আফ্ৰিকাত আৱিষ্কাৰ বিশ্বৰ সৰ্ববৃহৎ গোলাপী হীৰা

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ অক্টোবৰ : আফ্ৰিকাত পোৱা বিশ্বৰ আটাইতকৈ ডাঙৰ বিৰল গোলাপী ৰঙৰ হীৰাই আটাইতকৈ ডাঙৰ হীৰা নে আটাইতকৈ ডাঙৰ হীৰাবোৰৰ ভিতৰৰ এটুকুৰা সেই সম্পৰ্কে বিশেষজ্ঞসকলৰ মাজত মতানৈক্য আছে। কিন্তু এটা কথা সকলোৱে নিশ্চিত যে যোৱা ৩০০ বছৰত গোলাপী ৰঙৰ হীৰাৰ এয়ে প্ৰথম আৱিষ্কাৰ। মধ্য আফ্ৰিকাৰ এংগোলাৰ লুলো খনিৰ পৰা উদ্ধাৰ কৰা হৈছে ১৭০ কেৰেটৰ অকাটা গোলাপী ৰঙৰ হীৰাডোখৰ। বিশেষজ্ঞসকলৰ মতে এই হীৰা বিশ্বৰ ভিতৰতে অন্যতম বিৰল হীৰা। সাধাৰণতে বিশুদ্ধতা আৰু বিৰলতাৰ ভিত্তিত ৰত্নৰ শ্ৰেণীবিভাজন কৰা হয়। সেই ক্ষেত্ৰত ‘টাইপ ২এ’ জাতীয় হীৰা আটাইতকৈ বিশুদ্ধ। উদ্ধাৰ কৰা গোলাপী ৰঙৰ হীৰাডোখৰ ‘টাইপ ২এ’ জাতৰ। এই বিৰল গোলাপী ৰঙৰ হীৰাডোখৰৰ নাম ‘লুলু ৰ’জ’ ৰখা হৈছে। লুলো খনিটো এংগোলা চৰকাৰ আৰু আফ্ৰিকাৰ লুকাপা ডাইমণ্ড কোম্পানীৰ মালিকানাধীন। গতিকে এই গোলাপী হীৰাৰ ওপৰত দুয়োটা পক্ষৰ অধিকাৰ আছে।

* গোলাপী ৰঙৰ হীৰা কি?
হীৰাৰ ৰং সাধাৰণতে বগা হয়। কিন্তু বিশেষজ্ঞসকলে কয় যে চৰম চাপ আৰু উষ্ণতাত বগা হীৰাবোৰ ক্ৰমান্বয়ে গোলাপী ৰঙৰ হৈ পৰে। তেনে ক্ষেত্ৰত এই গোলাপী ৰঙৰ হীৰা অতি বিৰল।

* দাম কেনেকুৱা?
গোলাপী ৰঙৰ হীৰাৰ দাম আকাশলংঘী। বিশেষজ্ঞসকলৰ মতে, পিংক ষ্টাৰ নামৰ এটুকুৰা ৫৯.৬ কেৰেটৰ গোলাপী ৰঙৰ হীৰা ২০১৭ চনত বৰ্তমানৰ মূল্যত প্ৰায় ৫৮৮ কোটি টকাত বিক্ৰী হৈছিল। সেই ক্ষেত্ৰত লুলু ৰ’জ হীৰাৰ ওজন দুগুণতকৈও অধিক, গতিকে ইয়াৰ দামো আকাশলংঘী হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More