আটকধুনীয়া ৰূপ পালে তেজপুৰৰ “ডেকাৰগাঁও আঞ্চলিক শান্তিধামে”

প্ৰয়াত শিক্ষক বুলেন শইকীয়াৰ সোঁৱৰণত মূল তোৰণ উদ্বোধন বিধায়ক পৃথ্বিৰাজ ৰাভাৰ

0 15

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ আগষ্ট : যিকোনো লোকৰ পৰলোকপ্ৰাপ্তিৰ পিছত পূণ্যস্হান হিচাপে পৰিগণিত হোৱা শ্মশান সমূহ বৰ্তমান সময়ত ৰাজহুৱা ভাবে আটকধুনীয়াকৈ গঢ়ি তোলা হয়। বৰ্তমানে এই পূণ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা শ্মশান সমূহ সুন্দৰকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চৰকাৰ – প্ৰশাসনেও তৎপৰতা গ্ৰহণ কৰিছে যদিও এতিয়াও অধিকাংশ গ্ৰামাঞ্চলত আটকধুনীয়া শ্মশানৰ অভাৱৰ মাজেৰেই ৰাইজে শেষকৃত্য সম্পন্ন কৰিব লগা হৈ আহিছে। কিন্তু ইয়াৰ মাজতেই আজি তেজপুৰৰ নিকটৱৰ্তী ডেকাৰগাঁও অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ দূৰ কৰি কেৱল ৰাইজৰ উদ্যোগতে ৰাজহুৱা এখন শ্মশানে সুন্দৰ ৰূপ লাভ কৰিবলৈ হয়। উল্লেখ্য যে, ১৯৭০ চনতেই স্হানীয় ডেকাৰগাঁও অঞ্চলৰ ৰাইজে পুথিখাতি নামৰ গাওঁখনৰ এডোখৰ চৰকাৰী মাটি নিৰ্বাচিত কৰি ৰাজহুৱা ভাবে স্হানীয় লোকৰ শেষকৃত্যৰ ব্যৱস্থা কৰি আহিছিল। ইয়াৰ মাজতেই অগপ চৰকাৰ সময়ছোৱাত স্হানীয় ৰাজনীতিক তথা সমাজকৰ্মী প্ৰয়াত অতুল শইকীয়াৰ বিশেষ তৎপৰতাত ১৯৮৫ চনত “পুথিখাতি শ্মশান নিৰ্মাণ সমিতি” নামৰ এখন সমিতি গঠন হোৱাৰ পিছত ৰাইজৰ বিশেষ সহযোগিতাৰে এখোপ দোখোপকৈ আগবাঢ়ি আহি আহি আজি সেই শ্মশানে আঞ্চলিক স্বীকৃতি লৈ আটকধুনীয়া ৰূপ লাভ কৰা পৰিলক্ষিত হয়। আজিৰ দিনটোত শ্মশানখনৰ মূল তোৰণ, পকী বেৰৰ সম্পূৰ্ণ ৰূপ আনুষ্ঠানিক ভাবে এক বিশেষ অনুষ্ঠানৰ জৰিয়তে উদ্বোধন হয়। উল্লেখ্য যে, ২০২০ চনৰ ১৪ জুনত পৰলোকপ্ৰাপ্তি ঘটা তেজপুৰৰ নিকটৱৰ্তী ডেকাৰ গাওঁ অঞ্চলৰ সৰবৰহী সমাজকৰ্মী তথা তেজপুৰৰ গান্ধী মেমৰিয়েল মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বুলেন শইকীয়াৰ পৰিয়ালৰ অৰ্থ সাহাৰ্য্যত আজি এক মাংগলিক পৰিৱেশত স্হানীয় ডেকাৰ গাওঁ পুথিখাতি অঞ্চলৰ ৰাজহুৱা আঞ্চলিক শান্তিধামৰ মূল তোৰণখন উদ্বোধন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই । স্হানীয় শ্মশান উন্নয়ন সমিতিৰ উদ্যোগত এই উপলক্ষে আজি অনুষ্ঠিত এই তোৰণ উদ্বোধনী অনুষ্ঠানতে স্হানীয় আয়তী সকলে নাম প্ৰসঙ্গৰে শান্তিধাম চৌহদত ভক্তি ৰসৰে এক অমিয়া পৰিৱেশৰো সূচনা কৰে।আনহাতে এই অনুষ্ঠানতে ৰাইজৰ মংগলৰ কাৰণে অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰি তোলা শ্মশান অৰ্থাৎ শান্তিধামখন যাৰ প্ৰযত্নত গঢ় লৈ উঠিছিল সেই পৰিয়ালৰ ব্যক্তি সকলক শ্মশান উন্নয়ন সমিতিৰ হৈ বিধায়ক পৃথ্বিৰাজ ৰাভাই একোখনকৈ সম্বৰ্ধনা পত্ৰৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।শ্মশান উন্নয়ন সমিতিৰ সভাপতি সোমেশ্বৰ কেওঁট, সম্পাদক বীৰেণ দাস, প্ৰাক্তন ছাত্ৰ নেতা তথা শিক্ষক লন্টু শইকীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই অনুষ্ঠানতে মূল তোৰণখনৰ শিল্পী স্হানীয় শিক্ষক দশ মুকুট কেওঁট আৰু দাতা তথা প্ৰয়াত বুলেন শইকীয়াৰ সহধৰ্মিনী জোনালী শইকীয়াকো সম্বৰ্ধনা জ্ঞাপন কৰৰ পিছত উদ্বোধনী ভাষণত বিধায়ক পৃথ্বিৰাজ ৰাভাই এখন ৰাজহুৱা শ্মশান ৰাইজৰ বিশেষ তৎপৰতাত আটকধুনীয়া ৰূপ লাভ কৰাত সন্তষ্টি প্ৰকাশ কৰি যিসকল বিশেষ ব্যক্তিৰ প্ৰচেষ্টাত এই শ্মশানখনে আজি এক উন্নত ৰূপ লাভ কৰিলে সেইসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত তোৰণৰ দাতা পৰিয়াল আৰু উছৰ্গিত বুলেন শইকীয়াৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More