আণ্ডাৰ ৱাটাৰ ড্ৰোন মোতায়েন ভাৰতৰ

চীনা ভাবুকিৰ মোকাবিলা কৰিবলৈ পহৰাদাৰী

0 20
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুনঃ দেশৰ প্রতিৰক্ষা ব্যৱস্থাক আৰু উন্নত কৰিবলৈ ৰীতিমতে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে কেন্দ্রীয় চৰকাৰ। এইবাৰ ভাৰত মহাসাগৰ, দক্ষিণ চীন সাগৰ আৰু ইন্দো-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতীয় নৌ বাহিনীক শক্তিশালী কৰাৰ বাবে পানীৰ তলত ড্রোন মোতায়েন কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে প্রতিৰক্ষা মন্ত্রণালয়ে। যি মূলতঃ ডুবাৰু জাহাজ বা ছাবমেৰিনৰ ওপৰত নজৰদাৰী চলাব। তদুপৰি পানীৰ তলত শত্রুপক্ষৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিব। চলিত মাহৰ আৰম্ভণিতেই প্রতিৰক্ষা মন্ত্রণালয়ে এই নির্দেশ দিছে। সূত্রয় খবৰমতে ইয়াৰ মূল উদ্দেশ্য হৈছে চাবমেৰিনৰ পৰিস্থিতিগত সচেতনতা বঢ়োৱা আৰু ৰিয়েল টাইম ভিজুৱেল-ফটোগ্রাফ আৰু ভিডিঅ’ কেপচাৰ কৰা। কেন্দ্রীয় চৰকাৰৰ এক সূত্রই কৈছে যে, দেশীয় আৰু বিদেশী সকলো ধৰণৰ ড্রোনেই মোতায়েন কৰা হ’ব। AUV প্রযুক্তিৰ ওপৰত জোৰ দিয়া হৈছে। অৱশ্যে ভাৰতত বৰ্তমান UAV প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। নৌ বাহিনীৰ এই উদ্দেশ্য পূৰণৰ বাবে নতুন ব্যৱস্থা লোৱা হৈছে। সূত্রৰ খবৰ অনুসৰি বিদেশত তৈয়াৰ কৰা আণ্ডাৰ ৱাটাৰ ড্রোন সম্ভৱতঃ দেশীয় সক্ষমতা বিকাশ নোহোৱা পর্যন্ত ব্যৱহাৰ কৰা হ’ব। বৃহত্তৰ ক্ষেত্রত নজৰদাৰী চলোৱাৰ বাবে এই ব্যৱস্থা কার্যকৰী কৰা হ’ব। কেইবছৰমান আগৰে পৰাই আণ্ডাৰ ৱাটাৰ ড্রোনৰ প্রয়োজনীয়তাই দেখা দিছিল। কাৰণ চীনা পিপিলছ লিবাৰেচন আর্মৰ নেভিয়ে নিয়মিতভাৱে ভাৰতীয় আঞ্চলিক জলসীমাত AUV ব্যৱহাৰ কৰি আহিছে। সেনা সূত্রৰ খবৰ অনুসৰি চীনা আণ্ডাৰ ৱাটাৰ ড্রোনক চীন সাগৰত এখন আমেৰিকান যুদ্ধজাহাজৰ সেনাই চিহ্নিত কৰিছে। সেইখন প্রযুক্তিগত নজৰদাৰীৰ কোন অৱস্থাত আছিল সেয়াও ৰেকর্ড কৰা হৈছিল। ২০১৯ চনৰ ১১ ডিচেম্বৰত চীন চৰকাৰৰ এখন বৈজ্ঞানিক গৱেষণা জাহাজৰ পৰা উন্নীত আণ্ডাৰ ৱাটাৰ গ্লাইডাৰ মোতায়েন কৰা হৈছে। সেইখনেৰে পূব ভাৰত মহাসাগৰ এলেকাত পহৰাদাৰী চলাইছে বুলি অনুমান কৰিছে ভাৰতে। ভাৰতীয় নৌবাহিনী সম্পূর্ণ সচেতন যে, চীনা সেনাই নিয়মিতভাৱে ভাৰতীয় জলসীমাত প্রৱেশ কৰি নজৰদাৰী চলাইছে। আৰু সেইকাৰণে ভাৰতেও চীনা ভাবুকিৰ মোকাবিলা কৰাৰ বাবে পানীৰ তলত নজৰদাৰী বঢ়াব বিচাৰিছে। ২০২০ চনৰ পৰাই চীন আৰু ভাৰতৰ মাজত সম্পর্ক প্রবল তিক্ত হ’বলৈ আৰম্ভ কৰে। চীনা সেনাই লাদাখৰ এলেকাত ঘাটি পাতিছিল। গালৱান সংঘৰ্ষৰ ভয়াৱহতাই ভাৰত-চীন যুদ্ধৰ কথা মনত পেলাই দিয়ে। লাদাখৰ উপৰি অৰুণচাল সীমান্ততো চীনা সেনাৰ গতিবিধি বাঢ়িছে। অবৈধভাৱে ভাৰতীয় সীমান্ত এলেকাত পৰিকাঠামো নিৰ্মাণ কৰিছে চীনে। যিটোক লৈ প্রথমৰ পৰাই আপত্তি জনাই আহিছে ভাৰতে। অৱশ্যে বর্তমান কিছু হ’লেও পিছুৱাবলৈ বাধ্য হৈছে চীনা সেনা।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More