আপোনাৰ ভিটামিন ডিৰ অভাৱ হৈছে নেকি? কেনেকৈ গম পাব

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ আগষ্ট : ভিটামিন ডিৰ অভাৱ যিকোনো বয়সৰ, যিকোনো লিংগৰ লোকৰ ক্ষেত্ৰত হ’ব পাৰে। কিন্তু শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছেনে নাই কেনেকৈ জানিব? শৰীৰত ভিটামিন ডি কম হ’লে কি হয় জানেনে? চাওঁ আহক।

* ভিটামিন ডি কম হ’লে কি হ’ব পাৰে?
• ডিঙি, কঁকাল, পিঠিত যন্ত্ৰণাদায়ক বিষ।
• পেশীবোৰ টান হৈ পৰিব পাৰে, বিষো হ’ব পাৰে।
• প্ৰতিটো গাঁঠিতে বিষ অনুভৱ কৰা হয়, কিয়নো শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লে হাড় ক্ষয় হয়। আনকি হাড় ভাঙিব পাৰে। হাড় গঠনৰ ক্ষতি হ’ব পাৰে।
• আপুনি হতাশাত ভূগিব পাৰে। আপুনি হয়তো উদ্বিগ্নতাত ভূগিব পাৰে।
• হঠাতে ওজন বাঢ়িব পাৰে।
• ঘাঁ শুকুৱাবলৈ সময় লাগে।
• অস্বাভাৱিকভাৱে চুলি সৰিব পাৰে।
• কম কাম কৰি ভাগৰুৱা অনুভৱ কৰা।
যদি আপুনি শৰীৰত এই লক্ষণবোৰ লক্ষ্য কৰে তেন্তে সজাগ হওক। চিকিৎসকৰ পৰামৰ্শ লওক আৰু ভিটামিন ডি পৰীক্ষা কৰক।

* সঠিক পৰিমাণৰ ভিটামিন ডিৰ বাবে কি কৰিব?
ভিটামিন ডি পাবলৈ আমি উপযুক্ত খাদ্য খাব লাগিব য’ত খনিজ পদাৰ্থ থাকে। সূৰ্যৰ পোহৰত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে। লগতে গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী বেছিকৈ খাব লাগে। মাছ, মাংস, কণীৰ কুহুম খাব লাগে। পুৱা গা ধুই উঠি তিতা গাৰে পিঠিত ৰদ লব লাগে। ফ্লেটত দিনটো সোমাই থকা মানুহৰ ডি ভিটামিন হ্ৰাস পোৱা দেখা যায়, সেয়ে মুকলিত ৰদ লোৱা বা পিঠিত ৰদ পেলাই কাম কৰিলেও ভিটামিন ডি শৰীৰে লাভ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More