আপুনি কান্দেনে কেতিয়াবা?
দাদুল দেৱকৃষ্ণ বৰুৱা
জীৱনৰ আৰম্ভণি হয় কান্দোনেৰে। জন্মৰ পৰা মৃত্যুলৈকে প্ৰায় সকলো উপলক্ষতে কান্দোন জড়িত হৈ থাকে। কান্দোন— কেতিয়াবা দুখত, কেতিয়াবা আনন্দত। কেতিয়াবা আমি অকাৰণতো কান্দো! কিমান কাহিনী, কিমান কবিতা, কিমান গান এই কান্দোন অথবা চকুলোক লৈ। কেতিয়াবা ভাবিছেনে আমি কেনেকৈ কান্দো? পিয়াঁজ কাটোটে ওলোৱা চকুলো, আনন্দৰ চকুলো আৰু দুখৰ চকুলোৰ মাজত পাৰ্থক্য কি? এই লেখাটো এনেবোৰ প্ৰশ্নৰ উত্তৰৰেই যুগুতাবলৈ চেষ্টা কৰা হৈছে।
কান্দোন হ’ল আৱেগৰ প্ৰতি সঁহাৰি জনাই চকুৰ মাজেৰে চকুলো বৈ যোৱা। চকুৰ ওপৰৰ পতাত চকুলো গ্ৰন্থিৰ স্থান। ইয়াৰ পৰাই চকুলোৰ উৎপত্তি হয়। চকুৰ ওপৰৰ অংশৰ কৰ্ণিয়া আৰু স্বেত-তন্তুত বহু সৰু সৰু অশ্রুনলী (tear ducts) থাকে। এই নলীৰ যোগেদি গোটেই চকুত চকুলো বিয়পি পৰে। এই প্ৰক্ৰিয়াত চকুলোৱে চকু আৰ্দ্ৰ কৰি ৰাখে। অশ্ৰুনলী নাকৰ গহ্বৰলৈকে বিস্তৃত হৈ থাকে। যেতিয়া কোনো প্ৰবল আৱেগে আমাক গতিশীল কৰে অৰ্থাৎ আৱেগৰ বিস্ফোৰণ ঘটে, চকুৰ পৰা আৰু নাকৰ পৰা পানী বৈ যায়। ইয়াকে কোৱা হয় ‘চকুৰ পানীয়ে নাকৰ পানীয়ে এক হোৱা’।
মনোবিজ্ঞানীসকলে এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ গৱেষণা কৰিছে যে ভালদৰে কান্দিব পৰাটোৱে কোনো মনোশাৰীৰিক প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে নেকি, বা কান্দোনৰ ধৰণ সংস্কৃতি আৰু লিংগ অনুসৰি পৃথক হয় নেকি। তেওঁলোকৰ গৱেষণাই সমাজ বিজ্ঞান, মনোবিজ্ঞান, স্নায়ু বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা কান্দোনৰ বিষয়ে আমাৰ উপলব্ধি গভীৰ কৰাত সহায় কৰিব পাৰে।
পুৰুষতকৈ মহিলাই নিশ্চয় বেছিকৈ কান্দে। ‘জাৰ্মান ছ’চাইটি অৱ অফথালম’লজি’ৰ এক অধ্যয়নত দেখা গৈছে যে বছৰত মহিলাসকলে গড়ে ৩০ৰ পৰা ৬৪ বাৰ আৰু পুৰুষে গড়ে ৬ৰ পৰা ১৭ বাৰ কান্দে। ৬৫% মহিলাই উচ্চস্বৰে কান্দে। পুৰুষ কান্দোনৰ ক্ষেত্ৰত বহু পিছ পৰি আছে! মাত্ৰ ৬% পুৰুষেহে উচ্চস্বৰে কান্দে। কিয় এই পাৰ্থক্য?
