আজি আৰু কাইলৈ তেজপুৰত ইতিহাস সৃষ্টি কৰি প্ৰদৰ্শিত হ’ব ‘লাচিত-বুৰঞ্জী লিখা তৰোৱাল’

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীঃ তেজপুৰৰ ঐতিহাসিক হজৰাপাৰত অভিনৱ আয়োজন

0 23

শব্দ-পোহৰৰ মায়াজালত মুক্তাংগণত ঘোঁৰাত উঠি লাচিত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈঃ হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰত বিধায়ক পদ্ম হাজৰিকাঃ চক্ৰধ্বজ সিংহৰ ৰূপত কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাঃ আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ নবেম্বৰ: নিশাটোৰ ভিতৰতে গড় সাজি দুৰ্জেয় মোগল বাহিনীক পৰাভূত কৰাৰ দৰেই জাতীয় বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰী পাৰত দিনে নিশাই দুই শতাধিক কুশীলৱ এতিয়া ব্যস্ত বুৰঞ্জীখ্যাত শৰাইঘাট যুদ্ধৰ ৰূপ দিয়াৰ প্ৰয়াসত৷ কিয়নো বৃহত্তৰ অসমীয়া জাতিৰ গৌৰৱ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ১৯ আৰু ২০ নবেম্বৰৰ সন্ধিয়া ৬-১৫ বজাত হজৰাপাৰ খেলপথাৰ মুক্তাঙ্গনত শব্দ-পোহৰৰ মায়াজালত নাটকীয় ৰূপত ৰোমন্থন কৰা হ’ব বীৰ লাচিতৰ পৰাক্ৰমৰ গাঁথা৷ জীৱন্ত ঘোঁৰা, হাতী আৰু পুখুৰীত বহু সংখ্যক নাৱেৰে বিগত কেইবাদিন ধৰি অব্যাহত আছে কুশীলৱসকলৰ আখৰা৷ IMG 20221117 WA0122যাক লৈ এতিয়া নিতৌ সন্ধিয়া তেজপুৰৰ বহু শ লোক আখৰাস্থলীত উপস্থিত হৈ এক উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টিৰে শিল্পী, কলা-কুশলীসকলক উৎসাহিত কৰা পৰিলক্ষিত হৈছে৷ অসমীয়া জাতিৰ শৌৰ্য – বীৰ্যৰ প্ৰতীক, অসম আৰু অসমীয়াৰ স্বাভিমান বীৰ লাচিত বৰফুকনৰ বীৰ গাঁথা শব্দ আৰু পোহৰৰ মায়াজালেৰে ৰাজ্যখনৰ প্ৰথিতযশা অভিনয় শিল্পীসহ আঢ়ৈশ শিল্পীয়ে মঞ্চৰ বিপৰীতে তেজপুৰৰ হজৰাপাৰ পুখুৰীৰ পাৰত বিশেষ শৈলীৰে মুক্তাংগণত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত এক ইতিহাস সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে তেজপুৰৰ নাট্যানুষ্ঠান ‘অসম ৰেপাৰেটৰী৷ উল্লেখ্য যে, অসম ৰেপাৰেটৰীৰ ২৫ সংখ্যক নাট্য নিবেদন তথা ‘লাচিত – বুৰঞ্জী লিখাৰ তৰোৱাল’ নামৰ নয়ন জ্যোতি ভট্টাচাৰ্যৰ উপন্যাসখনৰ কাহিনীক নাট্যৰূপ দিয়া নাট্যকাৰ পৰিচালক পুলক কুমাৰ ডেকাৰ ‘লাচিত – বুৰঞ্জী লিখাৰ তৰোৱাল’ নামৰ বহুল চৰ্চিত নাটকখন ৰূপায়নৰ বাবে সম্প্ৰতি শালস্তম্ভ বংশৰ ৰজা হজৰবমাৰ্ই নিৰ্মাণ কৰা হজৰাপুখুৰীত পৰীক্ষামূলকভাবে মুকলিত প্ৰদৰ্শিত হ’বলগীয়া নাটকখনৰ বাবে সাজু কৰা হৈছে এটা হাতী, পাঁচটাকৈ ঘোঁৰা আৰু ছখন নাও৷ তদুপৰি সাজু কৰা হৈছে সেই সময়ত ব্যৱহাৰ হোৱা বৰটোপকে ধৰি বিভিন্ন যুদ্ধ সামগ্ৰী৷ প্ৰকাশ যে, লাচিতৰ চৰিত্ৰত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ, আতন বৰগোহাঁইৰ চৰিত্ৰত ৰাজ্যখনৰ এগৰাকী বলিষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া, স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ চৰিত্ৰত বিধায়ক পৃথ্বিৰাজ ৰাভা, স্বৰ্গদেউ প্ৰতাপ সিংহৰ চৰিত্ৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,পাখৰী কুঁৱৰীৰ চৰিত্ৰত বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, জয়ধ্বজ সিংহৰ চৰিত্ৰত অভিনেতা ভূপেন শৰ্মা, মিৰজুমলাৰ চৰিত্ৰত প্ৰশান্ত কুমাৰ বৰাই মুখ্য চৰিত্ৰত অভিনয়ৰ কৰাৰ সমান্তৰালভাবে অবনী বৰা, ৰাজীৱ শৰ্মা, অশ্বিনী বৰা, প্ৰহ্লাদ তালুকদাৰ, জীতেন কুমাৰ দাস, পুুতুল বৰুৱা, সঞ্জীৱ বৰঠাকুৰ, শান্তনু শইকীয়া, নমিতা মহন্ত, মধুস্মিতা হাজৰিকা ডেকা, ৰণজিৎ বৰা, গৌতম শৰ্মা, জিতু কলিতা, অৰূপ মহন্ত, বিপুল কুমাৰ নাথ, মিণ্টু নয়ন দাস, নৱ কিশোৰ শইকীয়া, নৱজিৎ শৰ্মা, বিষ্ণু দাস, জ্ঞানদ্বীপ বড়ো, হীৰক কলিতা, অপূৰ্ব বৰা, প্ৰশান্ত দাস, জান তালুকদাৰ, বিস্তৃৰ্ণা ভট্টাচাৰ্য, হিমাশ্ৰী বৰা, ভিলাৰচিয়া বৰা, কৃষাণু, আদিত্য, পাপু, প্ৰিয়াংশু মনজিৎ, পৱন, দেৱাশীষ, দেৱ, ৰনি, লিজা, দিশা আদিয়ে বিভিন্ন চৰিত্ৰত অভিনয় কৰিব৷ সেইদৰে চাৱাই সিঙে শিশু লাচিতৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিশেষ চৰিত্ৰত অভিনয় কৰিব৷ লক্ষণীয় যে, তেজপুৰৰ ঐতিহাসিকস্থলীত ৰূপায়ন কৰিব লগীয়া এই ‘লাচিত-বুৰঞ্জী লিখা তৰোৱাল’ শীৰ্ষক নাটখনিত বীৰ লাচিতৰ অশ্বাৰোহণ আৰু নৰিয়া দেহেৰে নাৱত উঠি কৰা শৰাইঘাটৰ যুদ্ধৰ স্মৃতি ৰোমন্থনো হজৰাপুখুৰীত কৰা হ’ব৷ হৰিহৰৰ যুদ্ধৰ স্থলীত মোগল আৰু আহোমৰ যুদ্ধৰ স্মৃতি ৰোমন্থনৰ বাবে আয়োজিত এই নাটখনিত হাতীত উঠি স্বৰ্গদেউ প্ৰতাপ সিংহৰ চৰিত্ৰত বিধায়ক তথা অভিনয় শিল্পী পদ্ম হাজৰিকাই ৰূপায়ন কৰিব৷ ঘোঁৰা-হাতীৰ চিঞৰ, বৰটোপৰ ধ্বনি, অস্ত্ৰশস্ত্ৰৰ ঝনঝননি আৰু ৰণ শিঙাৰ মাজেৰে পোহৰৰ মায়াজালত দৰ্শকমণ্ডলীক সন্মোহিত কৰি ৰাখিবলৈ উদ্যোক্তাসকলে শব্দ আৰু পোহৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইপিনে বিগত দিনকেইটাত তেজপুৰ চহৰৰ বিভিন্ন শিক্ষানুষ্ঠানত এই উপলক্ষে ‘জাতিৰ বাবে ৩০ মিনিট’ শীৰ্ষক অনুষ্ঠান আয়োজনেৰে ছাত্ৰ-ছাত্ৰীসকলক বীৰ লাচিতৰ পৰাক্ৰমৰ গাথা সন্দৰ্ভত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখি জাতিৰ স্বাভিমান সন্দৰ্ভত অবগত কৰাৰো প্ৰয়াস কৰিছিল৷ যাৰ বাবে উঠি অহা প্ৰজন্মৰ লগতে তেজপুৰ তথা শোণিতপুৰীয়া কলামোদী ৰাইজ অতি ঔৎসুক্যৰে অপেক্ষা কৰাৰ অন্তত কালি সন্ধিয়া ৬-১৫ বজাত হজৰাপাৰ খেলপথাৰত অসম বুৰঞ্জীৰ কেতবোৰ ঐতিহাসিক মুহূৰ্তৰ লগতে বীৰ লাচিতৰ পৰাক্ৰম আৰু শৰাইঘাটৰ যুদ্ধৰ নাটকীয় ৰূপ স্বচক্ষুৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে, কাইলৈ ২০ নবেম্বৰতো দশৰ্কসকলে উপভোগ কৰিব পাৰিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More