আন্দামান সমুদ্রত ব্যাপক ‘কৰেল ব্লিচিং’

সমুদ্রৰ তাপমাত্রা বৃদ্ধিৰ কাৰণে প্রাকৃতিক পৰিৱর্তন

0 115
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ : আন্দামান সাগৰৰ উপকূলীয় এলেকাত ব্যাপক প্রবাল ব্লিচিং পোৱা গৈছে। জুলজিকেল চার্ভে অব ইণ্ডিয়াৰ নতুন এক সমীক্ষাত এই চাঞ্চল্যকৰ তথ্য উঠি আহিছে। তেনেদৰেই জনাইছে আইটিএছৰ ডিৰেক্টৰ ধৃতি বন্দ্যোপাধ্যায়ে। ব্লিচিং প্রায় ৮৩.৬ শতাংশ পর্যন্ত হৈছে। এলনিনো আৰু ২০১৬ চনত সমুদ্র পৃষ্ঠৰ তাপমাত্রা বৃদ্ধিৰ কাৰণে এই ধৰণৰ প্রাকৃতিক পৰিৱর্তন হৈছে বুলিও অনুমান কৰি হৈছে। জুলজিকেল চার্ভে অব ইণ্ডিয়াৰ বিজ্ঞানীসকলে এই বিষয়ক লৈ আৰু গৱেষণা চলাব। ইয়াৰ আগেয়েও এই বিষয়টো লৈ তেওঁলোকে গৱেষণা কৰিছে। ২০১৬ চনৰ পৰাই এই বিষয়টো লৈ গৱেষণা চলিছে। ২০১৬ চনৰ পৰাই এই ব্যাপক ব্লিচিঙৰ কাৰণে লাইভ কভাৰৰ প্রায় ২৩ শতাংশ হেৰাই গৈছে। গলেষকসকলে জনাইছে যে এই হ্ৰাস ধীৰে ধীৰে হৈছে।
২০২১ চনৰ এক গৱেষণাত প্রবাল কেলচিফিকেচনৰ দ্রুত হ্রাসৰ ফালে নির্দেশ কৰা হৈছে । কোৱা হৈছে বেছিভাগ তাপৰ কাৰণে এই প্রবাল প্রাচীৰ ক্ষয় গৈছে। এল-নিনোৰ ধ্বংসাত্মক প্রভাৱবোৰৰ কাৰণ হিচাবে এই সংস্যা সৃষ্টি হৈছে বুলিও অনুমান কৰিছে বিজ্ঞানীসকলে। ১৯৯৮ চনত বিশ্বৰ ১৬ শতাংশ ব্লিচিং হৈছে। ভাৰত মহাসাগৰ অঞ্চলত প্রায় ৭০ শতাংশ ৰিফৰ মৃত্যু হৈছে বুলিও ৰিপর্ট কৰা হৈছে। ২০১৬ চনত গ্রেট বেৰিয়াৰ ৰিফৰ পৰা মৃত প্রবালবোৰৰ ২২ শতাংশৰো বেছি প্রবালেই নষ্ট হৈ গৈছে। ইয়াৰ কাৰণে সমুদ্রত পৰিস্থিতিতন্ত্রৰ ব্যাপক ক্ষতি হৈছে। বিশেষজ্ঞ ধৃতি বন্দ্যোপাধ্যায়ে জনাইছে যে, এই ভঙ্গুৰ ইক’চিষ্টেমটোক ব্যাপক বিলুপ্তিৰ আগেয়ে সংৰক্ষণ কৰাৰ বাবে বিশ্বৰ প্রত্যেকজন মানুহেই সচেতন হ’ব লাগিব। ২০১৬ চনৰ এপ্রিলপর্যন্ত দ্বীপপুঞ্জটোৰ পৰা মুঠ ৮৩ শতাংশ প্রবাল হেৰাই গৈছে। এই তথ্য ৰেকর্ড কৰা হৈছে। দক্ষিণ আন্দামানৰ আন্দামান সাগৰ অঞ্চলত সর্বাধিক ৯১ শতাংশ ব্লিচিঙৰ ৰেকৰ্ড কৰা হৈছে। য’ত উত্তৰ আন্দামান অঞ্চলত এই পৰিমাণ আছিল ৮২ শতাংশ। এই এলেকাত এতিয়ালৈকে ৯১ শতাংশ ব্লিচিঙৰ ৰেকর্ড কৰা হৈছে। উত্তৰ আন্দামানৰ বঙ্গোপসাগৰ উপকূলৰ পৰা ব্লিচিঙৰ কোনো ৰেকর্ড নাছিল। কিন্তু আগৰেপৰাই দক্ষিণ আন্দামানত ব্লিচিং হৈছিল। 1653623078354
গৱেষণাটো ৪০ মিটাৰ গভীৰতাপর্যন্ত কৰা হৈছিল। প্রবালবোৰ সর্বাধিক ৩০ মিটাৰ গভীৰতাপর্যন্ত ক্ষতিগ্রস্ত হৈছে। প্রথম ৬ মিটাৰ পর্যন্ত ব্যাপক হাৰত ক্ষয় হৈছে। ১৫ মিটাৰ পর্যন্ত ক্ষতি হৈছে মাৰাত্মক। এই এলেকাৰ দায়িত্বপ্রাপ্ত বিজ্ঞানী তমাল মণ্ডলে কৈছে যে, জুলাইৰ পৰা ডিচেম্বৰ পর্যন্ত ২০১৬ চনত ব্লিচ কৰা প্রবালৰ পুনৰুদ্ধাৰ লক্ষ্য কৰা হৈছে। গৱেষণাৰ ভিত্তিত দেখা গৈছে আন্দামান গ্রুপৰ ব্লিচ কৰা প্রবালবোৰৰ ভিতৰত গড়ে ২৩ শতাংশ পুনৰুদ্ধাৰ কৰা সম্ভৱ হৈছে। সর্বোচ্চ আৰু সর্বনিম্ন পুনৰুদ্ধাৰ যথাক্রমে আন্দামান সাগৰ উপকূলৰ উত্তৰ আন্দামান অঞ্চলৰ পৰা বঙ্গোপসাগৰ উপকূলৰ দক্ষিণ আন্দামান পর্যন্ত ১৯ কিলোমিটাৰৰ বেছি এলেকাজুৰি ৰেকর্ড কৰা হৈছে। প্ৰবালবোৰ সজীৱ কৰি ৰখা আৰু পুনৰোদ্ধাৰ সম্পৰ্কে তমাল মণ্ডলে এনেদৰে কয়— “এইটো অনুমান কৰা হৈছে যে, বিলাসবহুল মেংগ্রোভে ইক’ষ্টিম তাপতৰঙ্গবোৰক বাফাৰ কৰিব। উত্তৰ আৰু মধ্য আন্দামানৰ প্রবালবোৰক মুক্ত আৰু স্বাস্থ্যকৰ ৰাখিব যদিও এইটো এতিয়াও কোনো গৱেষণাত প্রমাণিত হোৱা নাই। মেংগ্রোভবোৰ পানী বিশুদ্ধকাৰক হিচাপে পৰিচিত। তদুপৰি ক্ষতিকাৰক এগাল ফুলবোৰক পৰিষ্কাৰ কৰি ৰখাৰ বাবে পুষ্টি শোষণ কৰে। যি স্বাস্থ্যকৰ প্রবাল প্রাচীৰ পৰিস্থিতিতন্ত্রৰ এক অন্যতম চর্ত বুলিও অনুমান কৰা হৈছে।”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More