আজি ৫২ সংখ্যক আন্তৰ্জাতিক ধৰিত্ৰী দিৱস

এইবাৰৰ মূলভাৱটো "Invest in our Planet"

0 41

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ এপ্ৰিলঃ  আজি ২২ এপ্ৰিল। সমগ্ৰ বিশ্বতে আজি উদযাপন কৰা হৈছে ৫২ তম আন্তৰ্জাতিক ধৰিত্ৰী দিৱস। মাতৃস্বৰূপা আমাৰ একমাত্ৰ ধৰাখনে সন্মুখীন হৈ অহা পাৰিপাৰ্শ্বিক সমস্যা সমূ্হৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা আৰু ইয়াৰ সমাধানৰ বাবে উপায় উদ্ভাৱন কৰা বিষয়টোক গুৰুত্ব প্ৰদান কৰি প্ৰতি বছৰেই ২২ এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে। ধৰিত্ৰী দিৱসৰ এইবাৰৰ মূলভাৱটো হৈছে “Invest in our Planet”।পাৰিপাৰ্শ্বিক সমস্যা সমূ্হৰ প্ৰতি মানুহৰ নিস্পৃহতাৰ প্ৰতি সজাগতা বৃদ্ধি আৰু মানুহৰ একমাত্ৰ বসতিস্থল পৃথিৱীখনক এই দুৰ্যোগৰ পৰা ৰক্ষা কৰাৰ দাবীত ১৯৭০ চনৰ এই দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় কুৰি নিযুত নাগৰিক ৰাজপথলৈ ওলাই আহিছিল। সেইদিনাৰ পৰাই বিশ্বত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল পৰিৱেশ ৰক্ষাৰ এক নব্য আন্দোলনৰ। আৰু তেতিয়াৰে পৰা আজিৰ এই দিনটোতেই প্ৰতীকাত্মক ভাৱে সমগ্ৰ বিশ্বৰ জনসাধাৰণে নিজৰ মাতৃ ধৰিত্ৰীক ৰক্ষা কৰাৰ অঙ্গীকাৰ গ্ৰহণ কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ মতে, যথেষ্ট পৰিমাণে ব্যৱস্থা হাতত লোৱা হৈছে যদিও সমগ্ৰ বিশ্বতে জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি এতিয়াও হ্ৰাস হোৱাৰ সলনি বৃদ্ধি পোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে। বিশ্বৰ কেইবা নিযুত প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ এতিয়া চিৰবিলুপ্তিৰ পথত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More