শৰীৰতাত্ত্বিক দিশৰ পৰা ক’বলৈ গ’লে পুৰুষৰ শৰীৰত থকা টেষ্টষ্টেৰন হৰম’নে কান্দোন দমন কৰি ৰাখে। আনহাতে মহিলাৰ শৰীৰত প্ৰ’লেক্টিন থাকে। প্ৰ’লেক্টিনৰ উপস্থিতিৰ বাবে মহিলাসকলৰ অধিক কান্দোনৰ প্ৰৱণতা থাকে। কিন্তু আপোনাৰ কান্দোন বা কান্দিব নোৱৰাৰ বাবে কেৱল এই দুটা হৰম’নৰ উপস্থিতি সম্পূৰ্ণৰূপে দায়ী নহয়। মূলতঃ তিনি প্ৰকাৰৰ কান্দোন আৰু কান্দোনৰ প্ৰকাৰ আৰু কান্দোনৰ লগত জড়িত ৰাসায়নিক পদাৰ্থৰ ক্ষেত্ৰত প্ৰতিটো প্ৰকাৰৰ কান্দোনৰ ভিন্নতা থাকে।
কান্দোনৰ প্ৰকাৰ
চকুৰ অশ্ৰু গ্ৰন্থিয়ে প্ৰটিন সমৃদ্ধ বেক্টেৰিয়ানাশক তৰল পদাৰ্থ নিঃসৰণ কৰে। চকু দুটা টিপটিপিয়ালে এই তৰল পদাৰ্থ সমগ্ৰ চকুত বিয়পি পৰে। এনে চকুলোক বেচেল টিয়াৰ (basal tears) বোলা হয়। ফলত আমাৰ চকু দুটা সদায় আৰ্দ্ৰ আৰু সুৰক্ষিত হৈ থাকে।
পিয়াঁজ কটা সময়ৰ কান্দোন। এই চকুলোবোৰক ৰিফ্লেক্স টিয়াৰ (reflex tears) বোলা হয়। ৰিফ্লেক্স টিয়াৰে চকুক বায়ু, ধোঁৱা আৰু অন্যান্য ৰাসায়নিক পদাৰ্থৰ দৰে ক্ষতিকাৰক পদাৰ্থৰ পৰা ৰক্ষা কৰে। ফলত হঠাৎ চকুত পৰা মলি, পোক-পৰুৱা আদি চকুৰ পৰা ওলাই আহে।
তৃতীয় প্ৰকাৰৰ কান্দোন হ’ল প্ৰাকৃতিক কান্দোন (physic tears)। ই আৱেগিক কান্দোন। এনেধৰণৰ কান্দোনৰ ফলস্বৰূপে চকুৰ পৰা বৰষুণৰ দৰে চকুলো সৰিবলৈ ধৰিলে! এই কান্দোনৰ কাৰণ হ’ল মানসিক চাপ, হতাশা, বিষণ্ণতা। বেছিকৈ হাঁহিলেও কেতিয়াবা চকুলো ওলায়। এয়াও এক আৱেগজড়িত কান্দোন।
সুখী চকুলোৱে শৰীৰৰ আৱেগিক ভাৰসাম্য পুনৰ ঘূৰাই আনে বুলি বিজ্ঞানীসকলে বিচাৰি উলিয়াইছে। ইয়েল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা পৰীক্ষাত এই কথা জানিব পাৰিছে যে যিসকল লোকে ইতিবাচক বাতৰিৰ প্ৰতি নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁলোকে নিজৰ আৱেগক দ্ৰুতভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
