বেও আপুনি এই প্ৰতিবেদন পঢ়া উচিত এইবাবেই যে- চৰকাৰে কিয় এই ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰিব বিচাৰিছে বা আপুনি এই ভেকচিন লোৱাটো উচিৎ হয়নে নহয়।
    যক্ষ্মা (টি বি) ৰোগে সম্প্ৰতি সমগ্ৰ বিশ্বত এক ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে। স্বাস্থ্য বিভাগৰ এক সমীক্ষা মতে বিশ্বৰ ২.৫ নিযুত লোক এই ৰোগত আক্ৰান্ত। বিশ্বৰ তুলনাত ভাৰতত ২৭ শতাংশ লোক যক্ষ্মাত আক্ৰান্ত। ভাৰতত বছৰি ২ লাখ ৮০ হাজাৰ লোকৰ এই যক্ষ্মা ৰোগত মৃত্যু ঘটে। এই হিচাপত দেশত এদিনত ১৪ শ লোকৰ মৃত্যু ঘটে। অৰ্থাৎ প্ৰতি ৫৭/৫৮ ছেকেণ্ডত এজন লোকৰ মৃত্যু ঘটে। নিৰৱ ঘাতকৰূপী যক্ষ্মাক ২০২৫ চনৰ ভিতৰত প্ৰতিৰোধৰ লগতে নিৰ্মূল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগে এক আঁচনি প্ৰস্তুত কৰি সমগ্ৰ দেশৰ ২৩ খন ৰাজ্যত  যক্ষ্মা প্ৰতিৰোধী বিচিজি ভেকচিন প্ৰদান কৰিব। অসমতো এই ভেকচিনৰ পাইলট প্ৰজেক্ট হিচাপে প্ৰথম পৰ্যায়ত লখিমপুৰ আৰু শিৱসাগৰ জিলাক নিৰ্বাচন কৰিছে।
চিকিৎসকে কি কয়ঃ লখিমপুৰ জিলাৰ জিলা যক্ষ্মা বিষয়া ডাঃ হৃদয়ানন্দ বৰুৱা, জিলা প্ৰতিষেধক বিষয়া ডাঃ ভাৰতী গগৈয়ে আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলত কয়— লখিমপুৰ জিলাত লোক পিয়ল মতে জনসংখ্যা ১১,৮৪,৪৫০ গৰাকী। সমীক্ষা মতে ইয়াৰে ৩২ শতাংশ লোকেই দেহত যক্ষ্মাৰ বিজাণু কঢ়িয়াই ফুৰিছে। সেয়ে প্ৰথম পৰ্যায়ত ‘ভাৰ্নাৰেবল’ ২০ শতাংশ লোকক এই ভেকচিন প্ৰদানৰ বাবে নিৰ্বাচন কৰা হৈছে যদিও ইচ্ছুক লোকেও এই ভেকচিন লব পাৰিব। জিলাখনত ২০২৩ চনত যক্ষ্মা ৰোগত ৩৭ জন লোকৰ মৃত্যু ঘটিছিল আৰু সম্প্ৰতি লখিমপুৰত ৪৫২ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে।
কিমান সুৰক্ষিত এই ভেকচিনঃ সংবাদমেলত চিকিৎসক- বিষয়াদ্বয়ে সদৰী কৰা মতে যক্ষ্মা ৰোগৰ বাবে প্ৰদান কৰিব লগীয়া বিচিজি ভেকচিন সৰ্ম্পূণ সুৰক্ষিত আৰু সমগ্ৰ বিশ্বজুৰি এই ভেকচিনৰ কোনো দুৰ্নাম বা পাৰ্শ্বক্ৰিয়াৰ উদাহৰণ নাই। সেয়ে যিকোনো লোকে বিনাদ্বিধাই এই ভেকচিন লব পাৰে। তেঁওলোকে কয়- এটা উদাহৰণেই ৰাইজক এই ভেকচিন লোৱাৰ ক্ষেত্ৰত আশ্বস্ত কৰিব, সেয়া হল- এটি শিশুক জন্মৰ দিনাই বিচিজি ভেকচিন দিয়া হয়, যাতে শিশুটি প্ৰথম দিনাৰ পৰাই এই ৰোগৰ ক্ষেত্ৰত মুক্ত হৈ থাকে। শিশুক দিয়া সেই একেই ভেকচিন একেটা মাত্ৰাতে এইবাৰ  প্ৰাপ্তবয়স্ক লোকক দিবলৈ চৰকাৰে ব্যৱস্থা লৈছে। সদ্যোজাতৰ ক্ষেত্ৰত কোনো ব্যতিক্ৰম নঘটা এই ভেকচিনে কিদৰে প্ৰাপ্তবয়স্ক এজনক পাৰ্শ্বক্ৰিয়া কৰিব? সেয়ে জনগণৰ মনত সৃষ্টি হ’ব পৰা সন্দেহ অমূলক। সেয়ে এই ভেকচিন ললে দেহত নিৰবে থিতাপি লোৱা  যক্ষ্মা ৰোগৰ বিজাণুৰ পৰা পৰিত্ৰাণ পোৱা যাব।
