আন্তৰাষ্ট্ৰীয় পৰ্য়ায়লৈ নিৰ্বাচিত লখিমপুৰৰ উপাসনা বৰুৱা

আটাৰ বিকল্পৰূপে কলৰ গুৰি প্ৰস্তুতেৰে চমক

0 162

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ ছেপ্টম্বৰঃ ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা লখিমপুৰৰ উপাসনা বৰুৱা এই নিৰ্বাচিত হৈছে আন্তৰাষ্ট্ৰীয় পৰ্য়ায়লৈ। অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাত উপাসনাই অংশগ্ৰহণ কৰিব।Exposition of women Innovation and its outreach for Sustainability ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দেশৰ নিৰ্বাচিত ১০ টা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উপাসনা বৰুৱাই।IMG 20220602 WA0031 উপাসনাই এইবাৰ কেচা কল বিশেষকৈ, জাহাজী, বৰ জাহাজী, চেনিচম্পা, পুৰাকল আৰু ভীম কলৰ পৰা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে আটাৰ বিকল্প প্ৰস্তুত কৰি উলিয়াইছে। এই প্ৰকল্প প্ৰস্তুতিত মেণ্টৰ হিচাপে সহায় কৰিছে ছাত্ৰী গৰাকীৰেই শিক্ষক যজ্ঞোৰাম বৰাই।ছাত্ৰী গৰাকীৰ এই সাফল্যত কৃষি মন্ত্ৰী অতুল বৰা, জিলা উপায়ুক্ত সুমিত সাত্তৱানে অভিন্দন জ্ঞাপন কৰিছে।ইফালেদি তেওঁ অধ্যয়ন কৰি থকা খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ বীৰেণ বৰাকে ধৰি বিদ্যালয় পৰিয়াল অৰু সমগ্ৰ অসমবাসী উৎপ্ৰফুল্লিত হৈ পৰিছে। IMG 20220909 WA0003উল্লেখ্য যে পূৰ্বে ইণ্ডিয়ান য়ং ইনভেণ্টৰ্ছ এণ্ড ইনভেণ্টছ চেলেঞ্জত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুই শিক্ষার্থী ক্ৰমে উপাসনা বৰুৱা আৰু অলি চাবুকধৰাই “ফুড এণ্ড নিউট্ৰিছন” বিষয়ৰ লগত সংগতি ৰাখি ভীমকলৰ পৰা অভিনৱ কৌশলেৰে গুৰ প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More