এই বিভিন্ন ধৰণৰ চকুলোবোৰ দেখাত একেইনে? উত্তৰটো হ’ল নহয়। ফটোগ্ৰাফাৰ ৰজলিন ফিচাৰে তেওঁৰ নতুন প্ৰজেক্ট ‘ট’প’গ্ৰাফী অৱ টিয়াৰ্ছ’ৰ কাম কৰি থাকোঁতে চকুলোৰ বিষয়ে এক আচৰিত তথ্য আৱিষ্কাৰ কৰে। তেওঁ নিজৰ চকুলো স্লাইডত থৈ শুকুৱাই লৈছিল। তাৰ পিছত অণুবীক্ষণ যন্ত্ৰৰে পৰ্যবেক্ষণ কৰিছিল। পৰ্যবেক্ষণৰ পিছত তেওঁ নিজৰ অনুভৱ প্ৰকাশ কৰিলে এনেদৰে– “সঁচাকৈয়ে মজা লাগিল। দেখি এনে লাগিছিল যেন বিমানৰ পৰা দেখা তলৰ দৃশ্যহে।” ফিচাৰে বছৰ বছৰ ধৰি এটা ফটোগ্ৰাফী প্ৰজেক্ট চলাইছিল যাতে বিভিন্ন ধৰণৰ চকুলো একে দেখা যায় নেকি সেইটো নিৰ্ণয় কৰিব পৰা যায়। নিজৰ আৰু অন্যান্য স্বেচ্ছাসেৱকৰ পৰা এশৰো অধিক চকুলোৰ নমুনা সংগ্ৰহ কৰিছিল। সেইবোৰ পৰীক্ষা কৰি ফটো তুলিছিল। তাৰ ভিতৰত নৱজাত শিশুৰ চকুলোও আছিল। তেওঁ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰা চকুলোৰ গঠন সাধাৰণতে স্ফটিকাকাৰ লৱণ আছিল। কিন্তু বিভিন্ন আৱেগিক অৱস্থাত পানীৰ অণুবীক্ষণিক পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ইহঁতৰ আকৃতি আৰু গঠন বেলেগ বেলেগ। একে ৰাসায়নিক গঠন থকা দুজনৰ প্ৰাকৃতিক চকুলো বেলেগ আছিল। ধৰি লওক আপুনি আনন্দত কান্দিছে আৰু আপোনাৰ বন্ধুৱে দুখত কান্দিছে, এই দুই চকুলোৰ গঠন বেলেগ ধৰণৰ দেখা যাব। ইহঁতৰ আঠালেতীয়াতা, গঠন, বাষ্পীভৱনৰ হাৰ আৰু বহু কথাত পাৰ্থক্য থাকিব।
ফিচাৰৰ গৱেষণা আৰু পৰ্যবেক্ষণৰ পৰা দেখা গৈছে যে বিভিন্ন কোণৰ পৰা শুকান চকুলোৰ স্লাইড আকাশৰ পৰা দেখা বৃহৎ দৃশ্যৰ দৰে। সেইবাবেই তেওঁ ইয়াক ‘মনোভূখণ্ডৰ অন্তৰীক্ষ দৃশ্য’ বুলি অভিহিত কৰিছিল।
কান্দোনৰ লগত জড়িত হৰম’ন
প্ৰ’লেক্টিন আৰু টেষ্টষ্টেৰনৰ উপৰি আন আন হৰম’ন আৰু নিউৰ’ট্ৰান্সমিটাৰে কান্দোনত ভূমিকা পালন কৰে। তেনে এটা হৰম’ন হ’ল চেৰ’টনিন। অধ্যয়নত দেখা গৈছে যে প্ৰসৱৰ পিছত শৰীৰত ট্ৰিপট’ফেন কমি যায়। ট্ৰিপ্ট’ফেনে চেৰ’টনিনৰ নিঃসৰণ ত্বৰান্বিত কৰে। ট্ৰিপ্ট’ফেন হ্ৰাস পালে আৱেগিক ভাৰসাম্যহীনতা আৰু কান্দোনৰ প্ৰৱণতা বৃদ্ধি পায়। প্ৰেমত পৰিলে ট্ৰিপ্ট’ফেনো কম হয়। সেইবাবেই দেখা যায় যে প্ৰেমত পৰি থকা নাৰীসকলে বেছিকৈ কান্দে।
কান্দোন উপকাৰী নেকি?