ভেকচিন ক’ত লব পাৰিবঃ লখিমপুৰ জিলাৰ মূল চিকিৎসালয় সমূহৰ লগতে ১৫২ টা উপ স্বাস্থ্যকেন্দ্ৰত অহা ১১ জুনৰ পৰা পৰ্যায় ক্ৰমে ১৮ দিনৰ ভিতৰত ভেকচিন প্ৰদান কৰা হ’ব। অৱশ্যে সপ্তাহৰ প্ৰতিটো দিনতে এই ভেকচিন প্ৰদান কৰা নহব। সেইসূত্ৰে জিলা স্বাস্থ্য বিভাগে ৩৪২ গৰাকী এ এন এমক প্ৰশিক্ষণেৰে ভেকচিন প্ৰদান কৰিবলৈ সাজু কৰি তুলিছে। ভেকচিন প্ৰদানৰ কেইদিন পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ ভেকচিন প্ৰদান কৰা হ’ব।
যক্ষ্মা ৰোগৰ লক্ষণঃ দুসপ্তাহ ধৰি কাহ হৈ থাকিলে, কাহত তেজৰ  চেকুৰা ওলালে, কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস পালে আৰু গধূলি গধূলি জ্বৰ হলে যক্ষ্মা ৰোগ হব পাৰে। এয়া ৰোগৰ প্ৰাথমিক লক্ষণ। ইয়াৰ লগতে এই ৰোগৰ বিজাণু বতাহৰ দ্বাৰা নাকে মুখে সোমাই হাঁওফাঁওত থিতাপি লয়। ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি থকা মানুহৰ দেহতো এই বিজাণুৰে থিতাপি লৈ ৰোগ সম্প্ৰসাৰণৰ বাবে নিৰৱে সুযোগ বিচাৰি থাকে। সেয়ে ৰোগত আক্ৰান্ত নহলেও দেহত যক্ষ্মাৰ বিজাণু আছেনে নাই তাক পৰীক্ষা কৰা বা ভেকচিন লোৱাটো অতি প্ৰয়োজন বুলি চিকিৎসকদ্বয়ে মন্তব্য কৰে। ১১ জুনৰ পৰা আৰম্ভ হব লগীয়া বিচিজি ভেকচিন লবলৈ তথা ৰাইজক ৰোগটোৰ সন্দৰ্ভত  সচেতন হবলৈ আজিৰ সংবাদমেলৰ আঁত ধৰোতা- স্বাস্থ্যকৰ্মী পংকজ সভাপণ্ডিতে ৰাইজক আহবান জনায়।
বি চি জি ভেকচিন কোনে লব পাৰিবঃ
১। যোৱা পাঁচ বছৰত যক্ষ্মা হোৱা ৰোগী সকল, যাৰ চিকিৎসা সম্পূর্ণ হোৱা কমেও ১ মাহ হৈছে।
২। যোৱা ৩ বছৰত সক্ৰিয় যক্ষ্মা ৰোগীৰ সৈতে সংস্পর্শত অহা ব্যক্তি সকল।
৩। ৬০ বছৰৰ ওপৰৰ সকলো প্রাপ্তবয়স্ক।
৪। শৰীৰৰ ভৰ সূচাংক (বি এম আই) <= ১৮ কিলোগ্রাম/প্রতি বর্গমিটাৰতকৈ কম।
৫। নিজে অৱগত কৰা মধুমেহ ৰোগী।
৬। নিজে অৱগত কৰা ধূম্রপায়ী (বর্তমান/অতীত)।
 ভেকচিন কোনে লব নালাগেঃ
১। ১৮ বছৰ তলৰ ব্যক্তি।
২। সন্মতি নিদিয়া লোক।
৩। গুৰুতৰ ভাৱে অসুস্থ/শর্য্যাগত।
৪। গর্ভবতী/দুগ্ধপান কৰা মহিলা।
৫। বর্তমান যক্ষ্মা চিকিৎসা চলি থকা/যক্ষ্মা প্রতিষেধক লোৱা/যক্ষ্মা চিকিৎসা সম্পূর্ণ নকৰা।
৬। জনা বেমাৰ যেনে HIV/কেঞ্চাৰ/প্ৰতিৰোধ ক্ষমতা হ্রাস হোৱা কিবা চিকিৎসা চলি থকিলে ইত্যাদি।
৭। বি.চি.জি. বা যিকোনো ভেকচিনৰ প্ৰতি জনা গুৰুতৰ প্ৰতিক্রিয়া থকা ব্যক্তি।
৮। HIV হোৱা সম্ভাৱনা থকা ব্যক্তি যেনে MSM, CSW, IDU, তৃতীয় লিংগ, বেজী দিয়া ড্ৰাগছ সেৱনকাৰী, যৌন কর্মী আদিৰ দৰে বিপজ্জনক আচৰণৰ সৈতে জড়িত লোক ইত্যাদি।
৯। যোৱা ৩ মাহত তেজ সঞ্চালনৰ ইতিহাস থকা।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More