আজাদী কী অমৃত মহোৎসৱৰ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ

0 22

উত্তৰ লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া আৰু ১নং মাজ গাওঁৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫  আগষ্টৰ সন্ধিয়া “অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ’২০২২” অনুষ্ঠিত কৰা হয়৷ এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত তৰুন কৃষ্ণ নাথৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “সৰৱজান” আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত প্ৰনৱ মহন্তৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “মূর্খ ৰজা “মঞ্চস্থ কৰা হয়৷ IMG 20220816 WA0039এই দুয়োখন নাটকৰ মঞ্চ সজ্জা ভাস্কৰ দত্তৰ নৃত্য পৰিচালনা কাজল শইকীয়াৰ,সাজ-সজ্জা  লক্ষ্যজ্যোতি বৰুৱা আৰু পুৰবী হাজৰীকাৰ,ৰূপ সজ্জা – বন্তি হাজৰীকাৰ, ব্যৱস্থাপনা- ৰক্তিম দত্ত আৰু হিমাংশু নাথৰ৷ ১৫ আগষ্টৰ সন্ধিয়া ৭ বজাত অভিনৱ থিয়েটাৰ প্ৰকল্পত তৰুন কৃষ্ণ নাথৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “সৰৱজান”, প্ৰনৱ মহন্তৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “মূর্খ ৰজা” আৰু গিৰিধৰ ৰয়ৰ ৰচনা আৰু প্ৰনৱ শর্মাৰ পৰিচালনাত শিশু নাট “ফেহুঁজালী” মঞ্চস্থ কৰা হয়৷ এই নাট মহোৎসৱৰ ভাৰতমাতাৰ ছৱিত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লখিমপুৰ জিলা প্ৰচাৰক ৰাজীৱ কলিতাই। বৰগীত পৰিৱেশন কৰে প্ৰীতিশৈলা বৰুৱাই। সমাৰোহৰ সামগ্ৰিক পৰিকল্পনা দয়াল কৃষ্ণ নাথৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More