হয়, উপকাৰী। কান্দিলে আমাৰ কেনে উপকাৰ হ’ব পাৰে চাওঁ আহক। পিটুইটাৰী গ্ৰন্থিৰ পৰা ATCH (Adrenocorticotropic hormone) নিঃসৰণ হয়। ইয়াৰ প্ৰভাৱত এড্ৰিনেল গ্ৰন্থিৰ পৰা কৰ্টিছল উৎপন্ন হয়। কাৰ্টিছলে ৰক্তচাপ বৃদ্ধি কৰে। তেজৰ চেনি বৃদ্ধি কৰে যাৰ ফলত আমাৰ উশাহ-নিশাহৰ হাৰ বৃদ্ধি পায়। আন বিভিন্ন শাৰীৰিক পৰিৱৰ্তনে আমাক কাম কৰিবলৈ উদ্বুদ্ধ কৰে। ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হয়। এই মানসিক চাপ কমোৱাৰ বাবে কান্দোনেই উত্তম অস্ত্ৰ।
কান্দোনৰ পিছত শান্ত হোৱাৰ অনুভৱৰ অভিজ্ঞতা প্ৰায় সকলোৰেই আছে। কাৰণ কান্দিলে অতিৰিক্ত ATCH মুক্ত হয় আৰু কৰ্টিছলৰ মাত্ৰা কমি যায়। ফলত চাপ কমি যায়। আমাৰ শৰীৰৰ আন এটা এন্টি-ষ্ট্ৰেছ উপাদান হ’ল লিউচিন এনকেফালিন (leucine enkephalin)। আৱেগজনিত অশ্ৰুৰ লগত ই নিঃসৃত হয়। বেদনা কমায় আৰু মেজাজ উন্নত কৰে। লিউ এনকেফালিনে আমি পেইন-কিলাৰ হিচাপে গ্ৰহণ কৰা ঔষধৰ দৰেই কাম কৰে।
বিভিন্ন বয়সত কান্দোন
প্ৰথমে শৈশৱলৈ চাওক। নৱজাত শিশুৱে কান্দিলে চকুলো নোলায়। যদি অলপ ডাঙৰ হয়, তেতিয়া চকুলো নিগৰে। কেঁচুৱাৰ বাবে কান্দোন এটা যোগাযোগৰ মাধ্যম। ভোক বা টোপনি বা বিষ হ’লে কান্দি উঠে। শিশুটি যদি অলপ ডাঙৰ হয়, ধৰক ১০ মাহত, মনোযোগ বিচাৰি কান্দি উঠে। এজন নিপুণ অভিনেতাৰ দৰে এই কান্দোনক মায়া-কান্দোন বুলি কোৱা হয়। যৌৱনকালত টেষ্টষ্টেৰন আৰু প্ৰজেষ্টেৰন নিঃসৰণ হয়। এই সময়ছোৱাত ছোৱালীবোৰে বেছিকৈ কান্দে। ল’ৰাবোৰে যথেষ্ট কম কান্দে। ছোৱালীয়ে বেছি কান্দিব পৰা আন এটা কাৰণ হ’ল তেওঁলোকৰ চকুলোৰ নলী ল’ৰাতকৈ চুটি। সেইবাবেই চকুলো সোনকালে ওলায়। প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে কান্দোনৰ ধৰণ সলনি হয়। ইয়াৰ কাৰণ হ’ল টেষ্টষ্টেৰন আৰু প্ৰজেষ্টেৰনৰ মাত্ৰাৰ পৰিৱৰ্তন।
বিভিন্ন সংস্কৃতিত কান্দোন
সংস্কৃতিভেদে কান্দোনৰ ভিন্নতা থাকে। উদাহৰণস্বৰূপে পশ্চিমীয়া সমাজত কান্দোনক ইতিবাচকভাৱে লোৱা হয় যদিও এছিয়াৰ সমাজত বিশেষকৈ ল’ৰাৰ ক্ষেত্ৰত কান্দোনক দুৰ্বলতা বুলি গণ্য কৰা হয়। এক সমীক্ষা অনুসৰি চীন আৰু ঘানাৰ লোকতকৈ আমেৰিকা আৰু ইটালীৰ মানুহে বেছি কান্দে।অন্ত্যেষ্টিক্ৰিয়াত কান্দোনৰ প্ৰকাৰৰ পাৰ্থক্যও দেখা যায়। উদাহৰণস্বৰূপে ফিজিত মৃতদেহটো সমাধিস্থ নোহোৱালৈকে কান্দিব নোৱাৰি। ইৰাণত আকৌ জোৰেৰে কান্দিবলৈ কোনো সমস্যা নহয়। কান্দোন ধৰ্মৰ ফালৰ পৰাও বেলেগ। উদাহৰণস্বৰূপে ইছলামত কান্দোনক গুৰুত্ব দিয়া হৈছে। আকৌ বৌদ্ধ ধৰ্মত কান্দোনৰ অনুমতি নাই।
কিমান কান্দোন স্বাভাৱিক?
