আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ

0 68

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ আগষ্ট: লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া ৭ বজাত আৰু ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫ , আগষ্টৰ সন্ধিয়া ৭ বজাত “অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ’২০২২” অনুষ্ঠিত কৰা হৈছে৷ এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত তৰুণ কৃষ্ণ নাথৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “সৰৱজান” আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত প্ৰণৱ মহন্তৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “মূর্খ ৰজা “মঞ্চস্থ কৰা হব৷ এই দুয়োখন নাটকৰ নৃত্য পৰিচালনা কাজল শইকীয়াৰ, সাজ-সজ্জা লক্ষ্যজ্যোতি বৰুৱা আৰু পুৰবী হাজৰীকাৰ,ৰূপ সজ্জা –মাইনী শইকীয়া আৰু বন্তি হাজৰীকাৰ, ব্যৱস্থাপনা- ৰক্তিম দত্ত আৰু হিমাংশু নাথৰ৷ মঞ্চ সজ্জা বেদান্ত শইকীয়া আৰু মুন শৰ্মাৰ।১৫ আগষ্টৰ সন্ধিয়া ৭ বজাত অভিনৱ থিয়েটাৰ প্ৰকল্পত তৰুণ কৃষ্ণ নাথৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “সৰৱজান”, প্ৰনৱ মহন্তৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “মূর্খ ৰজা” আৰু গিৰিধৰ ৰয়ৰ ৰচনা আৰু প্ৰণৱ শর্মাৰ পৰিচালনাত শিশু নাট “ফেহুঁজালী” মঞ্চস্থ কৰা হব বুলি দয়াল কৃষ্ণ নাথে জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More