শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আগষ্টত হাৰিয়ানাৰ ফৰিদাবাদত এখন ব্যক্তিগত চিকিৎসালয় উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল বন্দৰু দত্তত্ৰেয় আৰু মুখ্যমন্ত্ৰী মনোহৰলাল খট্টাৰো উপস্থিত থাকে। এটা মঠৰ সহায়ত এই চিকিৎসালয়খন নিৰ্মাণ কৰা হ’ব বুলি কোৱা হৈছে। নামকৰণ কৰা হৈছে ‘অমৃত ছুপাৰ স্পেচিয়েলিটি হস্পিতাল’। বিভিন্ন সংবাদ সংস্থাৰ মতে, এই চিকিৎসালয়খনেই হৈছে ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ ব্যক্তিগত চিকিৎসালয়। লগতে একাংশ সংবাদ সংস্থাৰ মতে ই এছিয়াৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত চিকিৎসালয়। ১৪ মহলীয়া এই চিকিৎসালয়খনৰ প্ৰতিটো বিভাগতে আছে আধুনিক প্ৰযুক্তি। চিকিৎসালয়খনত মুঠ বিছনাৰ সংখ্যা হৈছে ২৬০০খন। ইয়াৰ উপৰি ৫৩৪খন বিছনা জটিল ৰোগৰ যত্নৰ ব্যৱস্থা পৃথকে পৃথকে কৰা হ’ব। ব্যক্তিগত ৱাৰ্ডত মুঠ ১০০০খন বিছনা ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। চিকিৎসালয়খনত থাকিব মুঠ ৮১টা বিভাগ। অমৃত ছুপাৰ স্পেচিয়েলিটি হস্পিতালত ৬৪টা মডিউলাৰ অপাৰেচন থিয়েটাৰ থাকিব। চিকিৎসালয়খনত মাতৃ আৰু কেঁচুৱাৰ বাবে সুকীয়া মহলা থাকিব। চিকিৎসালয়খনত ৮০০ চিকিৎসকৰ লগতে ২৫০০ পেৰামেডিকেল কৰ্মচাৰী থাকিব। চিকিৎসালয়ৰ পৰা আন ঠাইলৈ ৰোগীক বদলি কৰাৰ বাবেও ছাদত হেলিপেড আছে। যেতিয়া এজন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হয় তেতিয়া তেওঁৰ পৰিয়ালৰ সদস্যসকলে থাকিবলৈ ঠাই বিচাৰি যাতে বহু দূৰলৈ যাত্ৰা কৰিব নালাগে, তাৰ বাবে চিকিৎসালয়ৰ চৌহদৰ ভিতৰতে ৪৯৮টা কোঠাৰ এটা অতিথিশালা নিৰ্মাণ কৰা হ’ব। বহুতৰে মতে ই আনকি চাৰি তাৰকা হোটেলকো পৰাস্ত কৰিব। চিকিৎসালয়খনৰ পৰিকল্পনা এনেদৰে কৰা হৈছে যে প্ৰতিটো মহলাক সুকীয়াকৈ ‘মিনি হাস্পতাল’ বুলি ক’ব পাৰি। এই চিকিৎসালয়খনৰ সমান্তৰালকৈ এখন মেডিকেল কলেজ নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰা হৈছে। এই মেডিকেল কলেজত প্ৰতি বছৰে ১৫০ গৰাকী এম বি বি এছ আৰু ১০০ গৰাকী স্নাতকোত্তৰ (এম ডি আৰু এম এছ) ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰা হ’ব। এখন নাৰ্চিং কলেজৰো সৃষ্টি হ’ব। শিক্ষাৰ উপৰি এই চিকিৎসালয়খনৰ এটা অংশত পুনৰ্বাসন কেন্দ্ৰও থাকিব। গৱেষণাৰ বাবে পৃথকে পৃথকে সাত মহলাত এটা বিশেষ গৱেষণা কেন্দ্ৰও নিৰ্মাণ কৰা হ’ব। লগতে থাকিব ৰবটিক্স লেবৰেটৰী। সমগ্ৰ চিকিৎসালয়খনৰ সকলো কাম কাগজবিহীন হ’ব। অৰ্থাৎ কাগজ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ডিজিটেলভাৱে কাম কৰা হ’ব। কোৱা হৈছে যে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’বলৈ পাঁচৰ পৰা ছয় বছৰ সময় লাগিব পাৰে। প্ৰথম অৱস্থাত ৫৫০ খন বিছনাৰে মুকলি কৰা হ’ব চিকিৎসালয়খন। কাম আগবাঢ়ি যোৱাৰ লগে লগে পৰৱৰ্তী পৰ্যায়ত আৰু অধিক বিচনা সংযোজন কৰা হ’ব। পৰিকল্পনা অনুসৰি অহা ডেৰ বছৰৰ ভিতৰত চিকিৎসালয়খনৰ এটা অংশ মুকলি কৰা হ’ব য’ত ৭৫০খন বিছনা থাকিব। এই চিকিৎসালয়খন নিৰ্মাণৰ বাবে মুঠ খৰচ হ’ব প্ৰায় ৬ হাজাৰ কোটি টকা।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.