কেঁচুৱাই দিনটোত তিনি ঘণ্টা কান্দি থকাটো স্বাভাৱিক। ইয়াতকৈ বেছি কান্দিলে চিকিৎসাৰ প্ৰয়োজন হয়। ঠাণ্ডা বা আন কোনো সমস্যাৰ বাবে এনে হ’ব পাৰে। প্ৰাপ্তবয়স্কৰ কান্দিবলৈ সময় নাই। কান্দোনৰ পৰিমাণ বহু পৰিমাণে এজন ব্যক্তিৰ পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয়।
আপুনি কিমান কান্দিছে সেই কথাই বুজাইছে আপুনি মানসিকভাৱে কিমান সুস্থ। অত্যধিক কান্দোন হতাশাৰ লক্ষণ হ’ব পাৰে। আকৌ একেবাৰে কান্দিব নোৱৰা বা কম কান্দিলেও তীব্ৰ হতাশাৰ লক্ষণ হ’ব পাৰে। এই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে নেদাৰলেণ্ডৰ গৱেষকসকলে এই দাবীৰ কোনো শক্তিশালী প্ৰমাণ পোৱা নাই যে বেছিকৈ কান্দিলে বা কমকৈ কান্দিলে হতাশাৰ লক্ষণ বুলি ক’ব পৰা যায়।
যেতিয়া কান্দোন আৱেগতকৈ বেছি হয়
কোনোবাই আপোনাক অশ্ৰুসজল নয়নেৰে দেখিছে মানেই এনে নহয় যে আপুনি অধিক আৱেগপ্ৰবণ হৈ পৰিছে! শৰীৰৰ আন কোনো সমস্যাৰ বাবেও এনে হ’ব পাৰে। চকুলোৰ নলী বন্ধ হ’লেও আপোনাৰ চকু দুটাত বানপানী হ’ব পাৰে। বাৰ্ধক্য, আঘাত, সংক্ৰমণ, প্ৰদাহৰ বাবে এনে হ’ব পাৰে। এনে কান্দোনৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। ইয়াক পেথ’লজিকেল কান্দোন বোলা হয়। কিছুমান ৰোগ যেনে ষ্ট্ৰোক, এলঝেইমাৰ, মাল্টিপল চিৰ’ছিছ আদি ৰোগতো চকুপানী ওলাব পাৰে। এনে অত্যধিক কান্দোন বাহ্যিক বা আভ্যন্তৰীণ উদ্দীপনা অবিহনে হ’ব পাৰে বুলি গৱেষকসকলে কয়। তেনে ক্ষেত্ৰত মগজুত চেৰ’টনিনৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে দোষাৰোপ কৰিব পাৰি। কাৰণ, কান্দোন ৰোগজনিত নহ’লে চিকিৎসাৰ প্ৰয়োজন নহয়।
শেষত ক’ব পাৰি যে আৱেগেৰে কান্দিব পৰা একমাত্ৰ প্ৰাণী মানুহ। কান্দোন কেৱল মানুহৰ এক অনন্য বৈশিষ্ট্যই নহয়, মানুহক মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ ইয়াৰ বৃহৎ শক্তি আছে। মন খুলি কন্দা কান্দোনে আমাক সুস্থ আৰু মানসিক চাপমুক্ত হৈ থাকিবলৈ সহায় কৰে। কান্দোন কোনো দুৰ্বলতা নহয়, ই এক শক্তি। গতিকে, কান্দিলে মুকলিকৈ কান্দক। সুস্থ হৈ থাকক।