আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়ঃ দিগন্তবিশ্ব শৰ্মা

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে বক্তৃতানুষ্ঠান

0 190

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মে’ঃ আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়।- এই ভাষ্য দিগন্তবিশ্ব শৰ্মাৰ। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ আৰম্ভণি আজি মহাবিদ্যালয়ত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শৰ্মাৰ বক্তৃতাৰে শুভাৰম্ভ কৰা হয়। তেঁও “বিবেকানন্দ আৰু শ্ৰীঅৰবিন্দৰ আলোকত আদৰ্শ শিক্ষক আৰু আদৰ্শ শিক্ষাৰ ধাৰণাত এভূমুকি” বিষয়ক বক্তৃতা প্ৰদান কৰি শিক্ষাৰ প্ৰকৃত লক্ষ্য জীৱনৰ অন্বেষণ বা আত্মানুসন্ধান আৰু জগতৰ অন্বেষণ বুলি মত ব্যক্ত কৰে। তেঁও লগতে কয় আধুনিক শিক্ষা শিক্ষাৰ এটা অংগ হয়, কিন্তু ই সমগ্ৰ শিক্ষা নহয়। আদৰ্শ শিক্ষকৰ সন্দৰ্ভত শৰ্মাই কয়- শিক্ষকতা এক বৃত্তি নহয়, ই মিছন। সেয়ে শিক্ষক নিজে উপযুক্ত হলেহে ছাত্ৰই তেঁওক অনুসৰণ কৰিব। বন্তি প্ৰজ্বলনেৰে বক্তৃতা শৃংখলাৰ কাৰ্যসূচী উদ্বোধন কৰে লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড° মুকুন্দ ৰাজবংশীৰ লগতে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে। আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা সোণালী জয়ন্তী আয়োজক সমিতিৰ সম্পাদক ড° লোহিত হাজৰিকাই। প্ৰায় দুঘণ্টীয়া বক্তৃতাত শৰ্মাই কয় যে আধুনিক শিক্ষা বিষয়মুখী আছিল য’ত এজন ছাত্ৰৰ হৃদয় আৰু অন্তৰ্নিহিত স্বৰূপৰ পৰা নিৰ্গত হোৱা শাখাসমূহ অধ্যয়ন কৰাৰ অধিকাৰ নাথাকে। স্বামী বিবেকানন্দ আৰু শ্ৰীঅৰবিন্দৰ উদ্ধৃতি দি সাহিত্য অকাডেমী অনুবাদক বঁটা বিজয়ী শৰ্মাই শিক্ষাৰ বাবে সুদৃঢ় ভেটি গঢ়াৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে যদি বিদ্যাৰ্থীৰ ভেটিটো শক্তিশালী হয় তেন্তে পৃথিৱীৰ যিকোনো বস্তু শিকিব পাৰিব। দিগন্ত বিশ্ব শৰ্মাই যোগ আত্ম সিদ্ধতাৰ উদ্দেশ্যেৰে এক পদ্ধতিগত প্ৰয়াস বুলি যোগৰ বিভিন্ন দিশৰ বিষয়েও ব্যাখ্যা কৰে। দিগন্ত বিশ্ব শৰ্মাই স্বামী বিবেকানন্দৰ দৰ্শনত এজন আদৰ্শ শিক্ষকৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় গুণসমূহৰ বিষয়েও বিস্তৃতভাবে আলোচনা আগবঢ়ায়। বক্তৃতা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ছাজাদ হুছেইনে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More