শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰৰ লিচুৱে ২০১৫ বৰ্ষত জি আই টেগ পোৱাৰ লগতে চলিত বছৰৰ জুন মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই তেজপুৰৰ লিচু লণ্ডনলৈ ফ্লেগ অফ কৰাৰ পিছত তেজপুৰৰ লিচুৰ বিভিন্ন প্ৰজাতি ক্ৰমে বোম্বায়া,বিলাতী আৰু চাহি লিচুৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেজপুৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰাৰ পাছত শোণিতপুৰ জিলা কৃষি বিভাগে উক্ত লিচু খেতি সম্প্ৰসাৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি শোণিতপুৰ জিলা কৃষি বিভাগ, জিলা পৰিষদ, কৃষি বিজ্ঞান কেন্দ্ৰ, NABARD ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্রশাসন , অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (APART) , বিশ্বনাথ কৃষি মহাবিদ্যালয়, NERAMAC, অগ্নিগড় কৃষি উৎপাদক কোম্পানীৰ সহযোগত পৰোৱাত লিচু পুলি বিতৰণ তথা ৰোপণৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয় । তেজপুৰৰ উন্নত জাতৰ আৰু সুস্বাদু লিচুৱে কেৱল অসমৰে নহয় দেশ বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । এই তেজপুৰ লিচুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিয়াৰ বাবে কৃষি বিভাগৰ উদ্যোগত লিচু পুলি বিতৰণ আৰু ২০২ বিঘা মাটিত লিচু পুলি ৰোপণৰ এক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় । শোণিতপুৰ জিলা কৃষি বিষয়া পঙ্কজ শইকীয়াই কৃষি বিভাগৰ এই অভিযানৰ কথা সদৰি কৰাৰ পিছতেই শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জি আই টেগ লাভ কৰা তেজপুৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা প্ৰশংসা পত্ৰৰ কথা সদৰি কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে তেজপুৰ লিচুৰ জয়যাত্রাৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে উপস্থিত কৃষকসকলক উন্নত জাতৰ লিচু পুলি বিতৰণ কৰে । অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন পাঠক, জিলা কৃষি বিষয়া পংকজ শইকীয়া, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ মুখ্য বিজ্ঞানী তথা সমন্বয়ৰক্ষক ড° পল্লৱ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অংগনা শৰ্মা, সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ, নলতলীৰ অধ্যক্ষ হৰেশ্বৰ দাস, NABARD ৰ জিলা উন্নয়ন প্ৰবন্ধক প্ৰীতম নাথ, ঘোৰামাৰী কৃষি উন্নয়ন বিষয়া পঞ্চমীকা দত্ত, বালিপাৰা, গাভৰু খণ্ড উন্নয় বিষয়াৰ লগতে অগ্নিগড় কৃষি উৎপাদক কোম্পানীৰ বিষয়ববীয়াসকল ।উল্লেখ্য যে,শোণিতপুৰ জিলা পৰিষদৰ ৮লাখ টকাৰ লগতে মুঠ ১৯লাখ টকাৰে এই দুশ দুই বিঘা মাটিত প্ৰায় ৩০৩০জোপা লেচু পুলি ৰোপন কৰা হব বুলি জানিব পৰা গৈছে ।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.