আপুনি উচ্চ ৰক্তচাপত ভুগি আছে ? আপোনাৰ শয়ন ভংগীমা কেনে হোৱা উচিত

0 82

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ মে’ : উচ্চ ৰক্তচাপ মুঠেই উপেক্ষা কৰাৰ দৰে কোনো বিষয় নহয়। ই যিকোনো মুহূর্ততে হার্ট এটেকৰ কাৰণ হ’ব পাৰে আৰু প্রাণহানিৰ আশঙ্কা পর্যন্ত দেখা দিব পাৰে। ৰক্তচাপ নিয়ন্ত্রণত ৰখাৰ বাবে অনেকেই নানা ধৰণৰ নিয়ম মানি চলে। খাদ্য গ্ৰহণৰ নিয়ম, পানী বেছিকৈ খোৱা, স্বাস্থ্যচর্চা, আনকি প্রয়োজনত নিয়মিত ঔষুধো সেৱন কৰে অনেকে। কিন্তু জানেনে যে, আপুনি শোৱাৰ সময়ত কিদৰে শুইছে, সেয়াও ৰক্তচাপ নিয়ন্ত্রণত ৰখাৰ ক্ষেত্রত গুৰুত্বপূর্ণ।

  •  টোপনি খুব দৰকাৰী
    ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবৰ বাবে ৬-৮ ঘণ্টা টোপনি খুবেই দৰকাৰী। ভাল টোপনিৰ বাবে সন্ধিয়াৰ পিছত কফি বা মদজাতীয় পানীয় ত্যাগ কৰা উচিত। লগতে সন্ধ্যাৰ পিছত এক্সাৰচাইজ বা যোগাসনৰ দৰে শৰীৰচর্চা কৰাৰ পৰা বিৰত থাকিব লাগে। শুবলৈ লোৱাৰ আধা ঘণ্টা আগৰে পৰা মোবাইল বা কম্পিউটাৰ চোৱা বন্ধ কৰা উচিত। এনে কোঠাত শোৱা উচিত, য’ত শব্দ খুব কম হয়। এয়া হৈছে টোপনি কিমান দৰকাৰী, সেই বিষয়ক কথা। কিন্তু কোন দিশে ঘূৰি শোৱা উচিত ৰক্তচাপৰ সমস্যাৰ পৰা আঁতৰত থাকিবলৈ? চিকিৎসকে তাৰো উপদেশ দিছে।
  • কেনেকৈ শুব
    বাওঁফালে ভৰি ঘূৰাই শুলে গোটেই শৰীৰত সহজে ৰক্ত প্রবাহিত হয়। ফলত ৰক্তচাপ নিয়ন্ত্রণত থাকে। অন্তঃসত্ত্বাসকলৰ ক্ষেত্রতো একেই কথা। তেওঁলোকে বাওঁফালে ঘূৰি শুলে, তেওঁলোকৰ ৰক্তচাপ নিয়ন্ত্রণত থাকে। অৱশ্যে তাৰ আগেয়ে চিকিৎসকৰ পৰামর্শ লোৱা উচিত। চিকিৎসকসকলৰ মত, এই বিষয়ে হাতত পাক্কা প্রমাণ নাথাকিলেও দেখা গৈছে যে, বাওঁফালে ঘূৰি টোপনি যোৱাটো সকলোতকৈ নিৰাপদ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More