আদালতলৈ অনাৰ পথত তেজপুৰৰ পৰা পলায়ন কৰা দুধৰ্ষ কয়দীক সাত মাহৰ পাছত গ্ৰেপ্তাৰ চণ্ডীগড়ত

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২এপ্ৰিলঃ এটা হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰাৰ লগতে ধৰ্ষণ,লুণ্ঠনৰ দৰে বিভিন্ন অপৰাধৰে জড়িত বুলি অভিযুক্ত ভাস্কৰ নাথ নামৰ এক পলাতক কয়দী তথা অপৰাধীক চণ্ডিগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে৷উল্লেখযোগ্য যে,তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ভাস্কৰে ২০২২ৰ শেষৰ ফালে কাৰাগাৰৰ ভিতৰত ড্ৰাগছৰ বেহা চলাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে কাৰাগাৰৰ ভিতৰত এক মাৰপিটৰ ঘটনা সংঘটিত হয়৷ইয়াৰ পাছতে তেজপুৰৰ পৰা বিশ্বনাথ কাৰাগাৰলৈ স্হানান্তৰিত কৰা হয় ভাস্কৰক ৷তেজপুৰৰ কনাই বৰাচুক নিবাসী তথা মুক্ত অৱস্থাত তেজপুৰত এক ত্ৰাসৰ কাৰণ হৈ পৰা ভাস্কৰক ২০২২ৰ ১২ছেপ্টেম্বৰত তেজপুৰস্হিত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ বাবে বিশ্বনাথৰ পৰা আনি থকা অৱস্থাত তেজপুৰৰ ৰবৰবাগানৰ সমীপত আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল৷এই ঘটনাই সেই সময়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে বিষয়টোকলৈ বহুতেই সন্দেহ প্ৰকাশ কৰিছিল৷ইপিনে আৰক্ষীয়ে কয়দী ভাস্কৰৰ পলায়নত সহায় কৰাৰ অভিযোগত এগৰাকী মহিলাসহ মুঠ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল যদিও ভাস্কৰৰ সন্ধান যোৱা প্ৰায় সাতমাহে লাভ কৰা নাছিল৷কিন্তু শেহতীয়াকৈ শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই পলাতক কয়দীজনে আত্মগোপন কৰি থকা স্হানৰ বিষয়ে বিশেষ সূত্ৰে তথ্য লাভ কৰে আৰু পলাতক কয়দী ভাস্কৰক কৰায়ত্ত কৰাৰ বাবে গোপনে তেজপুৰ আৰক্ষীৰ এটা দলক চণ্ডীগড়লৈ প্ৰেৰণ কৰে৷আৰক্ষীৰ অভিযানকাৰী দলটোৱে চণ্ডীগড়ত উপস্থিত হোৱাৰ পাছত ১৮এপ্ৰিলত ভাস্কৰক কৰায়ত্ত কৰে আৰু যোৱানিশা তেজপুৰত উপস্থিত হয়হি৷উল্লেখযোগ্য যে,পলাতক কয়দী ভাস্কৰে চণ্ডীগড়ত আই চি আই চি আই বেংকৰ লোণ ৰিকভাৰী এজেন্ট হিচাপে কাম কৰাৰ লগতে ভাড়াঘৰত থাকি যোৱা সাতমাহে মুকলি জীৱন অতিবাহিত কৰিছিল৷ বৰ্তমান তেজপুৰ আৰক্ষীৰ জিন্মাত আছে ভাস্কৰ আৰু তেওঁৰ পলায়নৰ সন্দৰ্ভত জেৰা অব্যাহত আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More