আপোন গাঁওখনলৈ আহি নষ্টালজিক হৈ পৰিল জীয়ৰীসকল

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২২ জুলাইঃ দেওবাৰৰ দিনটো গীত-মাতে মুখৰিত হৈ পৰে উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৱৰ্তী সোণাৰী গাঁও৷ এক আনন্দ মুখৰ পৰিৱেশত আপোন গাঁওখনত উপস্থিত হৈ সোণাৰী গাঁৱৰ জীয়াৰীসকলে শৈশৱ স্মৰণ কৰি নষ্টালজিক হৈ পৰে৷ সুৰ্দীঘ ১৫ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ গৃহ জিলাখনৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জীৱন জীৱিকাৰে প্ৰতিষ্ঠা লভা সোণাৰী গাঁৱৰ জীয়ৰীসকলক একত্ৰিত কৰি তেওঁলোকৰ কৰ্মৰাজি উদ্ভাসিত কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্যেৰে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে জীয়ৰী ‘সন্মিলন’ খন অনুষ্ঠিত হৈ যায়৷ বৃহত্তৰ সোণাৰী গাঁৱৰ অনিমাই দত্ত আৰু পুতু দত্তৰ সহযোগত আপোন গাঁওখনত উপস্থিত হৈ জীয়ৰী সন্মিলনত অংশ গ্ৰহণ কৰি সকলোৱে আনন্দত আত্মহাৰা হৈ পৰে৷ তেওঁলোকে অনুষ্ঠানত অন্তৰংগ আলাপ, কবিতা আবৃতি, নৃত্য-গীত পৰিবেশন কৰি গাঁওখনৰ হৰিমন্দিৰ প্ৰাঙ্গনত সমবেত হোৱা গাঁওবাসীক আপ্লুত কৰি তোলে৷ গাঁওবাসীয়ে জীয়ৰীসকলৰ এনে ব্যতিক্ৰমী পদক্ষেপত আনন্দ প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More